ETV Bharat / entertainment

নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ডেৰে সন্মানিত ৰীমা দাস

ভিলেজ ৰকষ্টাৰ্ছ ২ ৰ পৰিচালনাৰ বাবে ৰীমা দাসলৈ নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড ৷

Rima Das wins NYWIFT Award for Excellence in Narrative Filmmaking at NYIFF for Village Rockstars 2
ৰীমা দাসলৈ নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড (Photo : Special Arrangements)
author img

By ETV Bharat Entertainment Team

Published : December 30, 2025 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান । ৰীমা দাসৰ ২০২৪ চনৰ চিনেমা 'ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ পৰিচালনাৰ বাবে নিৰ্মাতাগৰাকীক New York Women in Film and Television Award in Direction (NYWIFT) প্ৰদান কৰা হৈছে ।

চিনেমালৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বৰ্ষত এই স্বীকৃতি প্ৰদান কৰা ১১ গৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ ভিতৰত ৰীমা দাসো অন্যতম ।

Rima Das wins NYWIFT Award for Excellence in Narrative Filmmaking at NYIFF for Village Rockstars 2
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস (Photo : Special Arrangements)

এই সন্মান লাভ কৰাৰ পাছত ৰীমা দাসে কয়, “ভিলেজ ৰকষ্টাৰ্ছ ২ৰ বাবে নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অৰ্থৱহ । মোৰ বাবে এই সন্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী কোৱা ভাৰতীয় চিনেমাই যে সীমা অতিক্ৰম কৰি যাত্ৰা কৰিব পাৰে, তাৰ আন এক নিশ্চিতকৰণ । মোৰ চিনেমাৰ যাত্ৰা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সমৰ্থনে অধিক অন্তৰ্নিহিত ৰূপত বিশ্বমানৰ চিনেমা গঢ়াৰ ক্ষেত্ৰত মোৰ বিশ্বাসক শক্তিশালী কৰিলে ।”

নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড (NYWIFT) হৈছে আমেৰিকাৰ বিনোদন উদ্যোগৰ আটাইতকৈ সন্মানীয় অবাণিজ্যিক প্ৰতিষ্ঠানৰ অন্যতম, যি চিনেমা, টেলিভিছন আৰু ডিজিটেল মিডিয়াত কৰ্মৰত নাৰীসকলক সহায়-সমৰ্থন, উদগনি দিয়ে আৰু তেওঁলোকক উদযাপন কৰে ।

NYWIFT ৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্থীয়া লোপেজৰ ভাষাত এয়া হৈছে, "চিনেমা নিৰ্মাতাই চিনেমা নিৰ্মাতাক কৰা সমৰ্থন আৰু ইয়াৰ জৰিয়তে নাৰীৰ সৃষ্টিশীল কণ্ঠ আৰু কৰ্ম বৰ্তাই ৰখাৰ হকে এক বিশ্বব্যাপী পৰিস্থিতিতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা ।" এই সন্মান লাভৰ জৰিয়তে ৰীমা দাসে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক এদল প্ৰসিদ্ধ লোকৰ সৈতে স্থান পালে ৷ তেওঁলোকৰ ভিতৰত আছে চুজানা হাৰ্বাৰ্ট (Natchez), চেৰিয়ান ডাভিচ (All That's Left of You), সোণালী বসু (A fly on the wall), ৰাছেল ইমাৰাজ (An Unquiet Mind), এলেনা নিউমেন (Looking UP), কাৰ্ষ্টিন কাৰ্লহিউবাৰ‌ (After All), লিজা কানিংহাম‌ (Me Period), জেকী কুইননেজ (Miles Away), ছাৰা খাকী আৰু মহম্মদৰেজা এইনী (Cutting Through Rocks) আৰু ৰাছেল ইজৰাইল (The Floates) ।

এই স্বীকৃতিয়ে সাম্প্ৰতিক ভাৰতীয় ইণ্ডিপেণ্ডেণ্ট চিনেমাৰ আটাইতকৈ পৰিদৃশ্যমান কণ্ঠ হিচাপে ৰীমা দাসৰ স্থিতিক পুনৰ প্ৰতীয়মান কৰিলে, যাৰ চিনেমা বাস্তৱৰ সৈতে শিপাৰে জড়িত আৰু ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰৰ কাহিনী বিশ্বব্যাপি দৰ্শক আৰু প্ৰতিষ্ঠানৰ আগত উদ্ভাসিত হৈ পৰিছে ।

Rima Das wins NYWIFT Award for Excellence in Narrative Filmmaking at NYIFF for Village Rockstars 2
ভিলেজ ৰকষ্টাৰ্ছ ২ চিনেমাখন অচিৰেই ছবিঘৰত মুক্তি লাভ কৰিব (Photo : Special Arrangements)

উল্লেখ্য যে, ভিলেজ ৰকষ্টাৰ্ছ ২ ৰ বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল আৰু তাত ছবিখনে সন্মানীয় Kim Jiseok বঁটা লাভ কৰিছিল ৷ এই চিনেমাখনৰ ইউৰোপীয় প্ৰিমিয়াৰ হৈছিল বাৰ্লিনত । এই চিনেমাখন ৰীমা দাসৰ বহু প্ৰশংসিত ভিলেজ ৰকষ্টাৰ্ছৰ ছিকুৱেল, যিখন চিনেমা আছিল ২০১৯ৰ‌ একাডেমী এৱাৰ্ডছ (অস্কাৰছ)লৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি । ভিলেজ ৰকষ্টাৰ্ছ ২ চিনেমাখন অচিৰেই ছবিঘৰত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক : উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ ট্ৰেইলাৰ মুকলি