আজি মই যি পৰিচয় পাইছোঁ সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে: মৰ্মিতা মিত্ৰ
জুবিন ক্ষেত্ৰত কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ অশ্ৰুসিক্ত নয়নৰে শ্ৰদ্ধাঞ্জলি, নতুন গীত ‘নাহৰ’ উন্মোচন । আবেগিক কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ।

Published : March 1, 2026 at 1:36 PM IST
সোণাপুৰ: জুবিন ক্ষেত্ৰত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ । জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰিলে নতুন অসমীয়া গীত 'নাহৰ' । জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰ আৰু জিতেন কলিতাৰ কণ্ঠৰে নতুন গীত ‘নাহৰ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । সোণাপুৰৰ 'জুবিন ক্ষেত্ৰ'ত এক আৱেগিক পৰিৱেশত এই উন্মোচনী অনুষ্ঠান সম্পন্ন হয় ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আৱেগিক শ্ৰদ্ধাঞ্জলি:
গীতটি মুকলি কৰাৰ পূৰ্বে কন্ঠশিল্পী মৰ্মিতা মিত্ৰই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জুবিন গাৰ্গক স্মৰণ কৰি শিল্পীগৰাকী যথেষ্ট আৱেগিক হৈ পৰে । উল্লেখ্য যে, জুবিন গাৰ্গৰ অবিহনে এইবাৰ অসমবাসীয়ে প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰিবলগীয়া হোৱা বিষয়টোৱে শিল্পীগৰাকীক ব্যথিত কৰি তোলে ।
মৰ্মিতা মিত্ৰই সংবাদ মাধ্যমৰ আগত কয়, "জুবিন দা আমাৰ মাজত শাৰীৰিকভাৱে নাই, সেই কথা আজিও আমি কল্পনা কৰিব নোৱাৰোঁ । আজি মই যি পৰিচয় পাইছোঁ বা যি স্থানত আছোঁ, সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে ।" মৰ্মিতাই তেওঁৰ সংগীত জীৱনত জুবিন গাৰ্গৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে । তেওঁ কয়, "জুবিন গাৰ্গৰ গীতসমূহ গোৱাৰ বাবেই অসমৰ ৰাইজে তেওঁক ইমান দিনে মৰম আৰু আদৰ দি আহিছে । আগলৈও এই মৰম আৰু আশীৰ্বাদ অটুট থাকিব ।"

‘নাহৰ’ গীতটিৰ বিষয়ে :
জিতেন কলিতা আৰু মৰ্মিতা মিত্ৰৰ যুটীয়া কণ্ঠৰ এই গীতটিয়ে বসন্তৰ আগমন আৰু বিহুৰ বতৰত শ্ৰোতাৰ মাজত এক নতুন উচাহ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে । গীতটি জুবিন ক্ষেত্ৰৰ মুকলি কৰি শিল্পীদ্বয়ে আনন্দ প্ৰকাশ কৰে । অসমৰ সংগীত জগতত জুবিন গাৰ্গৰ এক বিশাল শূন্যতা বিৰাজ কৰিছে যদিও তেওঁৰ আদৰ্শ আৰু তেওঁ দি যোৱা সংগীতেৰে নতুন প্ৰজন্মৰ শিল্পীসকলে আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰিছে । ‘নাহৰ’ গীতটিয়ে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।


