সংগীতৰ কিংবদন্তি আশা ভোছলেক স্মৰণ শ্ৰেয়া ঘোষালৰ: 'তেওঁৰ স্থান কোনেও ল’ব নোৱাৰে'
কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে প্ৰয়াত কিংবদন্তি গায়িকা আশা ভোছলেক স্মৰণ কৰিছে । তেওঁৰ মতে, আশা ভোছলে আছিল শক্তি আৰু নাৰীবাদৰ এক জীৱন্ত প্ৰতিচ্ছবি ।

By ETV Bharat Entertainment Team
Published : April 30, 2026 at 5:25 PM IST
হায়দৰাবাদ : প্ৰয়াত কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ (১৯৩৩-২০২৬) প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্ৰেয়া ঘোষালে কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে ৷ শ্ৰেয়া ঘোষালে তেওঁক এগৰাকী শক্তিশালী মহিলা আৰু নাৰীবাদৰ প্ৰতীক হিচাপে অভিহিত কৰিছে । ৯২ বছৰ বয়সতো আনকি আশা টাইয়ে (Asha Tai) প্ৰতিদিনে ৰিয়াজ কৰিছিল, যিটো নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে এক ডাঙৰ শিক্ষা ।
শ্ৰেয়া ঘোষালে শেহতীয়াকৈ লণ্ডনৰ অ’২ এৰেনাত (O2 Arena) অনুষ্ঠিত তেওঁৰ অনুষ্ঠানটো আশা ভোছলেৰ নামত উৎসৰ্গা কৰিছে । শ্ৰেয়াৰ মতে, আশা ভোছলে আছিল ভাৰতীয় সংগীতৰ এনে এক স্তম্ভ যাৰ স্থান কোনেও ল’ব নোৱাৰে ৷
শ্ৰেয়া ঘোষালে তেওঁৰ ‘অল হাৰ্টছ ট্যুৰ’ (All Hearts Tour) নামৰ লাইভ এলবামটো মুকলি কৰাৰ পিছত সংবাদ সংস্থা IANS-ৰ সৈতে বাৰ্তালাপ কৰিছিল । এই কথা-বতৰাত তেওঁ আশা ভোছলেক শক্তি আৰু নাৰীবাদৰ এক জীৱন্ত প্ৰতিচ্ছবি হিচাপে অভিহিত কৰে ।
তেওঁ IANS-ক জনাই, “লতা জী আৰু আশা জী মোৰ বাবে গুৰুৰ দৰে । মই তেওঁলোকক খুব কমেই লগ পাইছোঁ, কিন্তু সদায় তেওঁলোকৰ সংগীত আৰু শিল্পকলাৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ । তেওঁলোকৰ কণ্ঠ মোৰ সংগীত আত্মাৰ অন্তৰ্নিহিত স্বৰ হৈ পৰিছে । মোৰ দৃষ্টিত আশা জী এনে এগৰাকী শিল্পী যিয়ে জীৱনৰ বহু বাধা-বিঘিনি নেওচি আগবাঢ়িছিল । যথেষ্ট সংগ্ৰাম কৰা সত্ত্বেও তেওঁ শক্তি আৰু নাৰীবাদৰ এক উৎকৃষ্ট উদাহৰণ হৈ ৰ’ল আৰু কেতিয়াও মধ্যমীয়া কামৰ ওচৰত হাৰ নামানিলে ।”
ৰাষ্ট্ৰীয় বঁটা বিজয়ী গায়িকা শ্ৰেয়া ঘোষালে গায়িকা আশা ভোছলেৰ অনুশাসনৰ ভূয়সী প্ৰশংসা কৰে আৰু উল্লেখ কৰে যে আজিৰ প্ৰজন্মৰ শিল্পীসকলে তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে ।
তেওঁ লগতে কয়, “তেওঁৰ প্ৰতিভা বুজাবলৈ ‘অসাধাৰণ’ শব্দটোও হয়তো কম হ’ব । আজি তেওঁ আমাৰ মাজত নাই যদিও তেওঁৰ কাহিনীসমূহ আৰু তেওঁ প্ৰতিটো গীত যি ধৰণে গাইছিল, তাৰ আঁৰৰ কথা বোৰে আমাক সদায় অনুপ্ৰাণিত কৰি ৰাখিব । তেওঁ যি ধৰণৰ ৰেওৱাজ (সংগীতৰ চৰ্চা) কৰিছিল সেয়া অতুলনীয় । আনকি ৯২ বছৰ বয়সতো তেওঁ প্ৰতিদিনে ৰেওৱাজ কৰিছিল । তেওঁ সদায় আমাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব । লণ্ডনৰ ও-টু এৰেনাত (O2 arena) হোৱা মোৰ শেহতীয়া কনচাৰ্টটো মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল, য’ত বিশ্বৰ ডাঙৰ ডাঙৰ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিছে । যেতিয়া মই তেওঁৰ (আশা জীৰ) মৃত্যুৰ খবৰটো পাইছিলোঁ, মই বহুত বিচলিত হৈ পৰিছিলোঁ । কিন্তু মই ভাবিলোঁ যে তেওঁ যি উত্তৰাধিকাৰ আমাক দি গৈছে, তাক আমি আগুৱাই লৈ যাব লাগিব । তেওঁ নিশ্চয় এইটো ভাবি সুখী হ'লহেঁতেন যে ভাৰতৰ পৰা এগৰাকী মহিলা শিল্পীয়ে এনে এক বৃহৎ মঞ্চত মুখ্য প্ৰদৰ্শন কৰিছে— যাক আমি ‘ভাৰতৰ কণ্ঠ’ আৰু ‘ভাৰতৰ জীয়ৰী’ বুলি ক’ব পাৰোঁ ।”
শ্ৰেয়া ঘোষালে লগতে কয়, “মই ভাবিলোঁ যে তেওঁ (আশা জীয়ে) নিশ্চয় আমাক আশীৰ্বাদ দিছে । লণ্ডনৰ কনচাৰ্টটো প্ৰতিটো দিশৰ পৰাই আছিল তেওঁৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি । ভাৰতীয় সংগীতৰ শেষৰটো আটাইতকৈ শক্তিশালী স্তম্ভ আছিল তেওঁ, যাক আমি হেৰুৱালোঁ । লতা জী, আশা জী, ৰফী চাহাব আৰু কিশোৰ দাৰ দৰে মহান শিল্পীসকলে যি শক্তি, কঠোৰ পৰিশ্ৰম আৰু শ্ৰেষ্ঠত্ব আমাক দি থৈ গৈছে, সেই স্থান কোনেও কেতিয়াও ল’ব নোৱাৰে । এই মহান শিল্পীসকলৰ সৈতে কোনেও কেতিয়াও ফেৰ মাৰিব নোৱাৰে ।”
লগতে পঢ়ক : “তেওঁ আছিল সংগীত জগতৰ শেষৰগৰাকী সেনানী”: আশা ভোছলেৰ মৃত্যুত চনু নিগমৰ মন্তব্য

