ETV Bharat / entertainment

আমিৰ-ছলমানৰ পৰা CJP নেতালৈ: শেহতীয়া পডকাষ্টত মুকলিকৈ কি কি ক’লে সোণম ৱাংচুকে?

পডকাষ্টত সোণম ৱাংচুকে মুকলিকৈ মন্তব্য কৰিলে থ্ৰী ইডিয়টছ বিতৰ্ক, ছলমান খানৰ পোষ্ট আৰু CJP-ৰ সত্যতা সন্দৰ্ভত ৷

Sonam Wangchuk Opens Up on Aamir Khan's '3 Idiots' Claim and Salman Khan's 'Its Done Bro' Post
সোণম ৱাংচুকৰ পডকাষ্ট: আমিৰ খান, ছলমান খান আৰু CJP-ক লৈ ডাঙৰ মন্তব্য (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : August 31, 2026 at 11:02 AM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : শেহতীয়াকৈ এটা পডকাষ্টত অংশ লৈ প্ৰখ্যাত পৰিৱেশবিদ তথা শিক্ষাবিদ সোণম ৱাংচুকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মুকলিকৈ কথা পাতিছে । ইয়াত তেওঁ জুন আৰু জুলাই মাহত জন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদ, নিজৰ ২৬ দিনীয়া অনশন আৰু 'ক’কৰোচ্ছ জনতা পাৰ্টী'ৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰে । এই অনুষ্ঠানটোতে তেওঁ অভিনেতা আমিৰ খান আৰু ছলমান খানে তেওঁক লৈ কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে ৷

উল্লেখ্য যে, জন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ খেলিমেলিৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তুলিছিল আৰু তদানীন্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছিল । অৱশেষত ২৫ জুলাইত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতহে এই ছাত্ৰ প্ৰতিবাদৰ অন্ত পৰে ।

আমিৰ খানৰ মন্তব্য আৰু সোণম ৱাংচুকৰ প্ৰতিক্ৰিয়া

পডকাষ্টটোত আমিৰ খানক লৈ হোৱা প্ৰশ্নটো আচলতে 'থ্ৰী ইডিয়টছ' ছবিখনৰ এটা বিখ্যাত চৰিত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পুৰণি বিতৰ্কৰ প্ৰেক্ষাপটত সোধা হৈছিল । চিনেমাখনৰ মূল চৰিত্ৰ 'ফুনছুখ ৱাংডু' (যিটো চৰিত্ৰত আমিৰ খানে অভিনয় কৰিছিল), সেই চৰিত্ৰটো সোণম ৱাংচুকৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত বুলি দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । অভিনেতা আমিৰ খানে কিন্তু এই কথা একেষাৰেই অস্বীকাৰ কৰিছিল । তেওঁ কৈছিল যে 'ফুনছুখ ৱাংডু' চৰিত্ৰটো পোনপটীয়াকৈ ৱাংচুকৰ ওপৰত আধাৰিত নহয় । আমিৰ খানে আনকি এই বুলিও দাবী কৰিছিল যে 'থ্ৰী ইডিয়টছ' ছবিখন নিৰ্মাণ হোৱাৰ পূৰ্বে তেওঁ সোণমক কেতিয়াও লগ পোৱা নাছিল আৰু সেই সময়ত তেওঁ সোণম ৱাংচুক কোন হয়, তাকো জনা নাছিল । আমিৰ খানৰ এই পুৰণি দাবীক লৈ শেহতীয়া পডকাষ্টত সোণম ৱাংচুকে তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে যে— "হ’ব পাৰে তেওঁৰ শ্বৰ্ট-টাৰ্ম মেমৰী লছ হৈছিল ।"

আমিৰ খানৰ দাবীক লৈ সোণম ৱাংচুকৰ ধেমেলীয়া কটাক্ষ

"আমিৰ খানৰ এই মন্তব্যৰ পিছত কিছুমান এনেকুৱা ভিডিঅ’ পোহৰলৈ আহিছিল, যিবোৰত তেওঁ 'গজনী' চিনেমাৰ ৰূপত মোৰ কিছুমান ভাষণ শুনি আছিল । যিহেতু তেওঁ তেতিয়া 'গজনী'ৰ লুকেৰে চৰিত্ৰটোৰ ভিতৰত সম্পূৰ্ণৰূপে সোমাই পৰিছিল, গতিকে চাগে তেওঁৰ 'শ্বৰ্ট টাৰ্ম মেমৰী লছ' (হ্ৰস্বম্যাদী স্মৃতিশক্তি হেৰুওৱা ৰোগ) হৈছিল ! সম্ভৱতঃ ১৫ মিনিট পিছতেই তেওঁ সকলো পাহৰি গৈছিল ।"

