ETV Bharat / entertainment

'ৰৈ ৰৈ বিনালে' চাই অশ্ৰুসিক্ত নয়নেৰে দৰ্শকে বিচাৰিলে জুবিনৰ বাবে ন্যায়

প্রিয় শিল্পীগৰাকীৰ শেষৰখন ছবি উপভোগ কৰি অশ্ৰুসিক্ত নয়নেৰে ওলাই আহিল দৰ্শক । অভিলেখ সৃষ্টি কৰি অসমত পুৱা 4.25 মিনিটৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনী ।

Roi roi binale review fans love late singer's last film seek justice for zubeen garg
'ৰৈ ৰৈ বিনালে' চাই আৱেগিক অসমীয়া (photo : ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 31, 2025 at 5:34 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: চকুত চকুলো লৈ ছবিগৃহৰ পৰা ওলাই আহিল দর্শক । ছবিগৃহৰ বাহিৰলৈ আহি হিয়া ঢাকুৰি কান্দিলে জুবিনৰ গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগীয়ে । আজি মুক্তি লাভ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে । অভিলেখ সৃষ্টি কৰি পুৱা 4.25 মিনিটৰ পৰাই আৰম্ভ হ'ল প্ৰথম দৰ্শনী ।

ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ প্ৰায় 150 ৰো অধিক স্ক্ৰীনত প্ৰদৰ্শিত হ'ল ছবিখন । প্রিয় শিল্পীগৰাকীৰ শেষৰখন ছবি উপভোগ অশ্ৰুসিক্ত নয়নেৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি দর্শকে কলে, “বহুত কান্দিলো । জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব । জুবিন দায়ো যেন আমাৰ লগত থাকি ছবিখন চাইছে । আমি জুবিন দাক বহুত মিছ কৰিছো । জুবিন দা যে আমাৰ মাজত নাই জীয়াই থকালৈ কেতিয়াও মানি ল’ব নোৱাৰো । প্ৰথমৰ পৰা শেষলৈ কেৱল কান্দোতেই গ’ল ।”

দৰ্শকে বিচাৰিলে জুবিনৰ বাবে ন্যায় (ETV Bharat Assam)

মন কৰিবলগীয়া কথাটো হ’ল যে প্ৰতিগৰাকী অনুৰাগীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় ৷ চিনেমা হলৰ বাহিৰলৈ আহি সকলোৰে এটা দাবী, “আমাক জুবিন দাৰ ন্যায় লাগে ৷”

ইফালে ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ চিত্ৰনাট্য লেখক ৰাহুল গৌতম শৰ্মাই কয়, “আমাৰ সকলোৰে জীৱনত জুবিনৰ এটা প্ৰভাৱ আছে । গতিকে সকলো মানুহ আবেগিক হৈ আছে । সংবিধানৰ আইনে যি শাস্তি দিয়ে দোষী সেই শাস্তি হ’ব লাগে । ছবিখনৰ সৈতে ঘটনাৰ একো মিল নাই, কিছুমান বস্তু মিলি যায়, যিবোৰ পিছত বহু অৰ্থবহ যেন লাগে । এনেকুৱা কিবা হ’ব পাৰে বুলি আমি অনুমানো কৰিব পৰা নাছিলো । যিটো আইনী বিধি সেই মতে শাস্তি হ’ব লাগে আৰু এই প্ৰসংগটোত গৰিমা বৌৰ যিটো সিদ্ধান্ত, সেইটোৱেই আমাৰো সিদ্ধান্ত ।”

জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ গৱেষক ছাত্ৰ ত্ৰিদ্বীপ ভাগৱতীয়ে কয়, “এটা বুজাব নোৱাৰা অনুভৱ । আজি আকৌ ঘাঁ টুকুৰা জীয়া হৈ উঠিল । মই ভাবো এই ছবিখন চোৱাৰ পাছত প্ৰতিগৰাকী অসমীয়াৰ বুকুত থকা কেতিয়াও নুশুকুৱা ঘাঁ টুকুৰা আৰু সজীৱ হ’ব । আজি সকলোৱে কান্দিছে । তেখেতে বিচাৰিছিল অসমীয়া ছবি বিশ্বৰ বুকুত জিলিকি থাকক । আজিৰ পৰা চাগে তেওঁ এটা নতুন যুগৰ আৰম্ভণি ঘটাইছে । মই আশা কৰিম পাইৰেচী নকৰাকৈ সকলোৱে ছবিখন চাওক ।” লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতো মন্তব্য কৰে ভাগৱতীয়ে ।

আনহাতে ছবিখন উপভোগ কৰি আহি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে কয়, “কাকতলীয়ভাৱে কেনেদৰে কাহিনীটো মিলিছে মই নাজানো ৷ ছবিখনৰ লগত জড়িত হৈ থকা মানুহবোৰে গম পাব । এইখন জুবিনৰ জীৱনৰ অন্তিমখন ছবি । অন্তিম ছবিখনেই আটাইতকৈ বেছি ভাল হ’ল । এটাই দুখ লাগিছে যে জুবিনৰ পৰা আমি আৰু কেতিয়াও এনেধৰণৰ উপহাৰ নাপাওঁ ৷”

আনহাতে ন্যায় প্ৰসংগত তেওঁ কয়, “দোষীয়ে কঠোৰতম শাস্তি পোৱাটো আমি বিচাৰো । যদিও জুবিনৰ হত্যা হোৱা নাই তেন্তে মৃত্যু কিয় হ’ল সেইটো আমি জানিব লাগিব । য়ট পাৰ্টী আয়োজন কৰাসকলে তাতে কি কৰি আছিল ? এই সকলোৰে শাস্তি হ'ব লাগে । অসমত থকা সকলকে নহয়, ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া সকলো অন্যতম দোষী । এই সকলো ৰহস্য উদঘাটন হ'ব লাগে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে ।”

উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰিছে ছবিখনে । ইতিমধ্যে হাউচফুল হৈ পৰিছে প্ৰতিটো দৰ্শনী ।

লগতে পঢ়ক : 'ৰৈ ৰৈ বিনালে' চাই অনুৰাগীৰ বিননি; চকুলোৰে মালা গাঁথি প্ৰিয় শিল্পীক স্মৰণ