বিবাহ বিচ্ছেদৰ পাছত কি হৈছিল সামান্থাৰ ? এতিয়া ৰাজ নিদিমৰুক ধন্যবাদ দিছে অভিনেত্ৰীয়ে
সামান্থা ৰুথ প্ৰভুৱে কয় যে, নাগা চৈতন্যৰ পৰা বিবাহ বিচ্ছেদৰ পিছত তেওঁ নিজকে অকলশৰীয়া কৰি ৰাখিছিল, যদিও ৰাজ নিদিমৰুৰ মাজত পুনৰ প্ৰেম বিচাৰি পাইছিল ।

By ETV Bharat Entertainment Team
Published : February 23, 2026 at 5:33 PM IST
হায়দৰাবাদ : ব্যক্তিগত জীৱনৰ অতি কঠিন সময় অতিবাহিত কৰি পুনৰ প্ৰেম বিচাৰি পোৱালৈকে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে সদায়ে বহু কথা মুকলিকৈ প্ৰকাশ কৰি আহিছে ৷ শেহতীয়াকৈ এখন আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰতো ব্যক্তিগত জীৱনৰ বহু কথা ক’লে তেওঁ ৷ অভিনেতা নাগা চৈতন্যৰ পৰা বিচ্ছেদে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল আৰু ছবি নিৰ্মাতা ৰাজ নিদিমৰুৱে তেওঁক পুনৰ প্ৰেম আৰু বিশ্বাসত, বিশ্বাস কৰিবলৈ কেনেকৈ উৎসাহিত কৰিছিল সেই বিষয়ে মুকলিকৈ কয় ।
অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে বিচ্ছেদৰ পিছত তেওঁ নিজকে আৱেগিক ৰূপত অকলশৰীয়া কৰি ৰাখিছিল আৰু ভবা নাছিল যে তেওঁ আৰু কেতিয়াবাও কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব ।
সেই কঠিন সময়ছোৱাৰ কথা মনত পেলাই তেওঁ কয়, "যেতিয়া মই বিচ্ছেদৰ মাজেৰে পাৰ হৈছিলো, তেতিয়া মই সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিছিলো । মই ভবা নাছিলো যে আন কাৰোবাৰ ওপৰত পুনৰ নিৰ্ভৰ কৰাটো সম্ভৱ হৈ উঠিব । ধন্য যে, মই সংবেদনশীল অৱস্থাত সেই ধৰণৰ প্ৰেম আৰু বন্ধুত্বক গ্ৰহণ কৰিছিলো । আৰু মই যি সম্পৰ্কত আছো, সেই বাবেই মই আজি বহুত ভাল মানুহ । ৰাজ যিধৰণৰ ব্যক্তি, সেইবাবে ।"
অভিনেত্ৰীগৰাকীয়ে কয় যে বিগত কেইটামান বছৰে তেওঁক বহু দিশত সলনি কৰি পেলাইছে । অভিনেত্ৰীৰ মতে এই পাৰ্থক্য কেৱল তেওঁৱেই নহয়, তেওঁৰ ঘনিষ্ঠ লোকেও দেখা পায় । তেওঁ এটা ঘটনা শ্বেয়াৰ কৰে, য’ত তেওঁ পুৰণি বন্ধু এজনক লগ পাওঁতে বন্ধুজনে তেওঁৰ পৰিৱৰ্তন লক্ষ্য কৰাৰ কথা উল্লেখ কৰে ।
তেওঁ কয়, "মই কেইদিনমান আগতে এজন পুৰণি বন্ধুক লগ পাইছিলোঁ আৰু তাৰ পিছত তেওঁ মোক এটা ভইচ নোট পঠিয়াই ক’লে- এটা দীঘলীয়া সময়ৰ পাছত প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰিলোঁ যেন তুমি উশাহ ল'বলৈ সংগ্ৰাম কৰি থকা নাই ।" মই এতিয়া অভিনয় কৰি থাকিবলগীয়া নহয় ।
২০১০ চনত তেলুগু ছবি য়ে মায়া চেছাভেৰ ছেটত সামান্থা আৰু নাগা চৈতন্য প্ৰথম মুখামুখি হৈছিল, যিখন ছবি আছিল সামন্থাৰ প্ৰথম ছবি । দুয়ো ঘনিষ্ঠ বন্ধু হৈ পৰিল আৰু তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ’ল । ২০১৭ চনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁলোক বিবাহপাশত আবদ্ধ হয় । কিন্তু বিবাহৰ চাৰি বছৰৰ পাছত ২০২১ চনত বিচ্ছেদৰ কথা ঘোষণা কৰে তেওঁলোকে । বিবাহ বিচ্ছেদৰ আঁৰৰ কাৰণ এতিয়ালৈকে প্ৰকাশ কৰা নাই । ২০২৪ চনত চৈতন্যই অভিনেত্ৰী শোভিতা ধূলিপালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।
ইয়াৰ পিছত সামান্থাই ৰাজ নিদিমৰুৰ মাজত সংগী বিচাৰি পালে । খবৰ অনুসৰি ২০২১ চনত ৱেব ছিৰিজ দ্য ফেমিলি মেনৰ দ্বিতীয় ছিজনৰ সময়ত দুয়ো লগ হৈছিল, য’ত সামান্থাই ৰাজীৰ চৰিত্ৰত অভিনয় কৰিছিল । ২০২৪ চনত চিটাডেলত তেওঁলোকৰ সহযোগিতাৰ সময়ত ডেটিঙৰ উৰাবাতৰি আৰম্ভ হৈছিল । যদিও সেই সময়ত তেওঁলোকে এই সম্পৰ্ক নিশ্চিত কৰা নাছিল, অনুৰাগীয়ে প্ৰায়ে ৰাজহুৱা অনুষ্ঠান আৰু বন্ধৰ দিনত তেওঁলোকক একেলগে প্ৰত্যক্ষ কৰিছিল ।
২০২৫ চনৰ ১ ডিচেম্বৰত কইম্বাটুৰৰ সদগুৰুৰ ঈশা যোগ কেন্দ্ৰৰ লিংগা ভৈৰৱী মন্দিৰত ভূত শুদ্ধি বিবাহ অনুষ্ঠানেৰে সামান্থা আৰু ৰাজৰ বিবাহ হয় । বিয়াখনত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰিছিল ।
কৰ্মক্ষেত্ৰত সামান্থা আৰু ৰাজে পুনৰ সহযোগিতা আগবঢ়াইছে মা ইংতি বাংগাৰম নামৰ এখন নতুন ছবিত । নন্দিনী ৰেড্ডীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত গুলছন দেৱাইয়া, দিগন্ত আৰু গৌতমীয়েও মূল চৰিত্ৰত অভিনয় কৰিছে । চলিত বৰ্ষৰ ১৫ মে’ত ছবিগৃহত মুক্তি পোৱাৰ কথা ।
লগতে পঢ়ক : 'বেয়া অনুভৱ কৰো যে এইটো ঘটিল, কিন্তু...': সামান্থাৰ সৈতে বিবাহ বিচ্ছেদ প্ৰসংগত মুখ খুলিছে নাগা চৈতন্যই

