ETV Bharat / entertainment

অসমীয়া ছবিয়ে ইতিহাস সৃষ্টি কৰাৰ দিনটোত উপেক্ষিত প্ৰথমটো ছবিগৃহ: কেনে আছে জ্যোতিপ্ৰসাদৰ সপোন 'জোনাকী'

অসমৰ প্ৰথম ছবিগৃহটো আজিও উপেক্ষিত । পুনৰ নিৰ্মাণৰ কাম আধাতে স্তব্ধ । ইতিহাস সৃষ্টিকাৰী জুবিনৰ 'ৰৈ ৰৈ বিনালে' মুক্তি নাপায় 'জোনাকী'ত ।

Jonaki cinema hall
জৰাজীৰ্ণ অৱস্থাত জোনাকী ছবিগৃহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 8:44 PM IST

10 Min Read
Choose ETV Bharat

তেজপুৰ: অপেক্ষা মাথোঁ নিশাটো পোহৰ হোৱালৈ । শুকুৰবাৰে সূৰ্যই ভুমুকি মৰাৰ লগে লগে সৃষ্টি হ'ব অসমৰ সাংস্কৃতিক জগতত এক ইতিহাস । জ্যোতিপ্ৰসাদৰ হাত ধৰি আৰম্ভ হোৱা অসমীয়া ছবি জগতৰ উত্তৰণৰ যাত্ৰাই এক নতুন মাইলৰ খুঁটিত উপনীত হ'ব ৩১ অক্টোবৰত । আৰু সেয়া সম্ভৱ হ'ব অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দ্বাৰা নিৰ্মিত ছবিৰে ।

'ৰৈ ৰৈ বিনালে' আৰু অসমীয়া ছবিৰ অভিলেখ

হয়, শুকুৰবাৰে মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ সপোনৰ আৰু জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' । ইতিমধ্যে এই ছবিখনৰ বাবে অসমৰ প্ৰতিটো ছবিগৃহৰ প্ৰথম সপ্তাহলৈকে প্ৰায় প্ৰতিটো দৰ্শনী হাউচফুল হৈছে । খোলা হৈছে বহু দিন বন্ধ হৈ থকা ছবিগৃহও ।

কেনে অৱস্থাত আছে জ্যোতিপ্ৰসাদৰ সপোন 'জোনাকী' (ETV Bharat Assam)

শুকুৰবাৰে অসমৰ লগতে বহিঃৰাজ্যৰো প্ৰায় ৪৬ টা ছবিগৃহত মুক্তিলাভ কৰিব ছবিখন । সমগ্ৰ অসমৰ ছবিগৃহসমূহত ৮৫ খন স্ক্ৰীণত 'ৰৈ ৰৈ বিনালে’ৰ দৈনিক মুঠ ৪৫০ টা শ্ব’ এইমুহূৰ্তলৈ বুক কৰা হৈছে । ৩১ অক্টোবৰ শুকুৰবাৰে প্ৰথমদিনাই অসমৰ ছবিগৃহত মুক্তি পোৱাৰ সমান্তৰাললৈ বহিঃৰাজ্যৰো প্ৰায় ৮৫ খন স্ক্ৰীণত ২০০ টা শ্ব’ চলিব ৰৈ ৰৈ বিনালেৰ ।

কেনে অৱস্থাত আছে অসমৰ প্ৰথমটো ছবিগৃহ 'জোনাকী'

কিন্তু তাৰ মাজতে এটা কথা চৰ্চালৈ আহিছে । যিগৰাকী পথিকৃতৰ ভৱিষ্যদৰ্শী পৰিকল্পনাৰে অসমীয়া ছবি জগতে গতি লাভ কৰিলে, সেইগৰাকী পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদে প্ৰথমখন ছবি প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰি ৰাজ্যৰ প্ৰথমটো ছবিগৃহ আজি কি অৱস্থাত আছে ? সেই ছবিগৃহটোত প্ৰদৰ্শিত হ'বনে ৰাজ্যৰ সাংস্কৃতিক জাগৰণত ধুমুহাৰ সৃষ্টি কৰা জুবিন গাৰ্গৰ বহু অপেক্ষিত 'ৰৈ ৰৈ বিনালে' ছবিখনে ?

Jonaki cinema hall
জোনাকী ছবিগৃহ (ETV Bharat Assam)

কিন্তু পৰিতাপৰ কথা, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ছবিগৃহ বৰ্তমান জৰাজীৰ্ণ হৈ পৰি ৰৈছে বিগত আঠ বছৰকাল । অসমৰ সাংস্কৃতিক জগতৰ তথা অসমীয়া ছবি জগতৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৭ চনত নিৰ্মাণ কৰা 'জোনাকী' ছবিগৃহটো এতিয়া জৰাজীৰ্ণ ।

Jonaki cinema hall
জৰাজীৰ্ণ অৱস্থাত জোনাকী ছবিগৃহ (ETV Bharat Assam)

