ETV Bharat / entertainment

জুবিনদা নথকা হ’লে মই গানেই নাগালোহেতেন : নীল আকাশ

নলবাৰী ৰাসত সংগীত পৰিৱেশনৰ মাজতে আৱেগিক কণ্ঠশিল্পী নীল আকাশ । ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ অষ্টম নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কণ্ঠশিল্পীগৰাকীৰ ৷

Singer Neel Akash Performs at Nalbari Raas Mahotsav
জুবিনৰ সৈতে নীল আকাশ (Photo : Singer Neel Aakash Instagram)
author img

By ETV Bharat Entertainment Team

Published : November 13, 2025 at 1:04 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : শৰতৰ শুভ্ৰ জোনাকত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উখল-মাখল ৰাজ্য । নলবাৰীতো বিগত ৫ নৱেম্বৰৰ পৰা চলি আছে ৰাস মহোৎসৱ । উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত চলিছে ১৩ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ ।

বুধবাৰে অষ্টম দিনৰ কাৰ্যসূচীত ভিন্ন অনুষ্ঠান সফলতাৰে সম্পন্ন হয় । আগন্তুক ১৭ নৱেম্বৰত সামৰণি পৰিব নলবাৰীৰ ৰাস মহোৎসৱৰ । অষ্টম দিনা অৰ্থাৎ বুধবাৰে নিশা পবিত্ৰ হৰিমন্দিৰ বাকৰিত অনুষ্ঠিত ৰাস মহোৎসৱত আয়োজিত হয় সাংস্কৃতিক সন্ধিয়া । এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ গীতৰ শৰাই ।

নীল আকাশৰ সংগীতানুষ্ঠান (ETV Bharat Assam)

মঞ্চত উঠিয়েই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে নীল আকাশে ৷ শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ এটাৰ পিছত আনটোকৈ পৰিৱেশন কৰি যায় তেওঁ ৷ অজস্ৰ দৰ্শক আৰু ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰে নীল আকাশৰ অনুষ্ঠান ৷ সংগীত পৰিৱেশনৰ মাজতে কণ্ঠশিল্পী নীল আকাশে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত গাই থাকিলেও শেষ নহ’ব বুলি মন্তব্য কৰে । তাৰ পিছতে আৱেগিক হৈ পৰে কণ্ঠশিল্পী নীল আকাশ ।

তেওঁ কয়, "মই সদায় কৈ থাকো মঞ্চত, মই প্ৰতিটো অনুষ্ঠানত য’তেই সুবিধা পাও তাতেই কও- জুবিনদা নোহোৱা হ’লে মই গানেই নাগালোহেঁতেন । আজি মই যি পৰ্যায়তে আগবাঢ়িব পাৰিছো অকণমান হ’লেও, সেয়া কেৱল আৰু কেৱল মাত্ৰ দাদাৰ কাৰণে । দাদাৰ আশীৰ্বাদৰ কাৰণে । মোৰ নিচিনাকৈ চাগৈ এনে বহুত আছে অসমত ল’ৰা-ছোৱালী , যিয়ে কেৱল দাদাৰ সাহসতে গান গায়, যিয়ে গানৰ জৰিয়তে নিজৰ কৰ্মজীৱন আগবঢ়াই আছে । মোৰ নিচিনা বহুত ওলাব ।"

লগতে পঢ়ক : মায়া মাথো মায়া... জুবিন গাৰ্গৰ মায়াত মায়াময় নলবাৰী