ETV Bharat / entertainment

পাইৰেচী অসমীয়া ছবিজগতৰ বাবে অশুভ লক্ষণ, পাইৰেচীয়ে জুবিনৰ সপোনক আঘাত হানিছে : ৰাজেশ ভূঞা

তেওঁলোক জন্মান্ধ; কিন্তু মনৰ বিশালতা অপৰীসীম, যোৰহাটৰ ইলি ছবিগৃহত এদল বিশেষভাৱে সক্ষম শিক্ষাৰ্থীয়ে উপভোগ কৰিলে জুবিনৰ ৰৈ ৰৈ বিনালে ৷

specially abled people watch zubeen garg film roi roi binale in jorhat
যোৰহাটৰ ইলি ছবিগৃহত বিশেষভাৱে সক্ষম লোকে উপভোগ কৰিলে ৰৈ ৰৈ বিনালে (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 11, 2025 at 1:23 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : তেওঁলোক জন্মান্ধ, কিন্তু মনৰ বিশালতা অপৰীসীম । সংস্কৃতি আৰু সংগীত হৃদয়ৰ দৃষ্টিৰে উপভোগ কৰিব জানে তেওঁলোকে । সেই কাৰণতেই হয়তো বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশালতা ।

সোমবাৰে যোৰহাটৰ ইলি ছবিগৃহত পুৱাই দেখিবলৈ পোৱা গ'ল এটা মন ভৰি যোৱা দৃশ্য । যোৰহাটৰ প্ৰতিবন্ধী বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু উজনি অসমৰ প্ৰতিবন্ধীসকলে মুখত জুবিন দাৰ সৃষ্টি লৈ উপভোগ কৰিবলৈ আহিল "ৰৈ ৰৈ বিনালে"।

পৰিচালক ৰাজেশ ভূঞাৰ ভাষ্য (ETV Bharat Assam)

যোৰহাটৰ যুৱ সমাজকৰ্মী সিদ্ধাংকু অংকুৰ বৰুৱাই নেতৃত্ব দি লৈ আহিল এইসকল সাংঘাটিক মানসিক শক্তিৰ গৰাকী বিশেষভাৱে সক্ষম শিক্ষাৰ্থীক । সকলোৱে অনুভৱ কৰিলে ৰৈ ৰৈ বিনালে আৰু ক’লে, “জুবিন দা আমাৰ প্ৰিয় আছিল, জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে ।” কণমানি শিক্ষাৰ্থীয়ে গুণগুণালে জুবিনৰ ৰৈ ৰৈ বিনালে আৰু মায়াবিনী শীৰ্ষক গীত দুটি ।

আনহাতে দৃষ্টিহীন প্ৰতিবন্ধীসকল (বিশেষভাৱে সক্ষম)ক সংগ দি জুবিনৰ সপোনৰ ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয়, “জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নথকা ৫৩ দিন হ'ল ৷ জুবিন গাৰ্গে যি সপোন দেখি গৈছিল, সেয়া পূৰণ কৰিবলৈ অসমবাসী ৰাইজ পাৰভাঙি ওলাই আহিছে ৷ জুবিনৰ শেষৰ বুলি নকও, নতুন ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিবলৈ । আজিৰ দিনটোত জুবিন গাৰ্গ ইলি চিনেমা হলত সোঁ-শৰীৰে বিশেষভাৱে সক্ষমসকলৰ সৈতে উপস্থিত থকাৰ কথা আছিল, কিন্তু আজি তেওঁ সোঁ-শৰীৰে উপস্থিত থাকিব নোৱাৰিলে, সেয়েহে আজি এই অনুষ্ঠানটোত তেওঁক মই প্ৰতিনিধিত্ব কৰিছোঁ ।”

piracy
যোৰহাটৰ ইলি ছবিগৃহত বিশেষভাৱে সক্ষম লোকে উপভোগ কৰিলে ৰৈ ৰৈ বিনালে (Photo : ETV Bharat Assam)

ভূঞাই লগতে কয়, “সংস্কৃতি আৰু সংগীত বুজিবলৈ চকুৰ প্ৰয়োজন নাই, আছে শুদ্ধ হৃদয় আৰু মনৰ প্ৰয়োজন । জুবিন গাৰ্গে ছবিখনৰ জৰিয়তে যিটো কথা ক’ব বিচাৰিছিল, প্ৰতিবন্ধী লোকসকলো ঠিক তেনেদৰে আগবাঢ়ি আহিছে । জুবিন গাৰ্গৰ সপোনক নিজৰ মনৰ চকুৰে, নিজৰ অন্তৰেৰে চাবলৈ আহিছে, সেইটো আমাৰ বাবে ডাঙৰ কথা । অসমবাসীয়ে জুবিন গাৰ্গক বুকুত আকোঁৱালি লৈছে, মনত স্থান দি ৰাখিছে ।”

জুবিন গাৰ্গৰ সপোনৰ ছবিখনক লৈ কৰা পাইৰেচী সন্দৰ্ভত ৰাজেশ ভূঞাই কয়, “পাইৰেচী মোৰ বাবে নহয়, অসমীয়া ছবিজগতৰ বাবে অশুভ লক্ষণ ৷ ইয়াৰ আগতে এনেধৰণৰ পাইৰেচী হোৱা নাছিল, জুবিন গাৰ্গে সদায় বিচাৰিছিল অসমীয়া ছবিয়ে বিশ্বদৰবাত স্থান পাওঁক । ছবিখন সুন্দৰভাৱে চলি থকা সময়ত একাংশ দুষ্কৃতিকাৰীয়ে এই ছবিখন পাইৰেচী কৰি তেওঁ সপোনত আঘাত হানিছে, সঁচাকৈ তেওঁলোকে বেয়া কাম কৰিছে, ইতিমধ্যে আমি ক্ৰাইম ব্ৰান্সত অভিযোগ দিছোঁ, তেওঁলোকে নিশ্চয় আমাক সহায় কৰিব ।"

পৰিচালকে সকলোকে পাইৰেচীক গুৰুত্ব নিদি ছবিগৃহলৈ আহি ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : জুবিনৰ সপোনৰ ছবিৰ পাইৰেচী; চাইবাৰ আৰক্ষীৰ কাষ চাপিল টীম 'ৰৈ ৰৈ বিনালে'