ETV Bharat / entertainment

বিচিত্ৰতাৰ মাজত ঐক্য-সম্প্ৰীতিৰ এক অনুপম নিদৰ্শন চেলিম খানৰ পৰিয়াল

মানুহৰ মনটোতেই যেন সকলো সোমাই থাকে ৷ চেলিম সাক্ষাৎকাৰটোৱে তাৰেই ইংগিত দিয়ে ৷ জানিবলৈ আগলৈ পঢ়ক-

When Salim Khan spoke about staying in harmony in his Hindu-Muslim-Christian household
চেলিম খানৰ ধৰ্মনিৰপেক্ষ পৰিয়াল (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 2, 2026 at 1:04 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এটা পুৰণি সাক্ষাৎকাৰত জ্যেষ্ঠ চিত্ৰনাট্যকাৰ চেলিম খানে তেওঁৰ ধৰ্মীয় বৈচিত্ৰ্যপূৰ্ণ পৰিয়ালটোত থকা গভীৰ একতাৰ বিষয়ে মুকলিকৈ মত প্ৰকাশ কৰিছিল । হিন্দু, মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ লোক থকা সত্ত্বেও তেওঁলোকৰ ঘৰখনত কেনেকৈ শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰে, সেই কথা তেওঁ অতি সুন্দৰকৈ বুজাই দিছিল ।

খানে উল্লেখ কৰিছিল যে ঘৰৰ ভিতৰত থকা এই শান্তি এক বিশেষ আশীৰ্বাদ । তেওঁ আৰু তেওঁৰ পৰিয়ালে ইমান বছৰে লাভ কৰি অহা এই সুখৰ মূল কাৰণ হিচাপে তেওঁ, তেওঁলোকৰ বিশ্বাস আৰু সঠিক সিদ্ধান্তসমূহক কৃতিত্ব প্ৰদান কৰিছিল ।

পৰিয়ালৰ বিভিন্ন ধৰ্ম আৰু বিশ্বাসৰ লোকসকলে কেনেকৈ একেখন চালিৰ তলতে মিলাপ্ৰীতিৰে বসবাস কৰে, সেই বিষয়ে ক’বলৈ গৈ চেলিম খানে কয়, “আজি মোৰ পৰিয়ালত বহুতো সদস্য আছে । তেওঁলোকে একেলগে অতি শান্তিৰে বসবাস কৰে আৰু এয়া আল্লাহৰ এক উপহাৰ । আমাৰ মাজত কোনোবা মুছলমান, কোনোবা হিন্দু আৰু কোনোবা কেথলিক খ্ৰীষ্টান, কিন্তু এই ধৰ্মক লৈ আমাৰ মাজত কেতিয়াও কোনো তৰ্ক-বিতৰ্ক নহয় ।”

তেওঁ লগতে কয়, “আচলতে ক’বলৈ গ’লে আমাৰ বাবে এয়া কোনো ডাঙৰ সমস্যাই নহয় । আমি এই বিষয়ে কাহানিও আলোচনা কৰা নাই । যদি কোনোবাই আমাক কয় যে এয়া এক আচৰিত বা মহৎ কাম, আমি কওঁ যে এয়া কোনো আচৰিত কথা নহয় । এয়া আল্লাৰ ইচ্ছা আছিল বাবেই সম্ভৱ হৈছে । যদি এয়া মানুহৰ নিয়ন্ত্ৰণত থাকিলহেঁতেন, তেন্তে তেওঁ সকলোবোৰ নিজৰ মতে কৰিলেহেঁতেন । চলচ্চিত্ৰ জগতৰ বহু লোকেই এনে ধৰণৰ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছে । প্ৰায়ে দেখা যায় যে এগৰাকী পত্নীয়ে চৰ্ত দিয়ে যে হয় দ্বিতীয়গৰাকী পত্নী থাকিব নতুবা তেওঁ থাকিব ।”

পৰিয়াল আৰু বিশ্বাসৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি চেলিম খানে কৈছিল, “আজি মই আল্লাৰ ওচৰত অশেষ কৃতজ্ঞ যে মই এজন অতি সুখী ব্যক্তি । মই ইয়াতেই (এই ঘৰখনতেই) স্বৰ্গ বিচাৰি পাইছোঁ । মই ইয়াত অতি সুখেৰে আছোঁ । আল্লাই মোক সঠিক চিন্তা কৰাৰ শক্তি দিছে । কিছুমান সঠিক সিদ্ধান্ত লোৱাৰ বাবেই মোৰ জীৱনটো অতি সুখেৰে পাৰ হৈছে ।”

উল্লেখ্য যে, চেলিম খানৰ পৰিয়ালটো হৈছে ‘বিচিত্ৰতাৰ মাজত ঐক্য’ৰ এক উৎকৃষ্ট উদাহৰণ । চেলিম খান আৰু তেওঁৰ তিনি পুত্ৰ— ছলমান খান, আৰবাজ খান আৰু ছোহেইল খান মূলতঃ ইছলাম ধৰ্মৰ লোক । তেওঁৰ প্ৰথমা পত্নী ছালমা খান এগৰাকী মহাৰাষ্ট্ৰীয় হিন্দু পৰিয়ালৰ কন্যা । বিবাহৰ পূৰ্বে তেওঁৰ নাম আছিল সুশীলা চৰক ।

তেওঁৰ পূৰ্বৰ বোৱাৰী মালাইকা আৰোৰায়ো মাতৃৰ ফালৰ পৰা খ্ৰীষ্টান ধৰ্ম পালন কৰিছিল ।

চেলিম খানৰ কন্যাদ্বয়কো হিন্দু পৰিয়াললৈ বিয়া দিয়া হৈছে । ডাঙৰ জীয়েক অলভিৰা খানৰ বিবাহ হৈছে অতুল অগ্নিহোত্ৰীৰ সৈতে আৰু সৰু জীয়েক অৰ্পিতা খানৰ বিবাহ হৈছে আয়ুষ শৰ্মাৰ সৈতে ।

খান পৰিয়ালে ঈদ, গণপতি পূজা আৰু বৰদিনৰ দৰে সকলো উৎসৱ সমানেই উষ্মতা আৰু উৎসাহেৰে উদযাপন কৰে । সম্প্ৰতি ৯০ বছৰীয়া চেলিম খান বয়সজনিত সমস্যাৰ বাবে মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে । শেহতীয়া খবৰ অনুসৰি, তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁ ক্ৰমান্বয়ে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক : চেলিম খানৰ ধৰ্মীয় সম্প্ৰীতি আৰু খান পৰিয়ালৰ গণপতি পূজাৰ পৰম্পৰা