‘কালা হিৰণ’এ শুবলৈ দিয়া নাই ছলমানক: উপায়ন্তৰ হৈ কাষ চাপিল আদালতৰ
চৰিত্ৰটোৰ চেহেৰা দেখিবলৈ বহু পৰিমাণে ছলমান খানৰ দৰে । আনকি চৰিত্ৰটোৱে হাতত পিন্ধি থকা ব্ৰেচলেটডালো ছলমান খানে পিন্ধা বিখ্যাত নীলা ব্ৰেচলেটডালৰ দৰেই ।

By ETV Bharat Entertainment Team
Published : June 12, 2026 at 5:05 PM IST
হায়দৰাবাদ: বলীউডৰ তাৰকা ছলমান খানে ‘কালা হিৰণ’ নামৰ চিনেমাখনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । তেওঁ চিনেমাখনৰ টিজাৰ আৰু মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে । অভিনেতাগৰাকীৰ অভিযোগ যে 'কালা হিৰণ: দ্য বেটেল ফৰ লেগেচি' নামৰ এই চিনেমাখনে তেওঁৰ ব্যক্তিগত অধিকাৰ অবৈধভাৱে ব্যৱহাৰ কৰিছে । এই প্ৰকল্পটোৱে সমাজত তেওঁৰ সুনাম নষ্ট কৰিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে ।
১৯৯৮ চনৰ ক’লা হৰিণা চিকাৰ গোচৰৰ সৈতে জড়িত চলি থকা ন্যায়িক প্ৰক্ৰিয়াত এই চিনেমাখনে নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ আদালতক জনাইছে । ছলমান খানে চলি থকা গোচৰৰ অধীনত দিল্লী উচ্চ ন্যায়ালয়ত এক অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বিচাৰি আবেদন কৰিছে । চিভিল প্ৰচিডিউৰ ক’ড (CPC) ৰ অৰ্ডাৰ ৩৯, ৰুল ১ আৰু ২ ৰ অধীনত এই আবেদন দাখিল কৰা হৈছে । চিনেমাখনৰ প্ৰযোজক অমিত জানী, জানী ফায়াৰফক্স ফিল্মছ, পৰিচালক ভাৰত শ্ৰীনাটে আৰু অক্ষয় পাণ্ডেৰ বিৰুদ্ধে ছলমান আদালতৰ কাষ চাপিছে ।
ছলমান খানৰ মূল দাবী হৈছে চিনেমাখনৰ বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে ইয়াৰ নিৰ্মাণ, প্ৰচাৰ, বিতৰণ, প্ৰদৰ্শন, ষ্ট্ৰীমিং বা মুক্তিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিব লাগে । আবেদন অনুসৰি, এই চিনেমাখন আৰু ইয়াৰ প্ৰচাৰমূলক সামগ্ৰীসমূহ ১৯৯৮ চনৰ ছলমান খান জড়িত ক’লা হৰিণা চিকাৰ গোচৰৰ ঘটনাৰ ওপৰত আধাৰিত ।
The wait is over! 🔥 Witness the powerful cinema that stands as a testament to the Bishnoi community's pledge and the historic struggle of 1998. The First Look of 'Kala Hiran' is UPLOADED NOW! Dive into the ultimate battle of crime, thrills, and justice in this massive project by… pic.twitter.com/PWrJ7fun0u
— Amit Jani (@AmitJaniIND) June 10, 2026
