তুৰ্কী অভিনেত্ৰী হেণ্ডে এৰ্চেলে শ্বাহৰুখ খানক চিনি নাপায় ? সুধিলে, "কোন এই আংকল ?"
শেহতীয়াকৈ ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধত উপস্থিত হৈছিল শ্বাহৰুখ খান ৷ ২০২৬ চনৰ জয় এৱাৰ্ডছত অংশগ্ৰহণ কৰিবলৈ অভিনেতাগৰাকী তাত উপস্থিত হয় ।

By ETV Bharat Entertainment Team
Published : January 20, 2026 at 4:31 PM IST
হায়দৰাবাদ : শেহতীয়াকৈ ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত জয় এৱাৰ্ডছ ২০২৬ত অংশগ্ৰহণ কৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে । তাৰকাৰে ভৰা অনুষ্ঠানত তেওঁ বঁটা প্ৰদান কৰে । শ্বাহৰুখ খানৰ কেইবাটাও ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে । ইয়াৰ ভিতৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে এখন ফটোৱে ৷
বিশেষ ফটোখনত মঞ্চত উপস্থিত শ্বাহৰুখ খানক নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰা দেখা গৈছে সুন্দৰ তুৰ্কী চলচ্চিত্ৰ অভিনেত্ৰী হেণ্ডে এৰ্চেলক । এই ফটোখন ছ’চিয়েল মিডিয়াত সোনকালে ভাইৰেল হৈ পৰে আৰু শেষত অভিনেত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ শ্বাহৰুখ খানক তেওঁ ‘আংকল’ বুলি অভিহিত কৰে ।

হু ইজ দিজ আংকল ?
অনুষ্ঠানত হেণ্ডে এৰ্চেলে ফটো তোলাৰ ফটোখন ভাইৰেল হোৱাৰ লগে লগে মানুহে অনুমান কৰিবলৈ ধৰিলে যে অভিনেত্ৰীগৰাকী শ্বাহৰুখ খানৰ অনুৰাগী । ভাইৰেল ফটোখন যেতিয়া হেণ্ডে এৰ্চেলৰ চকুত পৰিলে, তেতিয়া তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইনষ্টাগ্ৰাম ষ্ট’ৰী দিয়ে ।
এই ষ্ট’ৰীটোত শ্বাহৰুখ খানলৈ টোৱাই তেওঁ সুধিলে, "কোন এই আংকল ? মই মাত্ৰ মোৰ বন্ধু @aminakhalil ৰ ফটো তুলি আছিলো । মই তেওঁৰ অনুৰাগী নহয় । অনুগ্ৰহ কৰি মিছা খবৰ বিয়পোৱা বন্ধ কৰক ।" ফটোখনত হেণ্ডে এৰ্চেলৰ বন্ধুকো দেখা গৈছে । এতিয়া এই স্পষ্টীকৰণৰ লগে লগে শ্বাহৰুখ খানৰ অনুৰাগীৰ মাজত চৰ্চা লাভ কৰিছে হেণ্ডে এৰ্চেলে । বহুতে তেওঁৰ ফটোৰ কমেণ্ট ছেকশ্যন শ্বাহৰুখৰ নামেৰে ভৰাই তুলিছে ৷ কৈছে যে শ্বাহৰুখৰ বাবেহে তেওঁ ভাইৰেল হৈ পৰিছে ৷
The one and only @iamsrk has arrived for this special night. My brother, welcome! #JoyAwards 🙏🔥 pic.twitter.com/N3TCj2MdKX
— TURKI ALALSHIKH (@Turki_alalshikh) January 17, 2026
অভিনেত্ৰীগৰাকীয়ে পোষ্টটো ডিলিট কৰিলে নেকি ?
হেণ্ডেৰ এই ইনষ্টাগ্ৰাম ষ্ট’ৰীটো বৰ্তমান অভিনেত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত উপলব্ধ নহয় আৰু তেওঁ এতিয়াও স্পষ্ট কৰা নাই যে তেওঁ প্ৰকৃততে পোষ্টটো দিছিল নে নাই নে দিয়াৰ পিছত ডিলিট কৰিলে ! ইফালে একাংশ অনুৰাগীয়ে এই পোষ্টটো ভুৱা বুলি দাবী কৰিছে আৰু শ্বাহৰুখক বদনাম কৰিবলৈ প্ৰচাৰ কৰা হৈছে বুলি কৈছে ।
বলীউডৰ প্ৰতি প্ৰশংসা আৰু হিন্দী ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল এৰ্চেলে । কৰ্মক্ষেত্ৰত শ্বাহৰুখ খানে বৰ্তমান কিং ছবিখনৰ বাবে প্ৰস্তুতি চলাই আছে ৷ পাথান, জোৱান আৰু ডাংকি দৰে ব্লকবাষ্টাৰ ছবিৰ পিছত এই ছবিখনত শ্বাহৰুখে কন্যা সুহানাৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব ।
লগতে পঢ়ক : প্ৰথমে সমস্যা পৰিয়ালতেই আৰম্ভ হয়, তাৰ পাছতহে সমাজলৈ কথাবোৰ বিয়পে : গোবিন্দা

