ETV Bharat / entertainment

শ্ৰীদেৱীৰ মৃত্যু হ’ব নোৱাৰে, তেওঁ যাদুৰ দৰে : সঞ্জয় লীলা ভাঞ্চালী

পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আৰু অভিনেত্ৰী শ্ৰীদেৱীৰ শেষ সাক্ষাৎকাৰত, শ্ৰীদেৱীয়ে 'পদ্মাৱত' চিনেমাখনৰ প্ৰশংসা কৰাৰ লগতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।

Sanjay Leela Bhansali birthday Sridevi death anniversary legendary actress praised  director's film Padmaavat
সঞ্জয় লীলা ভাঞ্চালী-শ্রীদেৱী (Photo: IANS/ Getty)
author img

By ETV Bharat Entertainment Team

Published : February 24, 2026 at 6:40 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ জন্মদিনত আৰু কিংবদন্তি অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যু বাৰ্ষিকীত তেওঁলোকে শ্বেয়াৰ কৰা এটা বিশেষ মুহূৰ্তৰ বিষয়ে জানো আহক । ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ হঠাৎ মৃত্যুৰ মাত্ৰ কেইসপ্তাহমান আগৰ কথা আৰু সেই স্মৃতি এতিয়াও ভাঞ্চালীৰ হৃদয়ত জীয়াই আছে ।

পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আৰু অভিনেত্ৰী শ্ৰীদেৱীৰ শেষ সাক্ষাৎকাৰত, শ্ৰীদেৱীয়ে 'পদ্মাৱত' চিনেমাখনৰ প্ৰশংসা কৰাৰ লগতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । শ্ৰীদেৱীৰ আকস্মিক বিয়োগৰ পূৰ্বে হোৱা এই সাক্ষাৎকাৰ ভাঞ্চালীৰ বাবে এক আৱেগিক স্মৃতি ৷

২০১৮ চনৰ জানুৱাৰী মাহত বহুতো বাধা-বিঘিনি আৰু বিতৰ্কৰ মাজত সঞ্জয় লীলা ভাঞ্চালীৰ ছবি 'পদ্মাৱত' (Padmaavat) মুক্তি পাইছিল । দীপিকা পাডুকন, শ্বাহিদ কাপুৰ আৰু ৰণবীৰ সিঙৰ বলিষ্ঠ অভিনয়েৰে সমৃদ্ধ এই ছবিখন ইয়াৰ বিশাল ছেট আৰু সুন্দৰ সংগীতৰ বাবে চৰ্চিত হৈছিল ।

২০১৮ চনৰ ফেব্ৰুৱাৰীত শ্ৰীদেৱীৰ আকস্মিক বিয়োগৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে তেওঁ স্বামী বনী কাপুৰৰ সৈতে এই ছবিখনৰ এক বিশেষ প্ৰদৰ্শনী চাইছিল । ভাঞ্চালীৰ মতে, শ্ৰীদেৱী 'পদ্মাৱত' চাই অভিভূত হৈ পৰিছিল আৰু ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল ।

ভাঞ্চালীৰ বাবে সেইটো আছিল এক আৱেগিক মুহূৰ্ত, কাৰণ তেওঁলোক দুয়োৱে একেলগে কাম কৰাৰ সপোন দেখিছিল । ভাঞ্চালীয়ে আজিও বিশ্বাস কৰে যে শ্ৰীদেৱীৰ দৰে এগৰাকী যাদুকৰী অভিনেত্ৰীৰ কেতিয়াও মৃত্যু ঘটিব নোৱাৰে; তেওঁ নিজৰ কামৰ জৰিয়তে সদায় জীয়াই থাকিব ।

ছবিখনৰ শলাগ লোৱা বহু চেলেব্ৰিটীৰ ভিতৰত শ্ৰীদেৱীৰ প্ৰতিক্ৰিয়াই ভাঞ্চালীক সুখী কৰিছিল । তেওঁ কয়,"বনী কাপুৰৰ সৈতে মোৰ পদ্মাৱতৰ বিশেষ প্ৰদৰ্শনীলৈ তেওঁ আহিছিল । মোৰ ছবিখন চাই ভাল পাইছিল আৰু মোৰ লগত কাম কৰিব বিচাৰে বুলি কৈছিল !" সেই সময়ৰ খবৰ অনুসৰি ছবিখন শ্ৰীদেৱীয়ে ‘যাদুকৰী’ বুলি অভিহিত কৰিছিল ।

শ্ৰীদেৱীৰ বিশাল অনুৰাগী আছিল ভাঞ্চালী আৰু তেওঁৰ প্ৰতিভাক সন্মান জনাইছিল তেওঁ । ভাৰতীয় চিনেমাৰ ‘প্ৰথম মহিলা ছুপাৰষ্টাৰ’ হিচাপে পৰিচিত শ্ৰীদেৱীয়ে ৫০ বছৰতকৈও অধিক সময় বলীউডত ৰাজ কৰিছিল । শ শ ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পদ্মশ্ৰীকে ধৰি বহু বঁটা লাভ কৰে তেওঁ ।

দুখৰ বিষয় যে পদ্মাৱত চোৱাৰ মাত্ৰ এমাহৰ পাছত ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত, ডুবাইত শ্ৰীদেৱীৰ মৃত্যু হয় । তেওঁক আকস্মিক মৃত্যুৱে সমগ্ৰ দেশকে স্তম্ভিত কৰি তোলে । অনুৰাগী আৰু চলচ্চিত্ৰ তাৰকাসকল হতভম্ব হৈ পৰিছিল এই খবৰত ।

শ্ৰীদেৱীৰ মৃত্যুৱে ভাঞ্চালীৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছিল । আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয়, "শ্ৰীদেৱীৰ মৃত্যু হ'ব নোৱাৰে । তেওঁ যাদু ।" এই সহজ কথাবোৰেই বুজাই দিলে যে ভাঞ্চালীয়ে শ্ৰীদেৱীক কিমান প্ৰশংসা কৰিছিল ।

তেওঁৰ বাবে শ্ৰীদেৱী কেৱল এগৰাকী মহান অভিনেত্ৰী নাছিল, বৰঞ্চ পৰ্দাত এক যাদুকৰী উপস্থিতি আছিল । মিষ্টাৰ ইণ্ডিয়া, চান্দনী, লমহে, ইংলিছ ভিংলিছ আদি ছবিত তেওঁৰ অভিনয় অবিস্মৰণীয় হৈ ৰ’ব ৷

লগতে পঢ়ক : ৪৭ বছৰৰ পাছত ৰজনীকান্ত আৰু কমল হাছান একেলগে ৰূপালী পৰ্দাত... 'নায়ক কোন'?