অভিনেতাগৰাকীৰ যুক্তি যে চিনেমাখনত তেওঁৰ নাম পোনপটীয়াকৈ ব্যৱহাৰ কৰা হোৱা নাই যদিও ইয়াৰ পোষ্টাৰ, প্ৰচাৰমূলক সমগ্ৰী আৰু নিৰ্মাতাসকলৰ ৰাজহুৱা ভাষ্যৰ বাবে দৰ্শকে সহজেই তেওঁক চিনি পাব পাৰিব । আবেদনখনত উল্লেখ কৰা অনুসৰি, ২০২৬ চনৰ মে’ মাহত মুক্তি পোৱা চিনেমাখনৰ এখন পোষ্টাৰে এক বিপথে পৰিচালিত কৰা বাৰ্তাৰ সৃষ্টি কৰিছে । ছলমান খানে ইয়াৰ বিৰুদ্ধে তীব্ৰ আপত্তি দৰ্শাইছে ।
পোষ্টাৰখনত থকা চৰিত্ৰটোৰ অবয়ব বা চেহেৰা দেখিবলৈ বহু পৰিমাণে ছলমান খানৰ দৰে কৰা হৈছে । চৰিত্ৰটোৱে হাতত পিন্ধি থকা ব্ৰেচলেটডাল ছলমান খানে সচৰাচৰ পিন্ধা বিখ্যাত নীলা ব্ৰেচলেটডালৰ দৰেই দেখিবলৈ । আবেদনত কোৱা হৈছে যে এই ব্ৰেচলেটডাল জনমানসত কেৱল ছলমান খানৰ সৈতেই জড়িত হৈ পৰিছে । পোষ্টাৰখনত চৰিত্ৰটোৰ হাতত এটা বন্দুক দেখুওৱা হৈছে । অভিনেতাগৰাকীৰ যুক্তি যে ১৯৫৯ চনৰ অস্ত্ৰ আইনৰ অধীনত চলি থকা গোচৰৰ পৰা তেওঁক ইতিমধ্যে আদালতে দোষমুক্ত ঘোষণা কৰিছে । তেনেস্থলত তেওঁৰ দৰে দেখিবলৈ চৰিত্ৰ এটাৰ হাতত বন্দুক দেখুৱাই জনসাধাৰণৰ মাজত এক ভুল আৰু অসত্য কাহিনী প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা হৈছে ।
Jani Firefox Films Unveils the Gripping First Look Poster of " kala hiran: the battle for legacy" highly anticipated teaser set to drop on june 20
— Amit Jani (@AmitJaniIND) May 29, 2026
jani firefox media private limited has officially released the intense first-look poster for its upcoming high-octane crime drama,… pic.twitter.com/yH8GH2rt28
ছলমান খানে আবেদনখনত উল্লেখ কৰিছে যে চিনেমাখনৰ কাহিনীয়ে তেওঁৰ চলি থকা আইনী প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে । লগতে তেওঁৰ নাম ব্যৱহাৰ কৰি চিনেমাখনে ব্যৱসায়িক লাভালাভ আদায় কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে । চিনেমাখনৰ কাহিনীটো এনে কিছুমান বিষয়ৰ ওপৰত আধাৰিত, যিবোৰ বৰ্তমানো ৰাজস্থান উচ্চ ন্যায়ালয় আৰু দেশৰ উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ আছে । অভিনেতাগৰাকীৰ যুক্তি যে এনেকুৱা সংবেদনশীল বিষয়ৰ ওপৰত চিনেমা বনালে চলি থকা গোচৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । ইয়াৰ ফলত তেওঁৰ ন্যায়সংগত বিচাৰ পোৱাৰ অধিকাৰ খৰ্ব হ’ব পাৰে ।
প্ৰযোজকৰ মুকলি স্বীকাৰোক্তি
