ETV Bharat / entertainment

দুই ৰঙৰ দুপাত জোতা পিন্ধি জিলিকি উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰৰ চৌহদত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে ৰজত কমল বঁটাপ্ৰাপক সংগীত পৰিচালক অনুৰাগ শইকীয়াই ৷

Statue of artist Zubeen Garg unveiled in Moran with traditional rituals
জিলিকি উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : July 8, 2026 at 5:15 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: প্ৰাণৰ শিল্পীগৰাকীক পাহৰে কেনেকৈ ? তেওঁক নিজৰ মাজতে জীয়াই ৰখাৰে যে আপ্ৰাণ চেষ্টা অনুৰাগীৰ ! অসমবাসীৰ মাজৰ পৰা আঁতৰি যোৱাৰ পাছৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অনুৰাগীয়ে সেৱা যাচিছে ৷ বুধবাৰে মৰাণতো উন্মোচন কৰা হ'ল অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি ।

মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত মাংগলিক নীতি-নিয়মেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে জনপ্ৰিয় সংগীত পৰিচালক, ৰজত কমল বঁটাপ্ৰাপক অনুৰাগ শইকীয়াই । জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে মৰাণৰ ভাস্কৰ্য শিল্পী চন্দন গগৈয়ে ।

জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন (ETV Bharat Assam)

মন কৰিবলগীয়া যে জুবিন গাৰ্গে দুই ৰঙৰ জোতা পিন্ধাৰ দৰে প্ৰতিমূৰ্তিটোতো দুই ৰঙৰ দুপাত জোতা পিন্ধোৱা হৈছে ৷ মৰাণৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী ওম প্ৰকাশ গাৰোডিয়াই প্ৰতিটো প্ৰজন্মৰ মাজত প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যেৰে প্ৰতিমূৰ্তিটো আগবঢ়াইছে ।

Statue of artist Zubeen Garg unveiled in Moran with traditional rituals
মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰৰ চৌহদত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি (Photo : ETV Bharat Assam)

বুধবাৰে উন্মোচনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, লোকসংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়া, আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞাকে ধৰি মৰাণৰ জ্যেষ্ঠ নাগৰিক, শিল্পী, সাহিত্যিকসহ শতাধিক লোক উপস্থিত থাকে । প্ৰতিমূৰ্তি উন্মোচনৰ লগত সংগতি ৰাখি মৰাণ মিলিত শিল্পী সমাজৰ উদ্যোগত এখনি উন্মোচনী সভা অনুষ্ঠিত হয় ।

Statue of artist Zubeen Garg unveiled in Moran with traditional rituals
সংগীত পৰিচালক অনুৰাগ শইকীয়াই জনাইছে সেৱা (Photo : ETV Bharat Assam)

প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সংগীত পৰিচালক অনুৰাগ শইকীয়াই কয়, "জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰাটো আমাৰ বাবে আৱেগিক মুহূৰ্ত । মোৰ এতিয়াও বিশ্বাস নহয় যে তেওঁ আমাৰ মাজত নাই । মৰাণৰ ৰাইজক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা কাম কৰাৰ বাবে । আমি এনেদৰেই জুবিন গাৰ্গৰ স্মৃতি আগবঢ়াই নিব লাগিব । জুবিন গাৰ্গৰ প্ৰতি যাতে মৰম আন্তৰিকতা চিৰযুগমীয়া হৈ থাকে । তেওঁ আমাৰ বাবে যিখিনি কৰি গ'ল আমি তেওঁৰ বাবে সিমান কৰিব নোৱাৰিম, কিন্তু তেওঁক মৰমেৰে জীয়াই ৰাখিব লাগিব ৷"

Statue of artist Zubeen Garg unveiled in Moran with traditional rituals
মৰাণত উপস্থিত ৰজত কমল বঁটা প্ৰাপক সংগীত পৰিচালক অনুৰাগ শইকীয়া (Photo : ETV Bharat Assam)
Statue of artist Zubeen Garg unveiled in Moran with traditional rituals
প্ৰতিমূৰ্তি উন্মোচন কৰে ৰজত কমল বঁটা প্ৰাপক সংগীত পৰিচালক অনুৰাগ শইকীয়াই (Photo : ETV Bharat Assam)

আনহাতে শিল্পী বিপিন চাউদাঙে ক’লে, "অসমৰ আকাশে-বতাহে, পূবে-পশ্চিমে উত্তৰে-দক্ষিণে এটাই কথা- জয় জুবিন দা ৷ জুবিন গাৰ্গক অসমে পূণ্যাত্মা বুলি ইতিমধ্যে ভাবি লৈছে ৷ তেওঁৰ সমাধি ক্ষেত্ৰলৈ গ’লে অনুভৱ হয় এটা পৱিত্ৰ স্থান নতুবা তীৰ্থস্থানলৈ যোৱাৰ দৰে ৷ মৰাণত আজি এটা পূণ্য কাম সম্পন্ন হৈছে, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হৈছে ৷"

লগতে পঢ়ক : মই অসমৰ কথা কোৱা নাই, তেওঁ হিন্দুস্তানৰ মানুহৰ প্ৰিয় আছিল: বিবেক সিন্হা