ETV Bharat / entertainment

৩৭০ টকাৰ বিৰিয়ানী আৰু পুৰুষতান্ত্ৰিক মানসিকতা?

৩৭০ টকাৰ বিৰিয়ানী বিতৰ্ক: কমেডিয়ান প্ৰণিত ম’ৰেৰ শ্ব’ত নাৰীক লৈ কৰা মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত ধুমুহা ৷ তাৰকাৰ প্ৰতিক্ৰিয়া, কি ক’লে সুৰভী দাসে ?

Rs 370 Biryani Controversy: Who Said What About The Pranit More Row Celebrities Strongly Criticize Comedy Responsibility
৩৭০ টকাৰ বিৰিয়ানী বিতৰ্কত প্ৰণিত ম’ৰেক তীব্ৰ সমালোচনা (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : June 11, 2026 at 12:48 PM IST

8 Min Read
Choose ETV Bharat

হায়দৰাবাদ : কমেডিয়ান প্ৰণিত ম’ৰেৰ এটা ষ্টেণ্ড-আপ কমেডী শ্ব’ত এজন দৰ্শকে কৰা ‘৩৭০ টকাৰ বিৰিয়ানী’ মন্তব্যক লৈ বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক আৰু ক্ষোভৰ সৃষ্টি হৈছে ৷ এই বিতৰ্কিত মন্তব্যটোৰ বিৰুদ্ধে কেইবাজনো তাৰকা, প্ৰভাৱশালী ব্যক্তিয়ে নিজৰ স্থিতি প্ৰকাশ কৰিছে ৷

আচলতে কি হৈছিল ?

প্ৰণিত ম’ৰেৰ এটা শ্ব’ৰ সময়ত গুৰুগ্ৰামৰ হিমাংশু জাংড়া নামৰ এজন যুৱকে কয় যে তেওঁ এগৰাকী যুৱতীৰ সৈতে ডেটত গৈ ৩৭০ টকাৰ চিকেন বিৰিয়ানী খুৱাইছিল । পিছত যেতিয়া যুৱতীগৰাকীয়ে তেওঁক ঘৰত থৈ আহিবলৈ কয়, তেতিয়া যুৱকজনে ভাবিছিল যে যিহেতু তেওঁ ৩৭০ টকা খৰচ কৰিছে, গতিকে তাৰ বিনিময়ত তেওঁ যুৱতীগৰাকীৰ পৰা কিবা প্ৰতিদান পোৱাৰ অধিকাৰ আছে । কমেডিয়ানজনে এই স্পৰ্শকাতৰ কথাটোক লৈ সমালোচনা কৰাৰ পৰিৱৰ্তে হাঁহি ধেমালি কৰি ভিডিঅ'টো ছ’চিয়েল মিডিয়াত আপলোড কৰি দিয়ে, যাৰ বাবে সমগ্ৰ দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হয় ।

তীব্ৰ গণ-বিক্ষোভ আৰু ছ’চিয়েল মিডিয়াত হোৱা সমালোচনাৰ বাবে মন্তব্য কৰা যুৱকজনক তেওঁৰ কোম্পানীয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰে । আনহাতে, তীব্ৰ গৰিহণাৰ সন্মুখীন হৈ কমেডিয়ান প্ৰণিত ম’ৰেও ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হয় আৰু নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো সাময়িকভাৱে নিষ্ক্ৰিয় কৰি দিয়ে ।

ঘটনাটো কেনেকৈ আৰম্ভ হৈছিল ?

কমেডিয়ান প্ৰণিত ম’ৰেৰ এটা শ্ব’ৰ ‘ক্ৰাউড-ৱৰ্ক’ (দৰ্শকৰ সৈতে পোনপটীয়া বাৰ্তালাপ) ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছৰে পৰা এই বিতৰ্কৰ সূচনা হয় । সেই ভিডিঅ’টোত শ্ব’ চাবলৈ অহা হিমাংশু জাংড়া নামৰ এজন দৰ্শকে দাবী কৰে যে তেওঁ এগৰাকী যুৱতীৰ সৈতে ডেটত যাওঁতে চিকেন বিৰিয়ানীৰ নামত ৩৭০ টকা খৰচ কৰিছিল । সেইবাবেই তেওঁ কৰা এই খৰচৰ বিপৰীতে যুৱতীগৰাকীৰ পৰা এটা প্ৰতিদান আশা কৰিছিল ।

