ETV Bharat / entertainment

ৰিতেশ দেশমুখৰ আৱেগিক ক্ষণ: 'মুখ্যমন্ত্ৰীৰ পুত্ৰ' হোৱাৰ বাবে কেৰিয়াৰৰ আৰম্ভণিতে শুনিছিল কটু কথা

প্ৰতিযোগী যোগেশক শান্ত্বনা দিবলৈ গৈ নিজৰ অতীতৰ বেদনাৰ কথা শ্বেয়াৰ কৰিলে অভিনেতা ৰিতেশ দেশমুখে-

Riteish Deshmukh took years to remove 'Chief Minister's son' tag: Actor's emotional remarks in 'Lock Upp Season 2'
ৰিতেশ দেশমুখ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : July 7, 2026 at 8:18 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ পুত্ৰ হোৱাৰ বাবেই বলীউডৰ জনপ্ৰিয় অভিনেতা ৰিতেশ দেশমুখে কেৰিয়াৰৰ আৰম্ভণিতে বহু কটু কথা আৰু তাচ্ছিল্য কৰা মন্তব্য শুনিবলগীয়া হৈছিল । শেহতীয়াকৈ ‘লক আপ ২’ নামৰ শ্ব’টোত অংশ লৈ অভিনেতাজনে নিজৰ এই অতীতৰ কষ্ট আৰু সংগ্ৰামৰ কথা মুকলিকৈ প্ৰকাশ কৰে ।

এই ‘মুখ্যমন্ত্ৰীৰ পুত্ৰ’ৰ পৰিচয়টো আঁতৰাই কেৱল এজন অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁক দীঘলীয়া ২৩টা বছৰ লাগিল । ৰিতেশ দেশমুখে স্পষ্ট কৰি দিয়ে যে, বলীউডত নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল আৰু এই টেগটো আঁতৰাবলৈ তেওঁ বহু বছৰ ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

অভিনেতা ৰিতেশ দেশমুখে বলীউডত নিজৰ যোগ্যতা আৰু পৰিশ্ৰমৰ বলত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । কৌতুক অভিনয়ৰ পৰা আৰম্ভ কৰি এক্সনধৰ্মী চৰিত্ৰলৈকে, তেওঁ প্ৰতিটো ভূমিকাতে সুন্দৰ অভিনয় প্ৰদৰ্শন কৰিছে । শেহতীয়াকৈ ‘লক আপ’ নামৰ ৰিয়েলিটী শ্ব’টোত অংশ লৈ ৰিতেশে তেওঁৰ অতীতৰ এক সংগ্ৰামৰ কথা শ্বেয়াৰ কৰিছে । তেওঁ কঠোৰ পৰিশ্ৰম কৰি নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দিবলগীয়া হৈছিল, যাতে মানুহে তেওঁক কাৰোবাৰ পুত্ৰ হিচাপে নহয়, বৰঞ্চ এজন দক্ষ অভিনেতা হিচাপে চিনি পায় ।

ৰিতেশ দেশমুখে বৰ্তমান ৰিয়েলিটী শ্ব’ ‘লক আপ ২’ৰ আঁতধৰোতা হিচাপে কাম কৰি আছে । এই শ্ব’টোৰ এক বিশেষ খণ্ডত প্ৰতিযোগী যোগেশ ৰাৱটৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত অভিনেতাজনে নিজৰ অতীতৰ কেৰিয়াৰৰ সংগ্ৰাম আৰু বেদনাৰ কথা মুকলিকৈ প্ৰকাশ কৰে ।

শ্ব’টোৰ এটা টাস্ক বা খেলৰ পূৰ্বে প্ৰতিযোগী যোগেশ ৰাৱটক ‘প্ৰতাৰক’ বুলি এটা টেগ দিয়া হৈছিল । যোগেশৰ এই কথাৰ উত্তৰ দি তেওঁক উৎসাহিত কৰিবলৈ গৈ ৰিতেশে নিজৰ জীৱনৰ অভিজ্ঞতা শ্বেয়াৰ কৰে । ৰিতেশে নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰ মনত পেলাই কয় যে, তেওঁৰ ওপৰতো সমাজ আৰু উদ্যোগটোৱে ‘মুখ্যমন্ত্ৰীৰ পুত্ৰ’ৰ এটা টেগ লগাই দিছিল, যাৰ বাবে তেওঁ বহুত মানসিক কষ্ট পাইছিল । ৰিতেশে প্ৰতিযোগীজনক বুজাবলৈ চেষ্টা কৰে যে, জীৱনত এনেধৰণৰ নেতিবাচক টেগে মানুহক কষ্ট দিয়ে যদিও কঠোৰ পৰিশ্ৰমৰ সৈতে ইয়াক সলনি কৰিব পৰা যায় ।

ৰিতেশে কয়, "যেতিয়া মই মোৰ প্ৰথমখন ছবি কৰিছিলোঁ, তেতিয়া মোৰ দেউতা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আছিল, গতিকে সকলোৱে কৈছিল, ‘তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী, সেইবাবেই তেওঁ কাম পাই আৰু সেইবাবেই তেওঁৰ ছবি সফল হয় ।’ মই এই পৰ্যায়ৰ মাজেৰে পাৰ হৈছোঁ ।"

তেওঁ লগতে আৰু কয়, "আজি ২৩ বছৰত ৬০খন ছবি নিৰ্মাণ কৰাৰ পিছতহে মই সেই টেগটো ভাঙি আপোনলোকৰ সন্মুখত থিয় দি আছোঁ । কিছুমান টেগ ভাঙিবলৈ সময় আৰু কষ্টৰ প্ৰয়োজন হয়, কিন্তু এবাৰ আপুনি দৃঢ়প্ৰতিজ্ঞ হ'লে সেইবোৰ ভাঙি পেলাব পাৰি ।" ৰিতেশ দেশমুখৰ এই বাৰ্তাই প্ৰতিযোগী যোগেশৰ লগতে দৰ্শকসকলকো জীৱনৰ সংগ্ৰামৰ সৈতে যুঁজ দিবলৈ উৎসাহিত কৰিছে ।

লগতে পঢ়ক : কেৱল আমিৰ খানেই নহয়, বলীউড আৰু দক্ষিণৰ এইসকল তাৰকাও বহিছে ৩ বাৰকৈ বিয়াৰ পীৰাত !