ৰাখী বন্ধনৰ দিনা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক স্মৰণ ভগ্নী শ্বেতাৰ
ৰাখী বন্ধনত প্ৰয়াত ভাতৃ সুশান্তক লৈ ভগ্নী শ্বেতাৰ আৱেগিক প’ষ্ট...

By ETV Bharat Entertainment Team
Published : August 28, 2026 at 4:30 PM IST
হায়দৰাবাদ : ৰাখী বন্ধনৰ পবিত্ৰ উৎসৱত প্রয়াত ভাতৃ সুশান্ত সিং ৰাজপুতক স্মৰণ কৰিলে জ্যেষ্ঠ ভগ্নী শ্বেতাই । ছ’চিয়েল মিডিয়াত ভায়েকৰ পুৰণি ফটো শ্বেয়াৰ কৰি আবেগিক হৈ পৰে শ্বেতা সিং কীৰ্তি ।
ৰাখী বন্ধনৰ দিনটো অহাৰ লগে লগেই মনটো ব্যাকুল হৈ পৰে । যাক এদিন নিজৰ কোলাত লৈ মৰমেৰে ডাঙৰ দীঘল কৰিছিল, আজি তেওঁ আকাশৰ তৰা— এই কথা কোনোবা ভগ্নীয়ে সহজে মানি ল’ব পাৰিবনে ? চাৰিওফালে এতিয়া ৰাখী বন্ধনৰ উলহ-মালহ পৰিৱেশ, তেনে সময়তে ছ’চিয়েল মিডিয়াত প্ৰয়াত সৰু ভাতৃ তথা অভিনেতা সুশান্ত সিং ৰাজপুতৰ পুৰণি ফটো শ্বেয়াৰ কৰি স্মৃতিৰ সাগৰত বুৰ গৈছে ভগ্নী শ্বেতা সিং কীৰ্তি ।
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৰুকালৰ তিনিখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে জ্যেষ্ঠ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে । ফটোকেইখনৰ শিৰোনামত তেওঁ লিখিছে— "সেই দিনবোৰ মোৰ আজিও বৰ ভালদৰে মনত পৰে... তোমাৰ সৈতে মোৰ খেলনাবোৰ ভগাই লোৱাৰ মাজত কি যে এক আনন্দ আছিল! মোৰ একমাত্ৰ পুতলাটো আৰু উপহাৰ হিচাপে পোৱা সৰু পাকঘৰৰ খেলনাৰ ছেটটোৰে যেতিয়া তোমাক খেলি থকা আৰু আনন্দ লাভ কৰি থকা দেখিছিলোঁ, মোৰ বহুত বেছি ভাল লাগিছিল । কিন্তু মিঠাইৰ ক্ষেত্ৰত— যিটো আমি দুয়োজনে সমানেই ভাল পাইছিলোঁ— তাত অৱশ্যে কথাটো অলপ বেলেগ আছিল । মই সদায় নিশ্চিত কৰিব বিচাৰিছিলোঁ যাতে আমি একদম সমানে সমানে ভগাই খাওঁ । কোনেও কম পাব নোৱাৰিব, কোনেও বেছি পাব নোৱাৰিব... ভাগটো একদম সমান হ’বই লাগিব!"
ইয়াৰ পিছত শ্বেতাই ফটোকেইখনৰ আঁৰৰ অনুভৱবোৰ বৰ্ণনা কৰি লিখিছে— "ছবিখনত মোৰ মুখৰ ভাবটো এবাৰ চোৱাচোন— যেতিয়া মই ৰাখী বন্ধনৰ দিনা ভাইটিক 'কালাকান্দ' খুৱাইছিলোঁ... মোৰ মনত আছে, তাক ঠিক আধা টুকুৰাহে দিয়াৰ ক্ষেত্ৰত মই কিমান সজাগ আছিলোঁ... মোৰ মুখৰ ভংগিমাটোলৈকে চোৱা না! সি যাতে ডাঙৰকৈ কামোৰ মাৰি বেছিকৈ খাই পেলাব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ মই কিমান মনোযোগেৰে তালৈ চাই আছোঁ ।"
ইয়াৰ পিছত ভাইটিক স্মৰণ কৰি শ্বেতাই লিখিছে, "এই স্মৃতিবোৰেই মই সদায় মোৰ হৃদয়ৰ একেবাৰে কাষত সযতনে সাঁচি ৰাখিম... এইবোৰ মোৰ বাবে অতি মৰমৰ আৰু আপুৰুগীয়া । আচ্ছা ভাইটি, পিছৰ জন্মত— যদি সঁচাকৈয়ে আমাৰ পুনৰ জন্ম হয়, তেতিয়া তুমি মোৰ মৰমিয়াল আৰু ডাঙৰ বায়েকৰ ভূমিকা পালন কৰিব লাগিব... আৰু মই হ’ম সেই দুষ্ট মিঠা সৰু ল’ৰাটো, যেনেকুৱা তুমি আছিলা । মোৰ জীৱনৰ আটাইতকৈ আপোন মূহূৰ্তক যদি মই চিৰস্থায়ী কৰি ৰাখিব পাৰিলোঁহেঁতেন, তেন্তে এইটোৱেই হ’লহেঁতেন সেইটো মূহূৰ্ত... আমি সকলো ইয়াত আছোঁ । একেলগে । ঠিক যেনেকৈ আমি আছিলোঁ... অনন্তকালৰ বাবে এক নিখুঁত ৰূপত ধৰা দিছোঁ এই ফটোখনত । শুভ ৰাখীবন্ধন ভাইটি! ঈশ্বৰৰ আশ্ৰয়ত তুমি সদায় সুৰক্ষিত থাকা ।"
সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু তেওঁৰ অভিনয় জীৱন
২০২০ চনৰ ১৪ জুনত বান্দ্ৰাস্থিত নিজৰ ফ্লেটত সুশান্ত সিং ৰাজপুতক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ । মনোৰঞ্জনৰ জগতখনত সুশান্তৰ কেৰিয়াৰ আৰম্ভ হৈছিল 'কিছ দেশ মে হে মেৰা দিল' নামৰ টেলিভিছন ধাৰাবাহিকৰ জৰিয়তে । ইয়াৰ পিছত একতা কাপুৰৰ 'পবিত্ৰ ৰিস্তা' ধাৰাবাহিকখনত কৰা অভিনয়ৰ বাবে তেওঁ ঘৰে ঘৰে ব্যাপক জনপ্ৰিয়তা লাভ কৰে । পৰৱৰ্তী সময়ত তেওঁ ছবি জগতত খোজ পেলাই আৰু 'কাই পো চে', 'এম.এছ. ধোনী: দ্য আনটোল্ড ষ্ট’ৰী', 'শুদ্ধ দেশী ৰোমাঞ্চ', 'ডিটেক্টিভ ব্যোমকেশ বক্সী!', 'ছিছোৰে' আৰু 'দিল বেচাৰা'ৰ দৰে বহুতো অসাধাৰণ চলচ্চিত্ৰ উপহাৰ দিয়ে ।
লগতে পঢ়ক : ৰাখী বন্ধনৰ মহত্ব বুজিবলৈ বিশেষ দিনটোত চাওক এইকেইখন চিনেমা