'জোনাকী'ৰ পুনৰ নিৰ্মাণৰ পৰৱৰ্তী পৰিস্থিতি

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত বিগত ২০১৯ চনত ছবিগৃহটো পুনৰ নিৰ্মাণৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ যতীন বৰাই আধাৰশিলা স্থাপন কৰিছিল ।

Jonaki cinema hall
আধাৰশিলাতে স্তব্ধ পুনৰ নিৰ্মাণকাৰ্য (ETV Bharat Assam)

অৱশ্যে সেই সময়ত অসমত 'কা' আন্দোলনে তীব্ৰ ৰূপ লোৱাত একমাত্ৰ যতীন বৰাৰ বাহিৰে মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া তেজপুৰলৈ আহিব পৰা নাছিল । বৰ্তমান অসমৰ ছবি জগতত আলোড়ন সৃষ্টি কৰা অসমৰ হিয়াৰ আমঠু, জনতাৰ শিল্পী জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ছবিখনৰ মুক্তিৰ দিনা অসমৰ এই সাংস্কৃতিক নগৰী তেজপুৰত ৫টা ছবিগৃহৰ ভিতৰত দুটাত পুৱা ৫ বজাৰ পৰা নিশা দুই বজালৈকে দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে । কিন্তু অসমৰ ছবি জগতৰ প্ৰাণ প্ৰতিষ্ঠা কৰা 'জোনাকী'ত প্ৰদৰ্শিত নহয় 'ৰৈ ৰৈ বিনালে' । কাৰণ ছবি প্ৰদৰ্শনৰ বাবে এতিয়া ছবিগৃহটোত কোনো আন্তঃগাঁথনিয়ে নাই ।

Jonaki cinema hall
জোনাকী নিৰ্মাণৰ সময়ৰ ফটো (ETV Bharat Assam)

জোনাকী নিৰ্মাণৰ কাহিনী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথম ছবি জয়মতী নিৰ্মাণৰ পিছতে ইয়াৰ প্ৰদৰ্শনৰ বাবে কোনো ছবিগৃহ নাছিল । তেনে এক প্ৰেক্ষাপটত এক বৃহৎ প্ৰত্যাহ্বান লৈ তেওঁ নিজে ছবিগৃহ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিল । সেই সময়ৰ এই ছবিগৃহৰ চানেকিৰ ফটো বৰ্তমান তেওঁৰ পূৰ্বৰ গৃহ 'পকী', বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত থকা জ্যোতি ভাৰতীত উপলব্ধ । তাত ছবিগৃহটো নিৰ্মাণৰ পিছত মুকলি কৰা ফটো সংৰক্ষণ কৰি ৰখা হৈছে ।

Jonaki cinema hall
জোনাকী নিৰ্মাণৰ সময়ৰ ফটো (ETV Bharat Assam)

জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম ছবি নিৰ্মাণ হৈছিল তেজপুৰৰ তেওঁৰ গৃহ 'পকী'ত । আনহাতে, এই ছবিগৃহ নিৰ্মাণ সম্পৰ্কে তেজপুৰৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই জনায় যে জোনাকী নতুনকৈ নিৰ্মাণৰ বিষয়ত তেওঁ ভালদৰে অৱগত নহয় ।

Jonaki cinema hall
জোনাকী নিৰ্মাণৰ সময়ৰ ফটো (ETV Bharat Assam)

গুদামঘৰৰ পৰা আৰম্ভ অসমীয়া ছবিগৃহৰ যাত্ৰা

অসমৰ প্রাথমটো ছবিগৃহ সম্পৰ্কে তেওঁ কয়, "জোনাকী হৈছে অসমৰ প্ৰথম ছবিগৃহ, যিটো জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাই গুৱাহাটীৰ বিজুলী ছবিগৃহৰ স্থানত সেই সময়ত এজন ব্যৱসায়ীৰ এটা গুদামঘৰ লৈ তাত মাজে-সময়ে ছবি প্ৰদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰিছিল । কিন্তু এটা সময়ত ব্যৱসায়ীজনে গুদামঘৰতো তেওঁক দিবলৈ অমান্তি হোৱাত জ্যোতিপ্ৰসাদে মনত দুখ লৈ পৰিয়ালৰ সৈতে এই ছবিগৃহ জোনাকী পুখুৰীৰ পাৰত নিৰ্মাণ কৰিছিল । এইটো তেওঁৰ ঘৰ পকীৰ পিছফালে আৰু এইটোৱেই অসমৰ প্ৰথম ছবিগৃহ ।"

আনহাতে, তথ্য অনুসৰি ছবিগৃহটো নিৰ্মাণৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ফিল্ম ফাইনেন্স কৰ্প'ৰেচনৰ লগত পৰিয়ালটোৱে কেইবাবাৰো আলোচনা কৰিছিল । লগতে ২০২৪ চনত এক বুজাবুজি চুক্তি সম্পন্ন হৈছিল ।

