প্ৰথম দিনাই ২.৫ কোটি টকা উপাৰ্জনেৰে 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ
মুক্তি পাছতে এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিলে 'ৰৈ ৰৈ বিনালে'ই ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হ'ল দৰ্শনী ৷

Published : November 2, 2025 at 11:14 AM IST
গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে' ৷ অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ এটা অতি জনপ্ৰিয় গীত 'ৰৈ ৰৈ বিনালে’ক ছবিলৈ ৰূপান্তৰিত কৰিছিল ৷ ৩১ অক্টোবৰ তাৰিখে মুক্তিলাভ কৰিলে শিল্পীগৰাকীৰ সপোনৰ ছবিখনে ৷ মুক্তি পাছতে এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিলে ছবিখনে ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হ'ল দৰ্শনী ৷ ইফালে সৰ্বকালৰ অভিলেখ ভংগ কৰি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা ৷
সামাজিক মাধ্যমযোগে ৰৈ ৰৈ বিনালে টীমে প্ৰকাশ কৰে পৰিসংখ্যা
সামাজিক মাধ্যমত এক পোষ্ট দি টীমটোয়ে জনাই, "ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা ৷ এই পৰিসংখ্যা প্ৰকাশ কৰাৰ লগতে আমি বিনয়েৰে আপোনালোকক জনাব বিচাৰিছোঁ — দৈনিক উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ কৰাৰ পৰিৱেশ এতিয়া যিহেতু নাই, ছবিখন মুক্তিৰ এমাহৰ পাছত প্ৰযোজক গোষ্ঠীয়ে অনাগত দিনকেইটাৰ সৰ্বমুঠ তথ্য ৰাজহুৱা কৰিব ৷ আশা কৰোঁ, পাইৰেচীৰ নিজেও বিৰোধ কৰি আনকো পাইৰেচীৰ আশ্ৰয় লোৱাৰ পৰা আঁতৰাই ৰাখি এইদৰেই আকুল মৰমেৰে আপোনালোকে ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শক হ’বহি ৷'

সম্প্ৰীতি ছবিখনৰ প্ৰায় ৮০০ স্ক্ৰীণিং হৈ আছে ৷ অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল আদিতো দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে ৷ নাহৰলগুন, পাচিঘাট, দিৰাং, জিৰ' আদিৰ ছবিগৃহ সমূহত প্ৰতিটো দৰ্শনীতে এতিয়া হাউচ ফুল হৈ আছে ৷ আনহাতে জানিব পৰা অনুসৰি ১৫ নৱেম্বৰৰ পৰা বিদেশটো জুবিনৰ জোৱাৰ উঠিব ছবিখনৰ জড়িয়তে ৷ কাৰণ বিদেশতো মুক্তি লাভ কৰিব 'ৰৈ ৰৈ বিনালে' ৷ ইতিমধ্যে ছিডনীৰ ছবিগৃহত হাউচফুল হোৱাৰ দিশে গতি কৰিছে ৷ জুবিন যুগৰ, জুবিন দেশৰ মানুহে প্রাণৰ শিল্পীজনক এনেদৰে শ্ৰদ্ধা জানোৱাটো ইতিহাস হৈয়ে ৰ'ব ৷

