"আমি দেখুৱাই ভাল নাপাওঁ"— ছানী-ববীক লৈ দেওল পৰিয়ালৰ ৰহস্য ফাদিল হেমা মালিনীৰ
ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত দেওল পৰিয়ালত পাৰিবাৰিক সংঘাত ? মুখ খুলিলে হেমা মালিনীয়ে ৷

By ETV Bharat Entertainment Team
Published : July 7, 2026 at 12:52 PM IST
হায়দৰাবাদ : ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত দেওল পৰিয়ালত সংঘাতৰ চৰ্চাক নস্যাৎ কৰি হেমা মালিনীয়ে প্ৰকাশ কৰিছে যে, তেওঁলোকৰ পৰিয়ালত কোনো বিবাদ নাই । তেওঁ স্পষ্ট কৰে যে, ছানী আৰু ববী দেওলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক স্বাভাৱিক আৰু তেওঁলোকে মানুহক দেখুৱাই কিবা কৰাৰ অভিনয় কৰাটো পছন্দ নকৰে ।
হেমা মালিনী বলীউডৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী । তেওঁ নিজৰ সুন্দৰ অভিনয় আৰু কৰ্মৰে চিনেমা জগতত এক সুকীয়া চিনাকী গঢ়ি তুলিছে । তেওঁৰ ব্যক্তিগত জীৱনক লৈ সদায় চৰ্চা চলি থাকে । শেহতীয়াকৈ, ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্কৰ বিষয়ে মুকলিকৈ কথা পাতিছে । হেমা মালিনীক সোধা হৈছিল যে তেওঁৰ বাবে ধৰ্মেন্দ্ৰৰ অন্তিম বাৰ্তা কি আছিল ? তেওঁ ইয়াৰ কি উত্তৰ দিলে, জানো আহকচোন ।
দেওল পৰিয়ালত বিবাদ ?
এক সাক্ষাৎকাৰত হেমা মালিনীয়ে কয় যে, ধৰ্মেন্দ্ৰই তেওঁক কৈছিল, "যিয়েই নহওক কিয়, সদায় পৰিয়ালৰ সৈতে থাকিবা । কাম যিমানেই নাথাকক, পৰিয়ালক সদায় প্ৰথম স্থান দিবা ।" তেওঁ ছানী দেওল আৰু ববী দেওলৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও কথা পাতে । হেমা মালিনীয়ে কয়, "ছানী আৰু ববী অতি ভাল ল’ৰা । ববী বৰ অমায়িক । আমি সদায় একেলগে আছোঁ । আমি কোনো প্ৰচাৰ নকৰোঁ বা লোকক দেখুৱাই অভিনয় নকৰোঁ । আমি ইজনে সিজনৰ সৈতে বৰ মৰমেৰে থাকোঁ । ভিতৰি আমাৰ মাজত এটা গভীৰ টান আছে । আমি এটা সুখী পৰিয়াল ।"
হেমা মালিনীয়ে লগতে কয় যে, ধৰ্মেন্দ্ৰই কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ ৰাজহুৱা কৰাটো পছন্দ কৰা নাছিল ।
আটাইতকৈ বেছি পাৰিতোষিক পোৱা অভিনেত্ৰী আছিল হেমা মালিনী ?
এই সাক্ষাৎকাৰটোত হেমা মালিনীক সোধা হৈছিল যে, এটা সময়ত তেওঁ চলচ্চিত্ৰ জগতৰ আটাইতকৈ বেছি পাৰিতোষিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী আছিল । ইয়াৰ উত্তৰত তেওঁ কয়, "এই কথা কোনে ক’লে ? মই অতি কম টকাহে পাইছিলোঁ । পৰিচালক আৰু প্ৰযোজকসকলে মোক পছন্দ কৰিছিল ঠিকেই, কিন্তু মই কেতিয়াও কেৱল পইচাৰ বাবে কাম কৰা নাছিলোঁ । লাহে লাহে নাম আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে আমাৰ পইচাও অলপ অলপকৈ বঢ়াই গৈছিল ।" তেওঁ লগতে কয়, "আজিকালিৰ শিল্পীসকলে যিমান বুজন পৰিমাণৰ ধন পাই, তেতিয়া আমাক তেনেধৰণৰ ধন দিয়া হোৱা নাছিল । আমি তাৰ তুলনাত অতি কম টকাহে পাইছিলোঁ ।"
লগতে পঢ়ক : বলীউডত কেৱল গান-নাচতেই সীমাবদ্ধ আছিল মহিলাৰ ভূমিকা ! পুৰণি দিনৰ বিস্ফোৰক সত্য প্ৰকাশ জীনত আমানৰ