সমগ্ৰ ঘটনাটোত মানুহৰ খং তেতিয়াহে বেছিকৈ চৰিল, যেতিয়া দৰ্শকে লক্ষ্য কৰিলে যে যুৱকজনৰ এনে সংবেদনহীন মন্তব্যত কমেডিয়ান প্ৰণিতে বাধা দিয়াৰ পৰিৱৰ্তে হাঁহে আৰু পিছত এই সমগ্ৰ ক্লিপটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰে ।

যদিও বিতৰ্ক বৃদ্ধি পোৱাৰ পিছত হিমাংশু আৰু প্ৰণিত— দুয়োৰে তৰফৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা হৈছে, তথাপিও এই ঘটনাই সমাজত এক ব্য়াপক চৰ্চাৰ জন্ম দিছে । বৰ্তমান ই কেৱল এটা ধেমালি হৈ থকা নাই, বৰঞ্চ ইয়াৰ জৰিয়তে সমাজত নাৰীৰ সন্মতি, নাৰী-বিদ্বেষী মানসিকতা আৰু কমেডীৰ নামত কাৰোবাৰ দায়িত্বহীনতাক লৈ এক ব্যাপক আৰু গুৰুত্বপূৰ্ণ আলোচনাৰ সূচনা হৈছে ।

অভিনেত্ৰী মালতী চহৰে এই সমগ্ৰ ঘটনাটোক কেৱল এটা সাধাৰণ বিতৰ্ক হিচাপে নাচাই, ইয়াক সমাজৰ এক ডাঙৰ সমস্যাৰ সৈতে সংযোগ কৰিছে । এই বিতৰ্কক লৈ আটাইতকৈ প্ৰথম আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা তাৰকাসকলৰ ভিতৰত অভিনেত্ৰী মালতী চহৰ অন্যতম আছিল । তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰি কয় যে, এই ঘটনাই স্পষ্ট কৰি দিয়ে যে আজিকালি বহু মহিলাই কিয় নিজৰ স্বাধীনতা ধৰি ৰাখিব খোজে আৰু বিবাহৰ দৰে সিদ্ধান্ত লওঁতে কিয় ইমান সাৱধান হয় ।

তেওঁ লিখিছে, "৩৭০ টকাৰ বিৰিয়ানী আৰু পেডীৰ দৰে ঘটনাই আপোনাক অনুভৱ কৰাব যে বহু মহিলাই কিয় বিয়া কৰাবলৈ কুণ্ঠাবোধ কৰে, আমি কিয় নিজৰ স্বাধীনতাক ইমান গুৰুত্ব দিওঁ আৰু আমি ডেটত যাওঁতে কিয় বিল নিজে ভগাই দিবলৈ পছন্দ কৰো ।"

তেওঁ ক্ষোভেৰে কয় যে, যুগ যুগ ধৰি সমতা, মৰ্যাদা আৰু সন্মানৰ বাবে যুঁজ দিয়াৰ পিছতো আজিৰ দিনত আমি আকৌ একে পুৰণি আৰু নীচ মানসিকতাৰ মুখামুখি হ’বলগীয়া হৈছে, যিটো সঁচাকৈয়ে হতাশাজনক । তেওঁ কয় যে, প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ ল’ৰা সন্তানক একেবাৰে সৰুৰে পৰা নাৰীৰ প্ৰতি সন্মান জনাবলৈ আৰু কাৰোবাৰ সন্মতি বা ‘না’ ক মানি ল’বলৈ শিক্ষা দিয়াটো অতি জৰুৰী ।

মুম্বাইত প্ৰতিষ্ঠিত অসম কন্যা সুৰভী দাসে এই বিৰিয়ানী বিতৰ্কত সন্দৰ্ভত কয় যে, বৰ্তমান সময়ত এগৰাকী নাৰীৰ বাবে নিজৰ ভৰিত থিয় হোৱাটো কিমান জৰুৰী ৷ এটা ভিডিঅ’ৰ জৰিয়তে সুৰভীয়ে কৈছে যে, এতিয়া কাৰোবাৰ সৈতে ডেটত যাওঁতে এজনী ছোৱালীয়ে নিশ্চয়কৈ পইচা ভাগ কৰিবই লাগে ৷

