ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈছে 'ভাইমন দা'
৫৬ সংখ্যক ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত নিৰ্বাচিত হৈছে অসমীয়া ছবি ‘ভাইমন দা’।

By ETV Bharat Entertainment Team
Published : November 6, 2025 at 6:41 PM IST
|Updated : November 7, 2025 at 10:37 AM IST
গুৱাহাটী: অসমীয়া সাংস্কৃতিক জগতৰ বাবে এটা ভাল খবৰ । ৫৬ সংখ্যক ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত নিৰ্বাচিত হৈছে চলিত বর্ষত মুক্তিপ্ৰাপ্ত বহু প্ৰত্যাশিত অসমীয়া ছবি 'ভাইমন দা' । এই সন্দৰ্ভত ছবিখনৰ পৰিচালক শশাংক সমীৰে জনোৱা অনুসৰি, বৃহস্পতিবাৰে ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনোৰামা’ লৈ ছবিখন নিৰ্বাচিত হৈছে বুলি তেওঁলৈ ই-মেইল আৰু ফোনযোগে বাৰ্তা আহিছিল । গোৱাৰ পাঞ্জিমত ২৫ নৱেম্বৰৰ নিশা ৮ বজাত INOX - Audi II ত প্ৰদৰ্শিত হ’ব ছবিখন ।
জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত অসমীয়া ছবিজগতৰ কিংবদন্তি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ ছবিখনৰ প্ৰযোজনা কৰিছিল শ্যামন্তক গৌতমে । চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷

সংগীত শিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনত খোজ পেলোৱা ভাইমন দাৰ অসমীয়া ছবিজগতত আছে অনবদ্য অৱদান । 'পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয় আদিকে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণেৰে অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী কিংবদন্তি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন ।
আনহাতে প্ৰায় ৩৬o ৰো অধিক শিল্পীয়ে অভিনয় কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বনদীপ শৰ্মাই । লগতে অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছিল য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম হাজৰিকা, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্রীয়ে ।
ছবিখনত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গে "এৰা এৰি" শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল । যিটো গীতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক : "মানুহে মানুহৰ বাবে" ক বিশ্বৰ মানৱ সমাজৰ গীতৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব অসম চৰকাৰে

