চনু নিগমে কিয় ভৰি মালিচ কৰি দিছিল আশা ভোছলেৰ ?
কিংবদন্তি গায়িকা আশা ভোছলেৰ বিয়োগৰ পাছত চনু নিগমৰ আৱেগিক পোষ্ট: সুঁৱৰিলে ১৯৯৬ চনৰ আমেৰিকা ভ্ৰমণৰ স্মৃতি ।

By ETV Bharat Entertainment Team
Published : April 21, 2026 at 6:50 PM IST
হায়দৰাবাদ : প্ৰখ্যাত বলীউড গায়ক চনু নিগমে শেহতীয়াকৈ ১৯৯৬ চনৰ আমেৰিকা ভ্ৰমণৰ সময়ত কিংবদন্তি গায়িকা আশা ভোছলেৰ সৈতে কটোৱা এটা বিশেষ স্মৃতি ৰোমন্থন কৰিছে । চনু নিগমে তেওঁৰ ছ’চিয়েল মিডিয়াত ভিডিঅ’ যোগে জনাইছে যে কেনেকৈ সেই ভ্ৰমণৰ সময়ত তেওঁ আশা টাইৰ ভৰিৰ বিষ উপশম কৰিবলৈ মালিচ কৰি দিছিল । সেই সময়ত আশা ভোছলে 'হিল স্পাৰ' (heel spur) নামৰ ভৰিৰ গোৰোহাৰ এক যন্ত্ৰণাদায়ক বিষত ভুগি আছিল । জ্যেষ্ঠ শিল্পীগৰাকীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমৰ বাবেই চনু নিগমে তেওঁৰ ভৰি মালিচ কৰি দিছিল, যিটো কথাই অনুৰাগীসকলৰ মাজত এতিয়া চৰ্চা লাভ কৰিছে ।
সেই ঘটনাটোৰ বিষয়ে চনু নিগমে সবিশেষ জনাই কয়, “সেই সময়ত তেওঁৰ (আশা ভোছলেৰ) ভৰিৰ গোৰোহাত এটা হাড়ৰ সমস্যা (Spur) হৈছিল । মোৰ মাৰো একেই সমস্যা আছিল, সেয়েহে হাতৰ মালিচেৰে ইয়াৰ কেনেকৈ চিকিৎসা কৰিব লাগে মই জানিছিলোঁ । তেওঁ ঠিকমতে থিয় হ’ব পৰা নাছিল । মই তেওঁক কৈছিলোঁ যে মই ইয়াৰ সমাধান জানো । কেইটামান অনুষ্ঠান শেষ হোৱাৰ পিছত মই তেওঁৰ কোঠালৈ গৈ তেওঁৰ ভৰি দুখন মালিচ কৰি দিছিলোঁ আৰু তাৰ পিছত তেওঁ বহুত আৰাম পাইছিল ।”
তেওঁ লগতে কয় যে এই ঘটনাৰ বহু বছৰ পিছতো আশা ভোছলেৰ সেই কথা মনত আছিল । চনুৱে পুনৰ কয়, “তেওঁ মোক প্ৰায়ে সুধিছিল— ‘তোমাৰ মনত আছেনে তুমি কেনেকৈ মোৰ ভৰি মালিচ কৰি দিছিলা ?’ মই তেতিয়া ‘হয়’ বুলি উত্তৰ দিছিলোঁ । যিহেতু মই মোৰ মাকো একে যন্ত্ৰণাৰ মাজেৰে যোৱা দেখিছিলোঁ, সেয়ে মই সেই যন্ত্ৰণা বুজি পাইছিলোঁ । এইটো কেলচিয়ামৰ অতিৰিক্ত বৃদ্ধিৰ বাবে হয় ।”
গায়িকাগৰাকীৰ সৈতে তেওঁৰ আৰম্ভণিৰ দিনবোৰৰ কথা সুঁৱৰি চনু নিগমে কয়, “১৯৯৬ চনৰ আৰম্ভণিতে মুম্বাইত আশীষ শ্বাহৰ পুত্ৰৰ বিয়াত মই প্ৰথমবাৰৰ বাবে তেওঁৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ । সেইদিনা তেওঁৰ ডিঙিটো বহি আছিল, সেয়েহে তেওঁ মোক তেওঁৰ কালজয়ী গীত ‘ঝুটে নেইনা বোলে’ (Jhoothe Naina Bole) তেওঁৰ সৈতে গাবলৈ অনুৰোধ কৰিছিল । আচলতে তেওঁক মোৰ সহায়ৰ প্ৰয়োজন নাছিল, কাৰণ তেওঁ নিজেই এগৰাকী মহান গায়িকা; তথাপিও তেওঁ মোক তেওঁৰ সৈতে গাবলৈ সুযোগ দিছিল । সেইটো মোৰ বাবে বহুত ডাঙৰ কথা আছিল ।”
সেই বছৰৰে শেষৰ ফালে আশা ভোছলে আৰু অমিত কুমাৰৰ সৈতে কৰা আমেৰিকা ভ্ৰমণৰ কথা মনত পেলাই চনুৱে পুনৰ কয়, “১৯৯৬ চনৰ জুন মাহত মই আমেৰিকাত আশা জী আৰু অমিত কুমাৰ জীৰ সৈতে মঞ্চত গীত গাইছিলোঁ । সেই দিনবোৰ মোৰ বাবে চিৰস্মৰণীয় হৈ থাকিব ।”
আন এক সুমধুৰ স্মৃতি ভগাই চনু নিগমে কয়, "মোৰ মনত আছে ভেংকুভাৰত (Vancouver) তেওঁ মোক ভাত খাব নেকি সুধিছিল । মই 'হয়' বুলি কোৱাত তেওঁ মোৰ বাবে নিজে ৰান্ধিছিল । এয়া মোৰ বাবে পৰম সৌভাগ্য আছিল ।"
কিংবদন্তি গায়িকা আশা ভোছলেৰ বিষয়ে ক'বলৈ গ'লে, যোৱা ১২ এপ্ৰিলত তেওঁৰ বিয়োগৰ খবৰে সমগ্ৰ দেশবাসীকে শোকস্তব্ধ আৰু মৰ্মাহত কৰি তুলিছে । তেওঁৰ নাতিনী জানাই ভোছলেৰ পৰা পোৱা তথ্য অনুসৰি, অত্যাধিক ভাগৰ আৰু বুকুত সংক্ৰমণ হোৱাৰ বাবে ১১ এপ্ৰিলত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
উল্লেখ্য যে, ৯২ বছৰ বয়সত গায়িকাগৰাকীৰ মৃত্যু হয় ৷ তেওঁ দেশবাসীক ৮৩ বছৰীয়া এক বৰ্ণিল সংগীতৰ যাত্ৰাৰে ৰঙীন কৰি থৈ গৈছে ।
লগতে পঢ়ক : “মই মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহগৰাকীক হেৰুৱালোঁ”, আশা ভোছলেৰ মৃত্যুত নাতিনী জানাইৰ মৰ্মস্পৰ্শী পোষ্ট