প্ৰখ্যাত অভিনেত্ৰী দিশা পাটানীৰ ভগ্নী খুশবু পাটানীয়েও এই ভাইৰেল ক্লিপটোক তীব্ৰ সমালোচনা কৰিছে । বিশেষকৈ কমেডিয়ান প্ৰণিত ম’ৰেই দৰ্শকজনৰ সেই আপত্তিজনক মন্তব্যৰ সময়ত কিয় কোনো বাধা নিদিলে, তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁৰ মতে, কমেডিয়ানজনে লগে লগে তাত বাধা দিব লাগিছিল । তেওঁ কয় যে এনেধৰণৰ ঘটনাই উদঙাই দিয়ে যে, কেনেকৈ সমাজত প্ৰায়ে নাৰীক লৈ হীন ধাৰণা ৰখা হয়, তেওঁলোকক উপভোগৰ বস্তু হিচাপে গণ্য কৰা হয় ।

খুশবু পাটানীৰ এই বলিষ্ঠ যুক্তিক ছ’চিয়েল মিডিয়াৰ বহু ব্যৱহাৰকাৰীয়ে আদৰি লৈছে আৰু সমৰ্থন জনাইছে । সকলোৱে একমুখে স্বীকাৰ কৰিছে যে কেৱল মানুহক হঁহুৱাই ভিউজ পাবলৈ এনে সমাজ-বিৰোধী বা ক্ষতিকাৰক মন্তব্যক উৎসাহিত কৰাৰ পৰিৱৰ্তে লগে লগে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত ।

অভিনেত্ৰী তথা কণ্টেণ্ট ক্ৰিয়েটৰ কুশা কপিলাই এই বিতৰ্কত কমেডী জগতৰ দায়িত্বক লৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে । কমেডিয়ান প্ৰণিত ম’ৰেই দিয়া স্পষ্টীকৰণক তেওঁ পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে । কমেডিয়ান প্ৰণিতে কৈছে যে, দৰ্শকজনে কৰা মন্তব্য তেওঁৰ নিজৰ ব্যক্তিগত মতাদৰ্শ বা চিন্তা-ধাৰাৰ সৈতে এক নহয় । ইয়াৰ উত্তৰত কুশাই কয় যে দায়বদ্ধতা কেৱল মন্তব্য কৰা মানুহজনৰ ওপৰতে শেষ হৈ নাযায় । বিশেষকৈ যেতিয়া এটা আপত্তিজনক ভিডিঅ’ এডিট কৰি সমগ্ৰ ছ’চিয়েল মিডিয়াত বেছিকৈ মানুহৰ মাজলৈ লৈ যোৱা হয়, তেতিয়া ক্ৰিয়েটৰজনো সমানেই দায়ী হয় ।

Rs 370 Biryani Controversy: Who Said What About The Pranit More Row Celebrities Strongly Criticize Comedy Responsibility
নাৰীৰ সন্মতি আৰু কমেডীৰ দায়বদ্ধতাক লৈ তাৰকাসকলৰ তীব্ৰ গৰিহণা (Photo: ANI)

কুশাই ইনষ্টাগ্ৰামৰ এটা ভিডিঅ'ত কয়, "যেতিয়া সমগ্ৰ ঘটনাটো তাত ঘটিছে, তেতিয়া আপুনি কেনেকৈ ক’ব পাৰে যে সেই চিন্তা-ধাৰাটোৱে আপোনাক প্ৰতিফলিত নকৰে ? আপুনি যদি সেই বেয়া চিন্তাক উৎসাহিত কৰিছে, হাত চাপৰি দি সাৱাধনতাৰে সঁহাৰি জনাইছে, তেন্তে সেই একেটা ধাৰণা আপোনাৰো হৈ পৰে ।"

