ETV Bharat / entertainment

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় শিল্পী চনু নিগম

আমেৰিকান প'প ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ পিছতেই গুৱাহাটীত প্ৰখ্যাত সংগীত শিল্পী চনু নিগম ।

SONU NIGAM LIVE IN GUWAHATI
গুৱাহাটীত ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম (IANS)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 8:26 PM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা : প'প ষ্টাৰ প’ষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী চনু নিগম । কাইলৈ গুৱাহাটীৰ গ্ৰীণউড ৰিজ'ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব চনু নিগমে । তেওঁ ‘‘দিৱানা তেৰা ট্যুৰ’’ গুৱাহাটীত শুভাৰম্ভ কৰিব । উল্লেখ্য় যে সেই একেটা অনুষ্ঠানতে তেওঁ একেলগে মঞ্চ ভাগ কৰিছিল অসমৰ প্ৰাণৰ শিল্পী, মহানায়ক জুবিন গাৰ্গৰ সৈতে । সেই মধুৰ স্মৃতি আজিও নিজৰ মনত সাঁচি ৰাখিছে চনু নিগমে ।

দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছে কণ্ঠশিল্পীগৰাকী । প্ৰথমতে জুবিন গাৰ্গক সুঁৱৰি মন্তব্য কৰিলে চনু নিগমে । কণ্ঠশিল্পীগৰাকীয়ে কয়, "জুবিনক অসমত যেতিয়া লগ পাইছিলো তেতিয়াৰ পৰা কিছু স্মৃতি জড়িত হৈ আছে । অহাকালি আমি এক অনুষ্ঠান অনুষ্ঠিত কৰিম । অসমৰ কথাই বেলেগ, অসমত অনুষ্ঠান কৰা মানে জ্ঞানী মানুহৰ মাজত অনুষ্ঠান কৰা । ১৯৯৭ৰ পৰা জুবিনৰ লগত বন্ধুত্ব আছিল । হঠাৎ কি হৈ গ'ল একোৱেই গম নাপালো । অসমৰ মানুহে জুবিনক বহুত মৰম দিছে ।"

গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় শিল্পী চনু নিগম (ETV Bharat Assam)

গুৱাহাটীৰ পাছত ‘‘দিৱানা তেৰা ট্যুৰ’’ অনুষ্ঠান ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌত পৰিৱেশন কৰিব । আয়োজকে এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰিছে ৷ গুৱাহাটীত এই ট্যুৰ আৰম্ভ কৰাৰ সিদ্ধান্ত শিল্পীগৰাকীৰ ব্যক্তিগত । এই চহৰখনত জুবিনৰ স্মৃতিৰ সৈতে আজিও তেওঁ গভীৰভাৱে জড়িত হৈ আছে ৷ যাৰ অকাল বিয়োগে তেওঁৰ ওপৰতো গভীৰ প্রভাৱ পেলাইছে । জুবিন গাৰ্গক সন্মান জনোৱাৰ বাবে অসমৰ জনসাধাৰণে দেখুওৱা একতা দেখি তেওঁ আৱেগিক হৈ পৰিছে ৷

লগতে পঢ়ক:ৰাজ্যলৈ সোঁত বৈছে দেশী-বিদেশী তাৰকাৰ: এইবাৰ গুৱাহাটীলৈ আহি আছে চনু নিগম