ETV Bharat / entertainment

নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ালে ৰণ্টু চেতিয়াই

ৰীমা বৰা পৰিচালিত 'নৈ' চিনেমাখনৰ বাবে লাভ কৰিছে ভৱেন দাস সোঁৱৰণী শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা ।

Rontu Chetia from Dibrugarh has-won state film editing award
ডিব্ৰুগড়ৰ ৰণ্টু চেতিয়াই লাভ কৰিলে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 1:47 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ : অসমীয়া ছবিৰ সমান্তৰালভাৱে অসমীয়া ছবি জগতৰ লগত জড়িত থকা সকলক উৎসাহিত কৰিবলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে অসম ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰি আহিছে । দুদিন পূৰ্বে ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে নৱম অসম ৰাজ্যিক চলচ্চিত্র বঁটা ঘোষণা কৰিছে অসম চৰকাৰে ।

সদ্যঘোষিত নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত সম্পাদনা শিতানত উজলিল উদীয়মান চলচ্চিত্ৰ সম্পাদক মৰাণ তিলৈ নগৰৰ ৰণ্টু চেতিয়া । ৰীমা বৰা পৰিচালিত 'নৈ' চিনেমাখনৰ বাবে ৰন্টু চেতিয়াই লাভ কৰিছে ভৱেন দাস সোঁৱৰণী শ্ৰেষ্ঠ সম্পাদনাৰ (এডিটিঙৰ) বঁটা । ডিব্ৰুগড় জিলাৰ তিলৈনগৰ নতুন গাঁৱৰ পোণা চেতিয়া আৰু ডালিমী চেতিয়াৰ জ্যেষ্ঠ পুত্ৰ ৰণ্টু চেতিয়া বিগত ১৫ বছৰে অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউড আৰু দেশৰ বিভিন্ন ভাষাত নিৰ্মিত চলচ্চিত্ৰ সম্পাদনা আৰু পৰিচালনাত জড়িত হৈ আছে ৷

ডিব্ৰুগড়ৰ ৰণ্টু চেতিয়াই লাভ কৰিলে নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (ETV Bharat Assam)

ৰণ্টু চেতিয়াই ২০১৬ বৰ্ষত 'বকুল' চিনেমাখনৰ বাবে 'প্ৰাগ চিনে এৱাৰ্ড' আৰু ২০২৫ বৰ্ষত প্ৰথম গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত 'এটা নিৰ্জন দুপৰীয়া' চিনেমাৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান লাভ কৰিছিল ৷ যুৱকজনৰ এই সাফল্যত উৎফুল্লিত অঞ্চলবাসী । তিলৈ নগৰ জ্যোতিৰ্ময় যুৱ মঞ্চৰ সদস্যসকলে ৰণ্টু চেতিয়াৰ গৃহত সম্বৰ্ধনা জ্ঞাপন কৰে ।

Rontu Chetia from Dibrugarh has-won state film editing award
নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা ৰণ্টু চেতিয়াক সম্বৰ্ধনা (ETV Bharat Assam)

আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰণ্টু চেতিয়াৰ লগতে আন আন বঁটাপ্ৰাপকসকলক অসম চৰকাৰে আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰিব । নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত লাভ কৰি ৰণ্টু চেতিয়াই কয়, "নৈ চিনেমাখনৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছো । বিগত ১৫ বছৰে হিন্দী আৰু অসমীয়া ছবি জগতত কাম কৰি আছো । মই সম্পাদনা কৰা বহু ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছে । চৰকাৰে প্ৰতিবছৰে এইদৰে উঠি অহা চামক উৎসাহিত কৰি আহিলে ভাল হয় । বৰ্তমান বহু কেইখন ছবিৰ কাম কৰাত ব্যস্ত হৈ আছো ।‌"

লগতে পঢ়ক:'বেলকনিত ভগৱান'লৈ ২০২০ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

অষ্টদশ আন্তঃজাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গ অভিনীত ছবি