ETV Bharat / entertainment

সোণাপুৰৰ জুবিন ক্ষেত্ৰত ‘দক্ষ যজ্ঞ’ ভাওনা

প্ৰিয় শিল্পীগৰাকীৰ ন্যায় বিচাৰি নিতৌ প্ৰাৰ্থনা কৰে অনুৰাগীয়ে ৷ জুবিন ক্ষেত্ৰত প্ৰতিদিনেই যথেষ্ট হাৰত ভিৰ ৷

Sonapur zubeen khetra bhaona
‘দক্ষ যজ্ঞ’ ভাওনা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : November 26, 2025 at 4:19 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : জুবিন গাৰ্গৰ দৰে এটা সম্পদ হেৰুৱাই আজি নিথৰুৱা অসম ৷ জুবিন জুবিনকেই পাৰ হৈ গৈছে সময়বোৰ ৷ নিত্য়-নৈমিত্তিক জীৱনটোৰ সৈতে চলি গৈছে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায় বিচৰাৰ প্ৰক্ৰিয়া ৷

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়- #justiceforzubeengarg সামাজিক মাধ্যমত আজিকালি সঘনাই দেখিবলৈ পোৱা দুশাৰী বাক্য ৷ জুবিনৰ বাবে ন্যায় বিচাৰি ভগৱীনৰ শ্ৰীচৰণত নিতৌ প্ৰাৰ্থনা কৰা লগতে বহু অনুৰাগীয়ে বাটকুৰি বাই জুবিন ক্ষেত্ৰতো উপস্থিত হয়গৈ ৷ কোনোৱে চাইকেল ৰেলী উলিয়াইছে, কোনোৱে পদব্ৰজে যাত্ৰা কৰিছে, বিভিন্নজনে বিভিন্ন ধৰণে মনৰ আশা পূৰণ কৰিছে ৷ শেহতীয়াকৈ ভাওনা প্ৰদৰ্শন কৰা হয় জুবিন ক্ষেত্ৰত ৷

ভাওনা প্ৰদৰ্শন কৰা হয় জুবিন ক্ষেত্ৰত (ETV Bharat Assam)

সোণাপুৰৰ জুবিন ক্ষেত্ৰত ‘দক্ষ যজ্ঞ’ ভাওনা প্ৰদৰ্শন কৰা হয় ৷ ভাওনাত দেৱাদিদেৱ মহাদেৱৰ ভাও লোৱা ভাৱৰীয়াই কয়, "জুবিন দাই কৈ গৈছিল-মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মই মুক্ত- সেয়ে আমি ৰেঙনীঝাৰ গৰৈমাৰী তেজপুৰৰ পৰা আজি জুবিন ক্ষেত্ৰত দক্ষ যজ্ঞ ভাওনা ভাগ আগবঢ়াইছো । বহুদিনৰ পৰিকল্পনা আছিল ভাওনা ভাগ আগবঢ়োৱাৰ । আমি জুবিন দাৰ আকস্মিক মৃত্যুৰ ন্যায়িক তদন্ত বিচৰাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি পোৱাতো কামনা কৰিছো । জুবিনদাৰ ন্যায়ৰ বাবে এই ভাওনা ভাগ জুবিন ক্ষেত্ৰত মঞ্চস্থ কৰিছো ৷"

Sonapur zubeen khetra bhaona
‘দক্ষ যজ্ঞ’ ভাওনা (Photo : ETV Bharat Assam)
Sonapur zubeen khetra bhaona
ভাওনা প্ৰদৰ্শন কৰা হয় জুবিন ক্ষেত্ৰত (Photo : ETV Bharat Assam)

ভাৱৰীয়াই সংগীৰ সৈতে ধ্বনিও দিলে- জয় জুবিন দা, জুবিন দাই ন্যায় পাওঁক ৷ মঙলবাৰে নিশা জুবিন ক্ষেত্ৰত তেজপুৰৰ ৰেঙনীঝাৰ গৰৈমাৰীৰ শিল্পী সমাজে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে প্ৰদৰ্শন কৰা ভাওনাই সকলোকে আপ্লুত কৰে । বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ ভাতৃও উপস্থিত থাকি ভাওনা উপভোগ কৰে ।

লগতে পঢ়ক : জুবিনক এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে : সদনত জুবিন গাৰ্গৰ প্ৰসংগত মুখ্যমন্ত্রী