কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন প্ৰখ্যাত শিল্পী চনু নিগমৰ
সংগীত শিল্পী চনু নিগমক কাষৰ পৰা চাবলৈ কামাখ্যা মন্দিৰৰ প্ৰাংগনত অনুৰাগীৰ ভিৰ ।

Published : December 14, 2025 at 9:12 PM IST
গুৱাহাটী : প'প ষ্টাৰ প’ষ্ট মেলনৰ পিছত গুৱাহাটীত উপস্থিত প্ৰখ্যাত সংগীত শিল্পী চনু নিগম । দেওবাৰে কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে প্ৰখ্যাত সংগীত শিল্পী চনু নিগমে ।
মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰাৰ সময়তে তেওঁক কাষৰ পৰা চাবলৈ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ এটা ভিডিঅ' নিজৰ তেওঁ ফেচবুক পেজত শ্বেয়াৰ কৰে ।
উল্লেখ্য যে, আমেৰিকান প'প ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ পিছতেই আজি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগম একক লাইভ কনচার্ট । আজি গুৱাহাটী মহানগৰীৰ গ্ৰীণ উড ৰিজ'ৰ্টত ৭ বজাৰ পৰা অনুষ্ঠিত হয় এই কনচাৰ্ট ।
চনু নিগমে আজিৰ এই কনচাৰ্টৰ জৰিয়তে গুৱাহাটীত শুভাৰম্ভ কৰে তেওঁৰ ‘‘দিৱানা তেৰা ট্যুৰ’’ । কনচাৰ্টৰ বাবে তেওঁ শনিবাৰেই গুৱাহাটীত আহি উপস্থিত হয় । কনচাৰ্টৰ পূৰ্বে আজি পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ।

উল্লেখ্য যে, গুৱাহাটীৰ পাছত ‘‘দিৱানা তেৰা ট্যুৰ’’ অনুষ্ঠান ইন্দোৰ, জয়পুৰ আৰু লক্ষ্ণৌত পৰিৱেশন কৰিব । অনুষ্ঠানটোৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি, গুৱাহাটীত এই ট্যুৰ আৰম্ভ কৰাৰ সিদ্ধান্ত চনু নিগমৰ ব্যক্তিগত ।
এই চহৰখন জুবিনৰ স্মৃতিৰ সৈতে আজিও গভীৰভাৱে জড়িত হৈ আছে, যাৰ অকাল বিয়োগে তেওঁৰ (চনু নিগম) ওপৰতো গভীৰ প্রভাৱ পেলাইছে বুলি প্ৰকাশ কৰিছিল । তেওঁ জুবিন গাৰ্গক সম্মান জনোৱাৰ বাবে অসমৰ জনসাধাৰণে দেখুওৱা একতা দেখি তেওঁ আৱেগিক হৈ পৰে ।
তেওঁ লগতে কয় যে এনে ৰাইজৰ মৰম আৰু শ্রদ্ধা তেওঁ পৃথিৱীৰ আন ক'তো দেখা নাই । তেওঁ লগতে স্বীকাৰ কৰে যে অসমৰ লোকৰ আন্তৰিকতা আৰু সৰল আৱেগৰ বাবেই এই ৰাজ্যৰ সৈতে তেওঁৰ সম্পর্ক কেৱল সংগীতৰ সীমা অতিক্রম কৰি গৈছে । আনকি তেওঁ এইটোও কয় যে যদি তেওঁৰ পুনৰ জনম হয়, তেন্তে তেওঁৰ জন্মস্থান হিচাপে অসমক বাছি ল'বলৈ পছন্দ কৰিব ।

