ETV Bharat / entertainment

ভাল খবৰ ! অসমত সমাদৃত ‘ৰুদ্ৰ’ এইবাৰ মুক্তি পালে বাংলা ভাষাত

এটা অ'টি টি প্লেটফৰ্মে ছবিখনৰ অসমীয়াৰ লগতে বাংলা ভাষাৰ কপিৰাইটছো কিনিছে । লগতে তেওঁলোকে ‘ৰুদ্ৰ’ ডাবিং কৰিছে বাংলা ভাষাতো ।

roopak gogoi directorial assamese film rudra releases in bengali language
এইবাৰ বাংলা ভাষাত 'ৰুদ্ৰ' (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 25, 2025 at 5:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : চলিত বর্ষত মুক্তিপ্ৰাপ্ত ‘ৰুদ্ৰ’ আছিল এখন বহুপ্ৰত্যাশিত অসমীয়া ছবি । বছৰটোৰ সফল ছবিসমূহৰ ভিতৰত এখন অন্যতম ছবি হিচাপে পৰিগণিত হয় ৰূপক গগৈ পৰিচালিত ‘ৰুদ্ৰ’ । অসমীয়া দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত শেহতীয়াকৈ এই ছবিখনে মুক্তি লাভ কৰিছে বাংলা ভাষাত ।

এটা অ' টি টি প্লেটফৰ্মে ছবিখনৰ কপিৰাইটছ কিনি মুক্তি দিছে বাংলা ভাষাত । বাংলা ভাষাত ডাবিঙৰ সন্দৰ্ভত পৰিচালক ৰূপক গগৈয়ে কয়, “আমি বহুত আনন্দিত । অসমীয়া ছবিয়ে ভৌগলিক সীমা পাৰ কৰাটোৱে আমাৰ উদ্দেশ্য আছিল, লগতে ভাষাৰ সীমা পাৰ কৰিব লাগে । এইকেইটা বস্তু কৰিবলৈ এনেকুৱা এটা বিষয়ৰ প্ৰয়োজন, যিটোৰ এটা ৰাষ্ট্রীয় মূল্য থাকে । সেইটোৱেই আমি চেষ্টা কৰিছিলো । DARSHOO নামৰ অ'টি টি প্লেটফৰ্মটোৱে ছবিখনৰ অসমীয়াৰ লগতে বাংলা ভাষাৰ কপিৰাইটছো কিনিছে । লগতে তেওঁলোকে এই ছবিখন বাংলা ভাষাত ডাবিং কৰিছে । মই জনাত এইখন প্ৰথমখন অসমীয়া ছবি য’ত অ' টি টিয়ে বহুত মূল্যৰে কপিৰাইটছ কিনি বাংলা ভাষালৈ ডাবিং কৰি মুক্তি দিছে । এইটো অসমৰ বাবে এটা সু-খবৰ ।”

পৰিচালক ৰূপক গগৈ (ETV Bharat Assam)

আনহাতে ছবিখনৰ মুক্তিৰ সন্দৰ্ভত গগৈয়ে কয়, “দৰাচলতে নৱেম্বৰ মাহতে ছবিখনৰ ডাবিং হৈ বাংলা ভাষাত মুক্তি লাভ কৰিলে । যিহেতু জুবিন গাৰ্গক হেৰুৱাই আমাৰ সকলোৰে এটা বেয়া সময় চলি আছিল, সেই বাবে সেই সময়ত আমি ৰাইজক খবৰটো দিয়া নাছিলোঁ । ছবিখনে বাংলা ভাষাত মুক্তি লাভ কৰাৰ পাছত বাংলা দৰ্শকৰ মাজত যথেষ্ট ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।”

Rudra
বাংলা ভাষাত মুক্তি লাভ কৰিলে চলিত বর্ষত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ‘ৰুদ্ৰ’ই (Photo : ETV Bharat Assam)

উল্লেখ্য যে, একশ্যন, ড্ৰামা আৰু ছাচপেন্সৰ পয়োভৰ ঘটা এই ছবিখনৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই । শ্যাম প্ৰডাকশ্যনৰ বেনাৰত অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা এই ছবিখনত ৰবি শৰ্মাৰ লগত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে অৰ্চিতা আগৰৱাল আৰু নন্দিনী কাশ্যপে ।

লগতে ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা- অভিনেত্ৰীয়ে । সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবশ্বন লাল বৰুৱাই ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰা ৰবি শৰ্মা-আদিল হুছেইনৰ যুটিয়ে লগাইছে খলকনি, ৰুদ্ৰৰ প্ৰশংসনীয় উপাৰ্জন