ৱাংচুকে লগতে কয় যে, আনকি এটা বঁটা প্ৰদান অনুষ্ঠানত আমিৰ খান আৰু তেওঁ দুয়ো একেলগে উপস্থিত আছিল, কিন্তু আমিৰে সেই কথাটোও পাহৰি গ’ল । অৱশ্যে সোণম ৱাংচুকে এইবুলিও স্বীকাৰ কৰে যে 'থ্ৰী ইডিয়টছ' ছবিখন সম্পূৰ্ণৰূপে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত নাছিল । "মোৰ আৰু আমিৰৰ মাজত বহুত দীঘলীয়া আৰু বিতং আলোচনা হৈছিল । আমি বহুত ধাৰণা ইজনে সিজনৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ । মই এইটো কেতিয়াও নকওঁ যে, তেওঁলোকে মোৰ জীৱনী নিৰ্মাণ কৰিছিল । আচলতে ইয়াকেহে অনুপ্ৰেৰণা বুলি কোৱা হয় ।"

ৱাংচুকে জনাই যে, আমিৰে তেওঁৰ সৈতে কথা পতাৰ পিছত চিনেমাখনৰ পুৰণি চিত্ৰনাট্যত কিছুমান নতুন পৰিৱৰ্তন আনিছিল, যিবোৰ বিষয় লৈ দুয়োৰে মাজত আলোচনা হৈছিল । ৱাংচুকৰ মতে, "সম্ভৱতঃ আমিৰ খানে তেওঁৰ টীমটোক এই কথাটো কোৱা নাছিল যে, এই ধাৰণাবোৰ তেওঁ মোৰ সৈতে আলোচনা কৰি লৈ গৈছিল । সেইবাবেই চাগে তেওঁৰ টীমে গম পোৱা নাছিল যে, এয়া মই দিয়া আইডিয়া আছিল নে আমিৰে নিজে ক’ৰবাৰ পৰা ভাবি উলিয়াইছিল ।"

ছলমান খানক লৈ সোণম ৱাংচুকৰ মন্তব্য

সোণম ৱাংচুকে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ সমৰ্থনত অনশন কৰি আছিল, তেতিয়া অভিনেতা ছলমান খানেও এই আন্দোলনটোলৈ সমৰ্থন আগবঢ়াইছিল । প্ৰথমতে ছলমান খানে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহক সমৰ্থন জনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে চৰকাৰে তেওঁলোকৰ কথা শুনা উচিত । কিন্তু ইয়াৰ পিছতে তেওঁ আন এটা পোষ্টৰ জৰিয়তে সোণম ৱাংচুকক অনশন ভাঙিবলৈ অনুৰোধ জনাই ইংৰাজীত লিখিছিল— 'ইটছ ডান ব্ৰ’' (It's done bro - অৰ্থাৎ এতিয়া আৰু বহুত হ’ল ভাই)। ইয়াৰ উপৰিও ছলমান খানে ৱাংচুকৰ বাবে নিজৰ ঘৰৰ পৰাও খাদ্য পঠিয়াই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল ।

পডকাষ্টত এই বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত সোণম ৱাংচুকে অতি উদাৰতাৰে কয়, "প্ৰত্যেকৰে নিজা নিজা কিছুমান বাধ্যবাধকতা থাকে । মই সেইবোৰৰ গভীৰতালৈ যাব নিবিচাৰোঁ । সমাজত চলিবলৈ হ’লে বহু সময়ত আগ-পাছ, সোঁ-বাওঁ সকলো দিশ চাব লগা হয় । তেওঁ যে মোৰ বাবে কিবা এষাৰ ক’লে, মই তাৰ বাবে তেওঁক সন্মান জনাওঁ ।"

'ক’কৰোচ্ছ জনতা পাৰ্টী'ক লৈ সোণম ৱাংচুকৰ দৃষ্টিভংগী

পডকাষ্টৰ এই বাৰ্তালাপত সোণম ৱাংচুকক 'ক’কৰোচ্ছ জনতা পাৰ্টী'ৰ প্ৰধান নেতা— অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ বিষয়ে সোধা হৈছিল । প্ৰশ্নটো আছিল যে— এই যুৱ নেতাসকলৰ কিবা ৰাজনৈতিক উচ্চাকাংক্ষা বা হেঁপাহ আছে নেকি ?

ৱাংচুকে কয় যে, তেওঁৰ বুজাবুজি অনুসৰি এই যুৱ নেতাসকলৰ ৰাজনৈতিক উচ্চাকাংক্ষা নিশ্চয় আছে । তেওঁ স্পষ্টকৈ কয়, "তেওঁলোকৰ ৰাজনৈতিক উচ্চাকাংক্ষা নিশ্চয় থাকিব আৰু থকাটো দৰকাৰো । ইয়াত কোনো ভুল নাই ।" ৱাংচুকে এই নেতাসকলৰ ৰাজনৈতিক হেঁপাহক কোনো নেতিবাচক দৃষ্টিৰে নাচায় । তেওঁৰ মতে, তেওঁলোক দেশত ঘটি থকা ঘটনাবোৰক লৈ নিজৰ মাত মাতিব বিচৰা সাধাৰণ যুৱকহে ।" চিজেপিৰ নেতাসকলৰ প্ৰসংগত তেওঁ শেষত কয়, "তেওঁলোক কোনো সাধু নহয় যে নিজৰ বাবে একোৱেই নিবিচাৰিব ।"

লগতে পঢ়ক : বলীউডক গীতাঞ্জলি অংমোৰ সমালোচনা: চিনেমা মনোৰঞ্জনতকৈও বেছি, ই মনক গঢ় দিয়ে