আবেদনখনত প্ৰযোজক অমিত জানীৰ কেইবাটাও সংবাদ মাধ্যমৰ ৰিপৰ্ট আৰু ৰাজহুৱা ভাষ্যৰ উদ্ধৃতি দিয়া হৈছে । অমিত জানীয়ে নিজেই চিনেমাখন ক’লা হৰিণা চিকাৰৰ ঘটনা আৰু কুখ্যাত ডকাইত লৰেন্স বিষ্ণৈৰ সৈতে হোৱা সংঘাতৰ পৰা অনুপ্ৰাণিত বুলি কৈছিল । ছ’চিয়েল মিডিয়া প’ষ্ট, সাক্ষাৎকাৰ আৰু প্ৰচাৰমূলক সামগ্ৰীৰ জৰিয়তে চিনেমাখনক ছলমান খানৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা হৈছে । অভিনেতাগৰাকীৰ অভিযোগ যে কেৱল জনপ্ৰিয়তা বুটলিবলৈ আৰু ব্যৱসায়িক লাভ অৰ্জন কৰিবৰ বাবেই তেওঁৰ ব্যক্তিত্ব আৰু ইমেজক ব্যৱহাৰ কৰা হৈছে ।
আবেদনখনত উল্লেখ কৰা অনুসৰি, ছলমান খানে পূৰ্বেই চিনেমাখনৰ নিৰ্মাতাপক্ষলৈ আইনী জাননী প্ৰেৰণ কৰিছিল । কিন্তু ইয়াৰ পিছতো চিনেমাখনৰ প্ৰচাৰ চলাই থকাৰ বাবেই তেওঁ জৰুৰীভাৱে আদালতৰ কাষ চাপিবলগীয়া হৈছে । ছলমান খানে ২০২৬ চনৰ ২৪ এপ্ৰিলতে চিনেমাখনৰ সৈতে জড়িত সকলো ব্যক্তিলৈ এখন আইনী জাননী পঠিয়াইছিল । ইয়াত চিনেমাখনৰ নিৰ্মাণ আৰু প্ৰচাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কোৱা হৈছিল । এই আইনী জাননী পোৱাৰ পিছতো নিৰ্মাতাপক্ষই চিনেমাখনৰ প্ৰচাৰ কাৰ্য চলাই থাকিল । যাৰ বাবে অভিনেতাজনে জৰুৰীভাৱে আদালতৰ হস্তক্ষেপ বিচাৰিবলৈ বাধ্য হ’ল ।
আইনী জাননীখন পোৱাৰ পিছত প্ৰযোজক অমিত জানীয়ে ছ’চিয়েল মিডিয়াত কেইটামান প’ষ্ট কৰিছিল । অভিযোগ অনুসৰি, এই প’ষ্টসমূহৰ জৰিয়তে তেওঁ বিষয়টোক অধিক ৰাজহুৱা কৰিবলৈ চেষ্টা কৰিছিল । ছলমান খানৰ মতে, অমিত জানীৰ সেই প’ষ্টবোৰত কিছুমান অপমানজনক আৰু মানহানিকাৰক মন্তব্য আছিল । চিনেমাখনৰ নিৰন্তৰ প্ৰচাৰ আৰু নিৰ্মাতাসকলৰ এনে ৰাজহুৱা ভাষ্যই ছলমান খানৰ সামাজিক প্ৰতিষ্ঠা, নাম আৰু সুনাম গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে বুলি আবেদনখনত দাবী কৰা হৈছে ।
ছলমান খানে যুক্তি দৰ্শাইছে যে এই চিনেমাখনে তেওঁৰ ব্যক্তিত্বৰ অধিকাৰ উলংঘা কৰিছে । এই অধিকাৰসমূহ পূৰ্বতে দিল্লী উচ্চ ন্যায়ালয়েই সুৰক্ষিত কৰিছিল । ছলমান খানৰ মতে, ২০২৫ চনৰ ১১ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ ৰায়দানত তেওঁৰ ব্যক্তিত্বৰ অধিকাৰক স্বীকৃতি দিছিল আৰু ইয়াক সুৰক্ষা প্ৰদান কৰিছিল ৷ অভিনেতাগৰাকীৰ অভিযোগ যে প্ৰস্তাৱিত চিনেমাখন, ইয়াৰ পোষ্টাৰ, চৰিত্ৰৰ ৰূপ আৰু প্ৰচাৰমূলক সামগ্ৰীসমূহত তেওঁৰ সন্মতি অবিহনে তেওঁৰ পৰিচয় ব্যৱহাৰ কৰা হৈছে । ছলমান খানে এই গোচৰৰ চূড়ান্ত নিষ্পত্তি নোহোৱালৈকে চিনেমাখনৰ সকলো কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আদালতৰ ওচৰত নিৰ্দেশনা বিচাৰিছে । তেওঁ বিৰোধী পক্ষৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে ।
লগতে পঢ়ক : মানুহে কি কয়, মই খাতিৰ নকৰোঁ : ৰবি কিষাণ