কুশাই যুক্তি দৰ্শাই যে, ছ’চিয়েল মিডিয়া ক্ৰিয়েটৰ বা কমেডিয়ানসকলৰ দায়িত্ব হৈছে সমাজৰ এনেকুৱা ভুল বা বেয়া আচৰণসমূহ আঙুলিয়াই দিয়া, তাক প্ৰশ্ৰয় দিয়াটো নহয় । তেওঁ স্পষ্টকৈ কয় যে, যদি কোনোবা ক্ৰিয়েটৰৰ কণ্টেণ্টে দৰ্শকক নাৰীৰ প্ৰতি অপমানজনক মন্তব্য কৰিবলৈ উৎসাহিত কৰে, তেন্তে সেই বেয়া মানসিকতা সমাজত বিয়পাই দিয়াৰ বাবে ক্ৰিয়েটৰজনো সমানেই জগৰীয়া ।

প্ৰখ্যাত ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ৰ বিজয়ী এলভিছ যাদৱেও এক্স যোগে এই সমগ্ৰ বিতৰ্কৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ এই ঘটনাটোৰ জৰিয়তে মন্তব্য কৰা দৰ্শকজন আৰু কমেডিয়ান— দুয়োকে একেলগে তীব্ৰ সমালোচনা কৰিছে । "এই ৩৭০ টকাৰ বিৰিয়ানীয়ে সমাজৰ দুটা ডাঙৰ কথা উদঙাই দিলে: প্ৰথমটো হ’ল— এজন পুৰুষে ভাবিলে যে নাৰীৰ সন্মতিৰো যেন এটা এম.আৰ.পি বা নিৰ্দিষ্ট বিক্ৰী মূল্য থাকে ! আৰু দ্বিতীয়টো হ’ল— এজন কমেডিয়ানে ভাবিলে যে মঞ্চৰ প্ৰতিটো অস্বস্তিকৰ নীৰৱতাক এটা হাঁহিৰ ট্ৰেক বজাই সহজতে ঢাকিব পাৰি ।"

হিমাংশু জাংড়াৰ ক্ষমা প্ৰাৰ্থনা আৰু চাকৰিৰ পৰা বৰ্খাস্ত

ঘটনাটোৰ পিছতেই হিমাংশু জাংড়াই নিজৰ সকলো ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিয়ে । এই বিতৰ্কৰ প্ৰভাৱ তেওঁৰ চাকৰিৰ ওপৰতো পৰে । বাতৰি অনুসৰি, এই লজ্জাজনক ঘটনাটো পোহৰলৈ অহাৰ পিছতে হিমাংশু যিটো কোম্পানীত কৰ্মৰত আছিল, সেই কোম্পানীটোৱে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ।

কমেডিয়ান প্ৰণিত ম’ৰেৰ ক্ষমা প্ৰাৰ্থনা আৰু স্বীকাৰোক্তি

আনহাতে, কমেডিয়ান প্ৰণিত ম’ৰেও শ্ব’টোৰ সময়ত তেওঁ কৰা আচৰণৰ বাবে ক্ষমা বিচাৰে । তেওঁ স্বীকাৰ কৰে যে সেই সময়ত হাঁহি ধেমালি কৰি কথাটো এৰি দিয়াৰ পৰিৱৰ্তে তেওঁ যুৱকজনৰ সেই ভুল মন্তব্যৰ বিৰুদ্ধে থিয় দিব লাগিছিল । প্ৰণিতে তেওঁৰ বিবৃতিত কয়, "মই শেহতীয়া ক্ৰাউড-ৱৰ্ক ক্লিপটোক লৈ হোৱা সমালোচনা দেখিবলৈ পাইছোঁ । দৰ্শকজনে কৰা মন্তব্য মোৰ নিজৰ চিন্তা-ধাৰা বা মতাদৰ্শৰ সৈতে একে নহয় । এতিয়া চাই মই অনুভৱ কৰিছোঁ যে, মই সেই মন্তব্যটোত সহজভাৱে হাঁহি মেলি আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে, তাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱা বা বাধা দিয়া উচিত আছিল ।"

Rs 370 Biryani Controversy: Who Said What About The Pranit More Row Celebrities Strongly Criticize Comedy Responsibility
৩৭০ টকাৰ বিৰিয়ানী বিতৰ্ক (Photo : Instagram)

লগতে পঢ়ক : শ্বাহৰুখ খানৰ ৯০% ফটো লোৱা হৈছিল 'মন্নত'ত, আঁৰৰ কাহিনী প্ৰকাশ কৰিলে ডাব্বু ৰত্নানীয়ে