শ্বাহিদ কাপুৰৰ জন্মদিনত পত্নী মীৰা ৰাজপুতৰ বিশেষ শুভেচ্ছা
অভিনেতা শ্বাহিদ কাপুৰৰ জন্মদিনটো বিশেষ কৰি তুলি পত্নী মীৰা ৰাজপুতে শ্বেয়াৰ কৰিছে কেবাখনো মৰমলগা ফটো ৷

By ETV Bharat Entertainment Team
Published : February 26, 2026 at 10:52 AM IST
হায়দৰাবাদ : ২৫ ফেব্ৰুৱাৰীৰ দিনটো আছিল জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰৰ জন্মদিন । চাৰিওফালৰ পৰা আহে অনুৰাগীৰ শুভেচ্ছা ৷ তাৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পত্নীৰ শুভেচ্ছা বাৰ্তাই ৷
এই বিশেষ দিনটোত তেওঁৰ পত্নী মীৰা কাপুৰে ছ’চিয়েল মিডিয়াত কিছুমান অতি মৰমলগা আৰু ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰি শ্বাহিদক শুভেচ্ছা জনায় ।
মীৰাই শ্বাহিদক 'মোৰ জীৱনৰ প্ৰেম' বুলি অভিহিত কৰি এক আন্তৰিক বাৰ্তা লিখে ৷ শ্বেয়াৰ কৰা ফটোবোৰত সাগৰৰ পাৰত সূৰ্যাস্তৰ সময়ত দুয়োকে অতি সুখী দেখা গৈছে । এটা বিশেষ ফ্ৰেমত মীৰাই শ্বাহিদৰ কপালত চুমা আঁকি থকা দেখা গৈছে । মীৰাই তেওঁৰ পোষ্টটোত শ্বাহিদক নিজৰ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তি বুলি উল্লেখ কৰিছে । তেওঁ লিখিছে, "সঁচাকৈয়ে তুমি শ্ৰেষ্ঠ... মোৰ জীৱনৰ প্ৰেমক জন্মদিনৰ ওলগ জনালোঁ❤️ ৷”
উল্লেখ্য যে, শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুতে ২০১৫ চনৰ ৭ জুলাইত দিল্লীত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল । শ্বাহিদ আৰু মীৰাৰ বৈবাহিক জীৱনে ইতিমধ্যে এক দশক অতিক্ৰম কৰিছে । তেওঁলোকৰ মিশা (কন্যা) আৰু জেইন (পুত্ৰ) নামৰ দুটি সন্তান আছে । মিশাৰ জন্ম হৈছিল ২০১৬ চনত আৰু জেইনৰ জন্ম হৈছিল ২০১৮ চনত ।
মীৰা কাপুৰে বৰ্তমান এগৰাকী সফল উদ্যোগী মহিলা হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছে । তেওঁ বৰ্তমান স্বাস্থ্যসন্মত জীৱনশৈলী সম্পৰ্কীয় কাম-কাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷
আনহাতে অভিনেতা শ্বাহিদ কাপুৰ বৰ্তমান তেওঁৰ চিনেমা আৰু শ্বুটিংসমূহক লৈ খুবেই ব্যস্ত । তেওঁক শেহতীয়াকৈ মুক্তি পোৱা 'অ’ ৰোমিঅ’ (O Romeo) নামৰ চিনেমাখনত দেখা গৈছিল । তেওঁৰ হাতত বৰ্তমান 'কক্টেইল ২' (Cocktail 2) আৰু 'ফৰ্জী ২' (Farzi 2) ৰ কাম আছে । যিসকলে নাজানে তেওঁলোকৰ বাবে জনাই থওঁ যে, শ্বাহিদ কাপুৰ অভিজ্ঞ অভিনেতা পংকজ কাপুৰ আৰু অভিনেত্ৰী নীলিমা আজিমৰ পুত্ৰ । অভিনেতা ঈশান খট্টৰ হৈছে তেওঁৰ ভাতৃ (Half-brother)।
লগতে পঢ়ক : ফ্লিপৰাচীৰ 'FA9LA': ভাষিক বাধাৰ মাজতো ভাৰতত সৃষ্টি হোৱা সংগীতৰ আলোড়ন

