ETV Bharat / entertainment

সন্ধ্যা মেনন-তৰালী শৰ্মাই ক’লে জুবিন গাৰ্গৰ সত্বাৰ কথা

অসমত এতিয়া প্ৰতিটো অনুষ্ঠানতে সকলোৱে প্ৰথমে সুঁৱৰে জুবিন গাৰ্গক ৷ নিজৰ ফটো সম্বলিত কেলেণ্ডাৰ মুকলি অনুষ্ঠানত কণ্ঠশিল্পী সন্ধ্যা মেনন-তৰালী শৰ্মাই মনত পেলালে জুবিনলৈ ৷

singers tarali sarma Sandhya Menon remember zubeen garg at calender opening ceremony
কণ্ঠশিল্পী সন্ধ্যা মেনন-তৰালী শৰ্মাই ক’লে জুবিন গাৰ্গৰ সত্বাৰ কথা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 8, 2026 at 5:11 PM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা : মঙলবাৰে গুৱাহাটীৰ সমীপৱৰ্তী আজাৰাস্থিত ‘উপভোগ’ ৰেস্তোৰাঁত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ ইংৰাজী নৱবৰ্ষ উপলক্ষে বিশিষ্ট ফটোগ্ৰাফাৰ পল্লৱ মহন্তৰ দ্বাৰা প্ৰকাশিত অসমৰ স্বনামধন্য শিল্পী পুলক বেনাৰ্জী, বিজয় ভূঞা, সন্ধ্যা মেনন, নৱজ্যোতি দুৱৰা, সোমনাথ বৰা আৰু তৰালী শৰ্মাৰ ফটো সম্বলিত এখন সুন্দৰ কেলেণ্ডাৰ মুকলিৰ বাবে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানটিৰ ৷

উক্ত অনুষ্ঠানত উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী সন্ধ্যা মেনন আৰু তৰালী শৰ্মাই ৷ অনুষ্ঠানত লগতে উপস্থিত থাকে 'আমাৰ অসম'ৰ সহ-সম্পাদক মণ্টু শইকীয়াকে আদি কৰি বহুজন । নিজৰ ফটো সম্বলিত এনে এখন সুন্দৰ কেলেণ্ডাৰ মুকলি কৰিবলৈ পাই আপ্লুত হোৱা দেখা গ’ল দুয়োগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক ৷

কণ্ঠশিল্পী সন্ধ্যা মেনন-তৰালী শৰ্মাই ক’লে জুবিনৰ কথা (ETV Bharat Assam)

জুবিন গাৰ্গৰ সৈতে দুবছৰ আগতে উঠা এখন ফটোৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিল কণ্ঠশিল্পী সন্ধ্যা মেনন ৷ "এগৰাকী শিল্পীৰ উপৰিও মানুহ হিচাপে হয়তো তেওঁৰ দৰে খুব কম মানুহৰহে জন্ম হৈছে ৷ সদায় পুৱা-গধূলি ঘৰত এবাৰ তেওঁৰ কথা ওলায়েই ৷ জুবিন নাই, কিন্তু তেওঁৰ স্মৃতিবোৰ লৈয়েই এদিন আমি বুঢ়া হৈ যাম ৷ আজি দুবছৰ আগতে তেওঁৰ লগত এখন ফটো উঠিছিলো, সেইখন এতিয়াও ওলমি আছে আমাৰ ঘৰত ৷ ন্যায়ক লৈ মই একো নকওঁ, এইবিলাক বহুত ষড়যন্ত্ৰ চলি আছে বুলি মোৰ মনে কয় ৷ কাৰোবাক যদি ফাঁচিও দিয়ে, সেয়া প্ৰকৃত ন্যায় হ’ব জানো ?" এই মন্তব্য আগবঢ়ালে জনপ্ৰিয় কণ্ঠশিল্পী সন্ধ্যা মেননে ৷

আনহাতে তৰালী শৰ্মাই কয় যে অসমীয়া মানুহ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গৰ সত্বা জীয়াই থাকিব । "কিছুমান কথা কেতিয়াও পূৰ্ণ হ’ব নোৱাৰে ৷ জুবিন গাৰ্গে এনেকুৱা এটা জেগা সকলোৰে মনত দি থৈ গ’ল যিটো এটা খালি ৰূমৰ নিচিনা ৷ সেয়া কেতিয়াও কোনেও পূৰ্ণ কৰিব নোৱাৰে ৷ তেওঁ আছে মাতেৰে আছে, আমাৰ আৱেগত আছে, কিন্তু কায়িকভাৱে যে মানুহজন নাই সেয়া কোনেও মানি ল’ব পৰা নাই ৷ অসমীয়া মানুহ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গৰ সত্বা জীয়াই থাকিব", মন্তব্য সুকণ্ঠী গায়িকা তৰালী শৰ্মাৰ ৷

লগতে পঢ়ক : এতিয়াই যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, তেনেহ’লে নিৰ্বাচনৰ পিছত একো নাথাকিব: পাৰ্থ গোস্বামী