২০ আৰু ২১ নৱেম্বৰত 'শ্বিলং চেৰী ব্ল'জ'ম ফেষ্টিভেল ২০২৬'
এইবাৰ চেৰী ব্ল'জ'ম ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ হ'ব বিশ্ববিখ্যাত আৰ এণ্ড বি তাৰকা খালিদ, আমেৰিকান ৰেপাৰ ছুৱে লি আৰু জনপ্ৰিয় পপ-ৰক বেণ্ড 'বয়েজ লাইক গাৰ্লছ' ।

Published : September 1, 2026 at 8:23 PM IST
গুৱাহাটী: দুদিনীয়া কাৰ্যসূচীৰে মেঘালয়ৰ আটাইতকৈ জনপ্ৰিয় সাংস্কৃতিক তথা পৰ্যটন উৎসৱ 'শ্বিলং চেৰী ব্ল'জ'ম ফেষ্টিভেল ২০২৬' এইবাৰ অনুষ্ঠিত হ'ব । ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ষৰ চেৰী ব্ল'জ'ম ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ হ'ব বিশ্ববিখ্যাত আৰএণ্ডবি তাৰকা খালিদ, আমেৰিকান ৰেপাৰ ছুৱে লি আৰু জনপ্ৰিয় পপ-ৰ'ক বেণ্ড 'বয়েজ লাইক গাৰ্লছ' ।
এইবাৰ নিউ শ্বিলং হাইলণ্ড গ্ৰাউণ্ডত উৎসৱটি সম্পূৰ্ণ নতুন পৰিৱেশত অনুষ্ঠিত হ’ব । শ্বিলঙৰ মনপৰষা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মেঘালয়ৰ স্থানীয় সংস্কৃতি, খাদ্য, শিল্পকলা এক বিশাল মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

এইবাৰৰ মঞ্চত খালিদে তেওঁৰ ছুপাৰহিট গীত ‘Young, Dumb & Broke’, ‘Location’ আৰু ‘Better’ পৰিৱেশন কৰিব । আনহাতে, 'স্পাইডাৰ-মেন: ইনটু দ্য স্পাইডাৰ-ভাৰ্ছ' ছবিৰ বিখ্যাত গীত ‘Sunflower’ খ্যাত ছুৱে লি আৰু ‘The Great Escape’ তথা ‘Two Is Better Than One’ আদি গীতৰ বাবে পৰিচিত বেণ্ড 'বয়েজ লাইক গাৰ্লছ'ৰ প্ৰদৰ্শনে দৰ্শকক আকৰ্ষিত কৰিব । এই উৎসৱত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব ।
'শ্বিলং চেৰী ব্ল'জ'ম ফেষ্টিভেল কি?
চেৰী ব্ল'জ'ম ফেষ্টিভেল হৈছে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা এক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান । প্ৰতিবছৰে নৱেম্বৰ মাহত এই উৎসৱটিৰ আয়োজন কৰা হয় । চেৰী ফুল, যাক চেৰী ব্ল'জ'ম নামেৰে জনা যায়, এই চেৰী ফুলাৰ সময়ছোৱাৰ সৈতে সংগতি ৰাখি উৎসৱটো উদযাপন কৰা হয় ।

মেঘালয় চৰকাৰৰ উদ্যোগত ২০১৬ চনত অঞ্চলটোৰ পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে শ্বিলং চেৰী ব্ল'জ'ম ফেষ্টিভেলৰ আয়োজন কৰা হৈছিল । বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰেষ্টন টাইনছঙৰ নেতৃত্বত জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান (আইবিএছডি)ৰ সহায়ত এই উৎসৱটোৱে বছৰ বছৰ ধৰি আকাৰ আৰু উপস্থিতি দুয়োটা দিশতে সম্প্ৰসাৰিত হৈছে ।
ইয়াৰ ফুলৰ প্ৰদৰ্শনী আৰু বিভিন্নধৰণৰ সাংস্কৃতিক অনুষ্ঠানে ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা অহা দৰ্শনাৰ্থীৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটককো আকৰ্ষণ কৰে । ২০২২ চনত মেঘালয়ৰ সীমান্তৰ সমীপৱৰ্তী অসমৰ পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনা তথা হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত এই উৎসৱ বাতিল কৰা হৈছিল ।
জনপ্ৰিয় পপ-ৰ'ক বেণ্ড 'বয়েজ লাইক গাৰ্লছ' কি ?

২০০৫ চনৰ শেষৰ মাহবোৰত বষ্টনৰ উপকণ্ঠ অঞ্চল এণ্ডোভাৰ, মেছাচুচেটছত 'বয়েজ লাইক গাৰ্লছ' ব্ৰেণ্ডটো গঠন কৰা হৈছিল । বেণ্ডটোৰ দ্বিতীয় ষ্টুডিঅ' এলবাম 'লাভ ড্ৰাংক' ২০০৯ চনত মুক্তি লাভ কৰে আৰু ২০১২ চনত তেওঁলোকৰ তৃতীয়টো ষ্টুডিঅ' এলবাম ক্ৰেজি ৱৰ্ল্ড লাভ কৰে ।
'শ্বিলং চেৰী ব্ল'জ'ম ফেষ্টিভেল' ত পূৰ্বে প্ৰদৰ্শন কৰা তাৰকাসকল
উল্লেখ্য যে বিগত বৰ্ষত জেছন ডেৰুলো, দ্য স্ক্ৰিপ্ট, টাইগা আৰু একুৱাৰ দৰে তাৰকাৰ উপস্থিতিয়ে উৎসৱটোক এক নতুন মাত্ৰা প্ৰদান কৰিছিল । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কৰে চাংমাই ৰাজ্যখনত 'কনচাৰ্ট ইকনমি' গঢ়ি তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে ।
তদুপৰি চৰকাৰে এনে বৃহৎ কনচাৰ্টসমূহৰ জৰিয়তে কেৱল মনোঞ্জনেই নহয়, বৰঞ্চ ৰাজ্যখনলৈ পৰ্যটক আকৰ্ষণ কৰা, স্থানীয় যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰা আৰু ক্ষুদ্ৰ উদ্যোগীসকলক এক ব্যৱসায়িক সুবিধা প্ৰদান কৰাৰ বাবে এক পৰিৱেশ গঢ়ি তুলিছে ।

