ETV Bharat / entertainment

ৰূপম ভূঞাৰ ‘ছায়া ছবি’এ আনিছে আপোনাৰ বাবে ডাঙৰ সুযোগ !

'ছায়া ছবি' চাৰিটা নতুন গীতৰ ভিতৰত এটা গীতত সুযোগ দিয়া হ'ব নতুন প্ৰতিভাক । সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিলে কণ্ঠশিল্পী ৰূপম ভূঞাই ।

Singer Rupam Bhuyan Chaya Chobi New talent will get a chance this time too
কণ্ঠশিল্পী ৰূপম ভূঞা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : July 2, 2026 at 5:23 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: লাইভ মিউজিক আৰু প্ৰকৃতিসৃষ্ট অৱদানৰে বিগত কেইবছৰমান ধৰি সংগীতপ্ৰেমী শ্ৰোতাক এক অনন্য সোৱাদ প্ৰদান কৰি আহিছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই । কণ্ঠশিল্পীগৰাকীৰ এটা বিশেষ প্ৰকল্প 'ছায়া ছবি'ৰ জৰিয়তে ৰূপম ভূঞাই আগবঢ়াই নিছে এটা বিশেষ ধাৰা ।

জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই প্ৰতিবছৰে আয়োজন কৰা ‘ছায়া ছবি’ নামৰ বিশেষ প্ৰকল্পটো এইবাৰো আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হ'ব । বিগত পাঁচ বছৰৰ দৰে এইবাৰো 'ছায়া ছবি'ত অসমৰ প্ৰতিভাসকলক দিয়া হ'ব এখন মঞ্চ । 'ছায়া ছবিৰ' চাৰিটা নতুন গীতৰ ভিতৰত এটা গীতত সুযোগ দিয়া হ'ব নতুন প্ৰতিভাক ।

Singer Rupam Bhuyan Chaya Chobi New talent will get a chance this time too
'ছায়া ছবিৰ' চাৰিটা নতুন গীতৰ ভিতৰত এটা গীতত সুযোগ দিয়া হ'ব নতুন প্ৰতিভাক (Photo : ETV Bharat Assam)

সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে কণ্ঠশিল্পী ৰূপম ভূঞাই । ইয়াৰ বাবে বান্ধি দিয়া হৈছে কিছু নিয়মাৱলীও ।

সেইসমূহ হৈছে-

  • গীতটি সম্পূর্ণ মৌলিক হ'ব লাগিব ৷
  • গীতটি আগতে কোনো প্লেটফর্ম, ছ'চিয়েল মিডিয়া বা আন কোনো মাধ্যমত প্রকাশ হোৱা হ'ব নালাগিব আৰু এ আইৰ দ্বাৰা সৃষ্টি কৰা হ'ব নালাগিব ৷
  • যদি আপোনাৰ গীত নিৰ্বাচিত হয়, তেন্তে অসমৰ মনোমোহা প্রাকৃতিক স্থানত Live Recording-এৰে নিৰ্মাণ হ'বলগীয়া সেই গীতৰ অফিচিয়েল অডিঅ’-ভিডিঅ’ত আপুনি নিজেই কণ্ঠশিল্পী হিচাপে অংশগ্রহণ কৰাৰ এক বিশেষ সুযোগ লাভ কৰিব ৷
  • লগতে আপুনি নিজে লিখা, নিজে সুৰ কৰা আৰু নিজৰ কণ্ঠৰে গোৱা এটা সম্পূৰ্ণ গীত অহা ১ আগষ্টৰ ভিতৰত bhuyan.rupam@gmail.com লৈ পঠিয়াব লাগিব ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 'ছায়া ছবি'ৰ পাঁচটা এলবাম ওলাইছে । লাইভ অডিঅ’, ভিডিঅ’ ৰেকৰ্ডিঙৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা হাতত লৈছিল কণ্ঠশিল্পীগৰাকীয়ে । পত্নীৰ বিয়োগৰ পাছত তেওঁলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে কণ্ঠশিল্পীগৰাকীৰ লগতে তেওঁৰ বন্ধুবৰ্গই আৰম্ভ কৰিছিল এই প্ৰচেষ্টাৰ ।

CHAYA CHOBI
ৰূপম ভূঞা গীত পৰিৱেশন কৰি থকা অৱস্থাত (Photo : ETV Bharat Assam)

লগতে ইয়াৰ জৰিয়তে প্ৰতিবছৰে যাতে নতুন নতুন প্ৰতিভাক তেওঁলোকে সুযোগ দিব পাৰে তাৰেই চেষ্টা অব্যাহত ৰাখিছে কণ্ঠশিল্পী ৰূপম ভূঞাই । প্ৰতি বছৰে এই ‘ছায়া ছবি’ৰ জৰিয়তে চাৰিগৰাকী কণ্ঠশিল্পীক লৈ চাৰিটা গীত মুক্তি দিয়া হয় ।

লগতে পঢ়ক : 'ধুনু-মুনু' লৈ আহি আছে বেঙেনা পাৰ্টী, প্ৰেমত প্ৰতাৰিতসকলৰ বাবেও বিশেষ আঁচনি