ETV Bharat / entertainment

ৰাজ্যলৈ সোঁত বৈছে দেশী-বিদেশী তাৰকাৰ: এইবাৰ গুৱাহাটীলৈ আহি আছে চনু নিগম

গুৱাহাটীৰ পৰাই এই যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত শিল্পীগৰাকীৰ ব্যক্তিগত । এই চহৰখনত জুবিনৰ স্মৃতিৰ সৈতে আজিও তেওঁ গভীৰভাৱে জড়িত হৈ আছে ৷

Sonu Nigam will perform live at the Greenwood Resort in Guwahati
গুৱাহাটীলৈ আহি আছে ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম (IANS)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 7:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ক্ৰমান্বয়ে ৰাজ্যলৈ সোঁত ববলৈ ধৰিছে বলিউড, হলিউড তাৰকাৰ ৷ আমেৰিকান প'প ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ পিছতেই এইবাৰ গুৱাহাটীলৈ আহি আছে ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম ।

জানিব পৰা মতে, ১৪ ডিচেম্বৰত গুৱাহাটীৰ গ্ৰীণ উড ৰিজ'ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব চনু নিগমে । তেওঁ ‘‘দিৱানা তেৰা ট্যুৰ’’ গুৱাহাটীত শুভাৰম্ভ কৰিব । সেই একেটা অনুষ্ঠানতে তেওঁ একেলগে মঞ্চ ভাগ কৰিছিল অসমৰ প্ৰাণৰ শিল্পী, মহানায়ক জুবিন গাৰ্গৰ সৈতে । সেই মধুৰ স্মৃতি আজিও নিজৰ মনত সাঁচি ৰাখিছে চনু নিগমে ।

জানিব পৰা মতে, গুৱাহাটীৰ পাছত ‘‘দিৱানা তেৰা ট্যুৰ’’ অনুষ্ঠান ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌত পৰিৱেশন কৰিব । আয়োজকে এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰিছে ৷

Sonu Nigam will perform live at the Greenwood Resort in Guwahati
১৪ ডিচেম্বৰত গুৱাহাটীৰ গ্ৰীণ উড ৰিজৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব চনু নিগমে (ETV Bharat)

প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, চনু নিগমৰ সৈতে হোৱা শেহতীয়া এক বার্তালাপত তেওঁ প্রকাশ কৰিছে যে গুৱাহাটীত এই ট্যুৰ আৰম্ভ কৰাৰ সিদ্ধান্ত শিল্পীগৰাকীৰ ব্যক্তিগত । এই চহৰখনত জুবিনৰ স্মৃতিৰ সৈতে আজিও তেওঁ গভীৰভাৱে জড়িত হৈ আছে ৷ যাৰ অকাল বিয়োগে তেওঁৰ ওপৰতো গভীৰ প্রভাৱ পেলাইছে । জুবিন গাৰ্গক সন্মান জনোৱাৰ বাবে অসমৰ জনসাধাৰণে দেখুওৱা একতা দেখি তেওঁ আৱেগিক হৈ পৰিছে ৷

তেওঁ লগতে কয় যে এনেকুৱাকৈ ৰাইজৰ মৰম আৰু শ্রদ্ধা তেওঁ পৃথিৱীৰ আন ক'তো দেখা নাই । তেওঁ লগতে স্বীকাৰ কৰে যে অসমৰ লোকৰ আন্তৰিকতা আৰু সৰল আৱেগৰ বাবেই এই ৰাজ্যৰ সৈতে তেওঁৰ সম্পর্ক কেৱল সংগীতৰ সীমাতেই সীমাবদ্ধ হৈ থকা নাই ।

আনকি তেওঁ এইটোও কয় যে তেওঁৰ যদি পুনৰ জনম হয়, তেন্তে তেওঁৰ জন্মস্থান হিচাপে অসমকহে বাছি ল'বলৈ পচন্দ কৰিব । সেয়েহে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কনচাৰ্টৰ উদ্বোধনী অনুষ্ঠানটো কেৱল এক কনচাৰ্ট নহয় বৰং, অঞ্চলটোক হৃদয়ৰ পৰা ভালপোৱা এজন শিল্পীৰ বাবে ই গভীৰ চিন্তা, আত্মিক সংযোগ আৰু কৃতজ্ঞতা প্রকাশৰ এক বিশেষ মুহূর্ত হৈ উঠিব ।

উল্লেখ্য যে, শেহতীয়া বছৰবোৰত উত্তৰ-পূব ভাৰত লাইভ সংগীত আৰু সাংস্কৃতিক মহোৎসৱৰ বাবে দেশৰ অন্যতম গতিশীল কেন্দ্র হিচাপে দ্রুতগতিত আত্মপ্রকাশ কৰিছে । মেঘালয়ৰ লগতে শেহতীয়াকৈ অসমত অনুষ্ঠিত কনচাৰ্টে দেশৰ বৃহৎ সংখ্যক দর্শকক আকর্ষণ কৰিছে । ইয়াৰ ফলত পর্যটন ক্ষেত্ৰখন শক্তিশালী হৈছে ।

শেহতীয়া তথ্য় অনুসৰি, গুৱাহাটীত আয়োজিত হ’বলৈ লোৱা এই কনচাৰ্টৰ টিকট উপলব্ধ হৈছে ডিষ্ট্ৰিক্ট বাই জ'মেট'ত ।

লগতে পঢ়ক : জুবিন গাৰ্গক স্মৰণ কৰি শীতৰ সেমেকা সন্ধিয়া সংগীতৰ মায়াজাল প'ষ্ট মেলনৰ