মায়াবিনী পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি চনু নিগমৰ
“অসম বেলেগ । ইয়াত গীত পৰিৱেশন কৰাৰ অৰ্থ হ’ল জ্ঞানী আৰু সংগীতপ্ৰেমী মানুহৰ সন্মুখত পৰিৱেশন কৰা ৷” কৈ থৈ গ'ল চনু নিগমে ৷

By ETV Bharat Entertainment Team
Published : December 15, 2025 at 5:01 PM IST
গুৱাহাটী : গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগমৰ একক লাইভ কনচার্ট । দেওবাৰে নিশা গুৱাহাটীৰ গ্ৰীণউড ৰিজ'ৰ্টত এই কনচাৰ্টেৰে ‘দিৱানা তেৰা ট্যুৰ’ মুকলি কৰে প্ৰখ্যাত সংগীত শিল্পীগৰাকীয়ে ।
কনচাৰ্টত চনু নিগমে তেওঁৰ অতি জনপ্ৰিয় অভি মুঝ মে কহি, কল হো না হো, দীৱানা তেৰা, মে অগৰ কহু, সুৰজ হুৱা মধ্যম, সন্দেছে আতে হে আদিকে ধৰি বিভিন্ন গীত পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকক মুগ্ধ কৰে । কনচাৰ্টত চনু নিগমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায় । গীতৰ পৰা প্ৰাৰ্থনালৈ পৰিণত হোৱা মায়াবিনী পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই চনু নিগমে । চনু নিগমৰ কণ্ঠত মায়াবিনী শুনি আৱেগিক হৈ পৰে অসমীয়া ৷
অনুষ্ঠানৰ পূৰ্বে চনু নিগমে কয়, “অসম বেলেগ । ইয়াত পৰিৱেশন কৰাৰ অৰ্থ হ’ল জ্ঞানী আৰু সংগীতপ্ৰেমী মানুহৰ সন্মুখত পৰিৱেশন কৰা ৷” তেওঁ লগতে কয়, “অসমে মোৰ অন্তৰত এক বিশেষ স্থান দখল কৰিছে । ইয়াৰ মানুহে সংগীত জানে আৰু বুজি পায় । অসমত অনুষ্ঠান পৰিৱেশন কৰাটো এটা বিশেষ অভিজ্ঞতা ।”

অসমবাসীৰ পৰা লাভ কৰা উষ্ম আদৰণি সম্পৰ্কে তেওঁ কয়, “মোৰ প্ৰতি ৰাইজে প্ৰকাশ কৰা অপৰিসীম মৰমে ৰাজ্যখনৰ প্ৰতি ইতিমধ্যে থকা প্ৰবল সন্মান আৰু ভালপোৱাক আৰু অধিক গভীৰ কৰি তুলিছে । গুৱাহাটী চহৰখন মোৰ হৃদয়ৰ সৈতে এতিয়া আৰু বেছি গভীৰভাৱে সংযোজিত হৈ পৰিছে ।”

জুবিন গাৰ্গৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা উল্লেখ কৰি চনু নিগমে কয় যে জুবিন গাৰ্গৰ সৈতে ১৯৯৭ চনৰ পৰাই তেওঁৰ বন্ধুত্ব আছিল ৷ বহু মধুৰ স্মৃতিয়ে তেওঁক জুবিন গাৰ্গৰ জৰিয়তে অসমৰ সৈতে সংযোগ কৰিছিল । অসমত জুবিনক প্ৰথম লগ পোৱাৰ পৰাই তেওঁ অগণন স্মৃতিৰ মেটমৰা ভঁৰালৰ গৌৰৱশালী গৰাকী হৈ পৰে বুলিও উল্লেখ কৰে চনু নিগমে ৷ তেওঁ কয়, “হঠাৎ কি ঘটি গ’ল সেয়া বুজিবলৈ এতিয়াও সাহস গোটাব পৰা নাই ।” জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজে সদায় যি অপৰিসীম মৰম আৰু শ্ৰদ্ধা দেখুৱাই আহিছে, সেয়া তেওঁ স্বীকাৰ কৰে ।

উল্লেখ্য যে, ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগমৰ কনচাৰ্ট চাবলৈ দেওবাৰে হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰে । চনু নিগমৰ গীতৰ তালে তালে অনুৰাগীসকল নাচি উঠে । গুৱাহাটীৰ পিছত ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌত চনু নিগমে লাইভ কনচাৰ্ট কৰিব ।
লগতে পঢ়ক : জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগমৰ কণ্ঠত গুৱাহাটীত গুঞ্জৰিত জুবিনৰ মায়াবিনী

