ETV Bharat / entertainment

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : ১২ ডিচেম্বৰত আদালতত দাখিল হ'ব অভিযোগনামা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব ।

the-chargesheet-regarding-zubeen-garg-mysterious-death-will-be-filed-in-court-on-december-12
এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 6, 2025 at 5:41 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব । এই কথা শনিবাৰে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল যোগে সদৰী কৰিছে ।

তেওঁ সংবাদমেলত কয়, "জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰৰ অহা ১২ ডিচেম্বৰত আমি অভিযোগনামা দাখিল কৰিম । গোচৰটোৰ তদন্ত প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত । এই গোচৰত অভিযুক্ত ৭ জনক আমি গ্ৰেপ্তাৰ কৰিছো আৰু সাক্ষী হিচাপে ৩০০ তকৈ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছো ।"

এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ লগতে কয়, “চি আই ডিত ৰুজু হোৱা ১৯/২০২৫ নম্বৰৰ আনটো গোচৰৰ তদন্ত চলি আছে ।"

ইপিনে, ১৮ ডিচেম্বৰৰ পূৰ্বেই জুবিনৰ গোচৰটোৰ অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নির্দেশ দিয়াৰ পিছতেই মুন্না প্রসাদ গুপ্তা নেতৃত্বাধীন এছ আই টিৰ ৯ জনীয়া দলটোৱে দিন-ৰাতি একাকাৰ কৰি গোচৰটোৰ তদন্ত প্ৰায় সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে ।

জুবিনৰ ৰহস্যজনক মৃত্যু ('হত্যা')ৰ গোচৰটোত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গার্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক অভিযুক্ত কৰি এছআইটিয়ে অভিযোগনামা দাখিল কৰিব ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই প্রথমে ৮ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু ৮ ডিচেম্বৰত আমেৰিকান ৰেপাৰ প'ষ্ট মেলনৰ গুৱাহাটীত কনচার্ট থকাত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল ।

এই বিতৰ্কৰ বাবেই মুখ্যমন্ত্রীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ১০ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দিব বুলি ঘোষণা কৰিছিল । কিন্তু শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে এছ আই টিয়ে ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটি লৈছিল ।

লগতে পঢ়ক : জুবিনক এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে : সদনত জুবিন গাৰ্গৰ প্ৰসংগত মুখ্যমন্ত্রী