ETV Bharat / entertainment

শ্বিলঙৰ চেৰী ব্ল'জম ফেষ্টিভেলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

চেৰী ব্ল'জম ফেষ্টিভেলত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 'মায়াবিনী' গীতেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি ।

Cherry Blossom Festival 2025
আন্তঃৰাষ্ট্ৰীয় বেণ্ড একুৱাৰ সংগীত পৰিৱেশন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 6:14 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰতিবছৰৰ দৰে এইবাৰো অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হৈছে চেৰী ব্ল'জম ফেষ্টিভেল । য'ত বিশ্বৰ তাৰকা শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিছে । এই অনুষ্ঠানলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন হৈছে । একেটা অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক । সংগীতৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে শিল্পীগৰাকীক ।

উল্লেখ্য যে মেঘালয়ৰ ৰাজধানী শ্বিলঙত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চেৰী ব্ল'জম ফেষ্টিভেল । য'ত শনিবাৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ফেষ্টিভেলত আয়োজিত সংগীতানুষ্ঠানৰ মঞ্চত অসমৰ কণ্ঠশিল্পী জুবলী বৰুৱা, প্ৰিয়ংকা ভৰালী, অৰূপজ্যোতি বৰুৱা আৰু প্ৰবীণ বৰাই গীত পৰিৱেশন কৰে ।

শ্বিলঙৰ চেৰী ব্ল'জম ফেষ্টিভেলত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat)

অসমৰ চাৰিওগৰাকী কণ্ঠশিল্পীয়ে সমবেতভাৱে জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত" শীৰ্ষক কালজয়ী গীতটোৰ লগতে কেইবাটাও গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

১৪ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত চেৰী ব্ল'জম ফেষ্টিভেলৰ শনিবাৰে সামৰণি পৰে । এই দুদিনীয়া কাৰ্যসূচীয়ে মেঘালয়ক ভাৰতৰ কনচাৰ্ট অৰ্থনীতিত অগ্ৰণী ৰাজ্য হিচাপে পুনৰ অভিহিত কৰিলে ।

Cherry Blossom Festival 2025
চেৰী ব্ল'জম ফেষ্টিভেলত ডি জে ডিপ্লোৰ অনুষ্ঠান পৰিৱেশন (ETV Bharat)

দুদিনীয়াকৈ আয়োজিত এই ফেষ্টিভেলত বিশ্ববিখ্যাত তথা আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলৰ লগতে স্থানীয় শিল্পীসকলেও গীত পৰিৱেশন কৰাৰ লগতে ৰাজ্যখনৰ সংস্কৃতিক বিশ্বৰ প্ৰেক্ষাপটত উজলাই তোলাৰ লগতে পৰ্যটন, কর্মসংস্থান আৰু অৰ্থনৈতিক বিকাশৰ নতুন দিশ মুকলি কৰিলে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই ফেষ্টিভেলত বলীউডৰ শিল্পী নোৰা ফাতেহী, বিশ্ববিখ্যাত বেণ্ড 'দ্য স্ক্ৰিপ্ট' (The Script), পপ চুপাৰষ্টাৰ জেছন ডেৰুলো, আন্তঃৰাষ্ট্ৰীয় পপ আইকন একুৱা, বিশ্ববিখ্যাত ডি জে ডিপ্লোই অনুষ্ঠান পৰিৱেশন কৰে ।

Cherry Blossom Festival 2025
আমেৰিকান কণ্ঠশিল্পী জেছন ডেৰুলোৰ গীত পৰিৱেশন (ETV Bharat)

লক্ষণীয়ভাৱে শ্বিলং চেৰী ব্ল'জম ফেষ্টিভেলত পূৰ্বতে বিশ্ব প্ৰসিদ্ধ শিল্পী একন, ক্লিন বেণ্ডিট, বানী এম, নে য়ো আদিকে ধৰি কেইবাগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিছিল ।

লগতে পঢ়ক :‘শ্বিলং চেৰী ব্ল’জম ফেষ্টিভেল’ত অনুষ্ঠান পৰিৱেশন বিশ্ববিখ্যাত আইৰিছ ৰক ব্ৰেণ্ড দ্য স্ক্ৰিপ্টৰ