ETV Bharat / entertainment

পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ হাৰ্ট এটেকৰ খবৰ- সঁচা নে মিছা ?

সঞ্জয় লীলা ভাঞ্চালীৰ হাৰ্ট এটেক আহিছে বুলি খবৰ বিয়পি পৰিছে ৷ চিকিৎসালয় পালেগৈ বুলিও শুনা গ’ল ৷ পিছে পৰিচালকৰ টীমে কি কয় ?

sanjay leela bhansali heart attack news
সঞ্জয় লীলা ভাঞ্চালী (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : February 25, 2026 at 2:29 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : দেৱদাস, ব্লেক, ৰাম-লীলা, বাজীৰাও মস্তানীৰ দৰে বিখ্যাত চিনেমাৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালী জন্মদিনৰ পিছদিনাই হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰে ৷ মনোৰঞ্জন জগতত উত্তজনাৰ সৃষ্টি হয় ৷ অনুৰাগীসকল এই খবৰ সঁচা নে মিছা জানিবলৈ উৎসুক হৈ পৰে ৷

কেৱল হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰেই নহয়, তেওঁ হাস্পতালত ভৰ্তি হয় বুলিও বাতৰি বিয়পি পৰে ৷ এই সকলো খবৰ সামৰি এতিয়া পৰিচালকৰ টীমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ই টিভি ভাৰতে খবৰৰ সত্য সত্যতা জানিবলৈ পৰিচালকৰ টীমৰ সৈতে যোগাযোগ কৰে ৷ তেওঁলোকে জানিবলৈ দিয়ে যে- এই খবৰ সঁচা নহয় ৷ আনহাতে চিকিৎসালয়ৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো বিবৃতি অহা নাই ৷

sanjay leela bhansali heart attack news
পৰিচালকৰ স্বাস্থ্য সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা আপডেট (Photo : Instagram)

উল্লেখ্য যে, কালি (মঙলবাৰ) আছিল ভাঞ্চালীৰ ৬৩ সংখ্যক জন্মদিন ৷ আনহাতে কালিয়েই আছিল বলীউডৰ মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ মৃত্যু বাৰ্ষিকী ৷ জানেনে, শ্ৰীদেৱীৰ ডাঙৰ অনুৰাগী এইগৰাকী জনপ্ৰিয় পৰিচালক ৷ মৃত্যুৰ পূৰ্বে শ্ৰীদেৱীৰ সৈতে হোৱা এটা বাৰ্তালাপ আজিও পৰিচালকৰ মনত সজীৱ হৈ আছে ৷

সঞ্জয় লীলা ভাঞ্চালীৰ ছবি পদ্মাৱতৰ বিশেষ স্ক্ৰীণিঙলৈ আহিছিল শ্ৰীদেৱী ৷ ছবিখন চাই অভিভূত হৈ পৰিছিল অভিনেত্ৰীগৰাকী আৰু পৰিচালকগৰাকীৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ এই কথা আজিও আৱেগিক হৈ পৰে ভাঞ্চালী ৷

বৰ্তমানৰ কামৰ কথা ক’বলৈ গ’লে পৰিচালক ব্যস্ত আছে লাভ এণ্ড ৱাৰক লৈ ৷ ছবিখনত ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু বিকী কৌশলে অভিনয় কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, এই চিনেমাখনৰ বাজেট ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে । একাধিক খবৰ অনুসৰি চিনেমাখনৰ বাজেট প্ৰায় ৪২৫ কোটি টকা হ’বলৈ গৈ আছে । প্ৰথম অৱস্থাত ১২০ দিনত চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ কথা আছিল । কিন্তু নিখুঁত কামৰ বাবে পৰিচিত পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ছবিখনৰ শ্বুটিঙৰ দিন ক্ৰমান্বয়ে বাঢ়ি গৈছে ।

লগতে পঢ়ক : শ্ৰীদেৱীৰ মৃত্যু হ’ব নোৱাৰে, তেওঁ যাদুৰ দৰে : সঞ্জয় লীলা ভাঞ্চালী