ETV Bharat / entertainment

অভিনেতা শ্বাহৰুখ খান, অজয় ​​দেৱগন আৰু টাইগাৰ শ্ৰফলৈ এফডিএৰ জাননী

বলীউডৰ তিনি জনপ্ৰিয় অভিনেতালৈ এফডিএৰ জাননী ৷ সময়মতে জাননীৰ সঁহাৰি নাপালে আইনীৰ ৰোষত পৰিব তিনি অভিনেতা ৷

Shah Rukh Khan
বলীউডৰ তিনি জনপ্ৰিয় অভিনেতালৈ জাননী এফডিএৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 4:31 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই: বলীউডৰ তিনি জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান, অজয় ​​দেৱগন আৰু টাইগাৰ শ্ৰফলৈ জাননী জাৰি মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন চুমকৈ এফডিএৰ ৷ জানিব পৰা মতে, তিনি তাৰকা অভিনেতাক ‘ভিমল ইলাইচি’ৰ বিজ্ঞাপনত দেখা পোৱা গৈছিল ৷ ইফালে এফডিএৰ জাননী ১৫ দিনৰ ভিতৰত তিনি অভিনেতাই উত্তৰ দিব লাগিব ৷

মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে জাৰি কৰা জাননীখনৰ মতে, তিনি অভিনেতাই ধঁপাতজাতীয় সামগ্ৰী প্ৰচাৰ কৰিছে, যিটো মহাৰাষ্ট্ৰত নিষিদ্ধ সামগ্ৰী পান মছলাৰ সৈতে জড়িত ব্ৰেণ্ডৰ পৰোক্ষ ভাবে প্ৰচাৰ কৰিছে ৷

এফডিএয়ে কয়, "তেওঁলোকে নিষিদ্ধ পান মছলা বা ধঁপাতজাতীয় সামগ্ৰীৰ পৰোক্ষ প্ৰচাৰ কৰিছে । এই জাননীৰ সন্দৰ্ভত সময়মতে কোনো সঁহাৰি নাপালে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

উল্লেখ্য যে, ২০২৬ চনৰ ১১ আগষ্টত জাৰি কৰা এই জাননীখন খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ আৰু আনুষংগিক নিয়মৰ অধীনত তিনি অভিনেতালৈ জাননী জাৰি কৰিছে । জাননীখনত এফএছএছ আইনৰ ২৪ নং ধাৰা উল্লেখ কৰা হৈছে, য’ত বিভ্ৰান্তিকৰ বিজ্ঞাপন নিষিদ্ধ কৰা, ৫৩ নং ধাৰাও উল্লেখ কৰা হৈছে ৷

যাৰ অধীনত বিভ্ৰান্তিকৰ খাদ্যৰ বিজ্ঞাপন প্ৰকাশ কৰা বা প্ৰকাশত অংশগ্ৰহণ কৰা ব্যক্তিৰ শাস্তি বা জৰিমনা প্ৰদানৰ কথা উল্লেখ আছে ৷ এফডিএয়ে কয় যে, ইলাচিৰ বিজ্ঞাপনত 'বিমল' ব্ৰেণ্ডৰ ব্যৱহাৰে বিমল পান মছলা ব্ৰেণ্ডৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে, যিটো এটা নিষিদ্ধ সামগ্ৰী । এফডিএয়ে অভিনেতা কেইজনক বিজ্ঞাপনৰ সৈতে জড়িত হোৱাটো তৎক্ষণাত বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু অন্যান্য প্লেটফৰ্মৰ পৰা প্ৰচাৰ আঁতৰাই পেলাব লাগে বুলি নিৰ্দেশ দিছে ৷

স্বাধীনতা দিৱসৰ দিনা মহাৰাষ্ট্ৰৰ এফডিএৰ আয়ুক্ত টুকাৰাম মুণ্ডেয়ে কয়, "মই আশা কৰিছো যে দেশখনে অগ্ৰগতি অব্যাহত ৰাখক । বৰ্তমান মই খাদ্য সুৰক্ষা আয়ুক্ত হিচাপে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আছো । আমাৰ স্বাধীনতা আমাৰ খাদ্যৰ পছন্দৰ ক্ষেত্ৰতো বিস্তৃত হ’ব লাগে ।"

তেওঁ লগতে কয়, "আমি কেৱল ৰুচিৰ ওপৰত ভিত্তি কৰি খাদ্য বাছি লোৱাতকৈ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য বাছি লোৱাৰ স্বাধীনতা থকা উচিত ৷ গুণগত মানদণ্ড পূৰণ কৰা আৰু নিৰাপদ খাদ্য গ্ৰহণ কৰিলে আমি সুস্থ হৈ থাকিম ৷ আমি সুস্থ হ’লে আমাৰ দেশখনো সুস্থ হৈ উঠিব, যাৰ ফলত আমি আগবাঢ়ি যাব পাৰো ।"

শিৱসেনাৰ মুখপাত্ৰ শইনা এনচিয়ে কয়, "গুটখা আৰু পান মছলা স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক আমি সকলোৱে জানো । আমাৰ নেতা একনাথ সিন্ধেয়ে কিছুদিনৰ পূৰ্বে এফডিএৰ আয়ুক্ত টুকাৰাম মুণ্ডেক সাক্ষাৎ কৰিছিল । মই বিশ্বাস কৰো যে সঠিক দিশত লোৱা যিকোনো পদক্ষেপক জনস্বাৰ্থত লোৱা সিদ্ধান্ত হিচাপে চোৱা উচিত ।"

লগতে পঢ়ক: নৱাগতা অভিনেত্ৰী কোমলক লৈ গোবিন্দা-সুনীতাৰ সংসাৰত ধুমুহা ! লাইমলাইটলৈ আহিল ‘ছুগাৰ ডেডী’ৰ বিতৰ্ক