কি কয় জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ সদস্যই

বৰ্তমান জোনাকী ছবিগৃহৰ স্বত্ত্বাধিকাৰী তথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ সপোনটি আগৰৱালাই ইটিভি ভাৰতক টেলিফোনযোগে জনায়, "সেই সময়ত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই পুনৰ নিৰ্মাণৰ বাবে ৬৫ লাখ টকা নিৰ্ধাৰণ কৰিছিল যদিও মাত্ৰ ২৫ লাখ টকা মুকলি কৰিছিল । সেই টকাৰে ভিতৰৰ কাম আৰম্ভ হৈছিল । তেওঁলোকে কৈছিল নিজৰ ফালৰ পৰা ষ্টেট বেংকৰ পৰা ঋণ লৈ বনাওক ।"

কিন্তু কোভিডৰ পিছত কোনো বেংকে ধন দিবলৈ বিচৰা নাছিল বুলি সপোনটি আগৰৱালাই কয় । পৰৱৰ্তী সময়ত ২৫ লাখ টকাৰ মুঠ ৬ লাখ টকা খৰচ কৰাৰ সময়তে কোভিড-১৯ মহামাৰী আৰু 'কা' আন্দোলনৰ বাবে কামসমূহ স্থগিত হৈ পৰে আৰু বাকী ধন জমা আছে । কিন্তু পৰৱৰ্তী সময়ত কৰ্তৃপক্ষৰ লগত এই বিষয়ে বহুবাৰ যোগাযোগ কৰা হয় যদিও বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা নাই ।

'জোনাকী'ত প্ৰদৰ্শিত অন্তিম ছবি 'ৰত্নাকৰ'

তেওঁ কয়, "জোনাকী ছবিগৃহৰ লগতে এক ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ ব্যৱস্থা লৈছিল আৰু এই ছবিগৃহ কৰ্তৃপক্ষই চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেইটোত আমাৰ পৰিয়ালৰ তৰফৰ পৰা সম্পূৰ্ণ সন্মত আছোঁ । চৰকাৰৰ ফিল্ম ফাইনেন্স কৰ্প'ৰেচনৰ লগত এই বিষয়ে বহুবাৰ আলোচনা কৰা হৈছিল । ছয়মাহ পূৰ্বে তেওঁলোকে আহি মাটিৰ পৰীক্ষা কৰি গৈছিল আৰু চুক্তি স্বাক্ষৰ হৈছিল । ছবিগৃহটো তেওঁলোকে চলাব বুলি সিদ্ধান্ত লৈছিল ।"

তেওঁ লগতে কয় যে জোনাকী ছবিগৃহত অন্তিম ছবি প্ৰদৰ্শন হৈছিল যতীন বৰাৰ ছবি 'ৰত্নাকৰ' । তাৰ পিছত ছবিগৃহটো বন্ধ হৈ পৰে ।

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া ছবি জগত

জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি আৰু অসমীয়া ছবিৰ পথিকৃৎ । প্ৰথম অসমীয়া আধুনিক গীতৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন-নামঘোষালৈ তেওঁৰ অৱদান যথেষ্ট । প্ৰথমখন অসমীয়া ছবি 'জয়মতী' তেওঁৰে উৰ্বৰ মস্তিষ্কৰ ফচল ।

Jonaki cinema hall
জ্যোতিপ্ৰসাদ আগৰৱাল (ETV Bharat Assam)

তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট সংগীতজ্ঞ বঙ্কিম শৰ্মাই টেলিফোনিক বাৰ্তালাপত কয়, "জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতৰ চিন জোনাকী একমাত্ৰ এটা চিনেমা ঘৰ নহয়, ই অসমীয়া ছবি জগতৰ এক বুৰঞ্জী । চৰকাৰে এই ছবিগৃহটো সোনকালে পুনৰ নিৰ্মাণ কৰি অসমৰ ৰাইজলৈ মুকলি কৰি দিব লাগে ।"

আছুৰ প্ৰতিক্ৰিয়া

ইফালে ছবিগৃহটোৰ এই জৰাজীৰ্ণ ৰূপ আৰু ইয়াৰ পুনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেজপুৰ আঞ্চলিক ছাত্র সন্থাই । 'জোনাকী' ছবিগৃহ পৰিদৰ্শন কৰি চৰকাৰ তথা অসমৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে তেজপুৰ আছুৱে ।

Jonaki cinema hall
জোনাকী পৰিদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ (ETV Bharat Assam)

তেওঁলোকৰ পৰিদৰ্শনকালত দেখা যায় যে ছবিগৃহটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে । পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পিছতে সকলো স্তব্ধ হৈ পৰে ।

তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দেবাঞ্জন বিকাশ পাঠক আৰু সম্পাদক গীতাৰ্থ হৰি কাশ্যপৰ নেতৃত্বত ছাত্র সন্থাৰ এটা দলে এই ছবিগৃহটোৰ ভিতৰত বৃহস্পতিবাৰে প্ৰৱেশ কৰি অসম চৰকাৰক ছবিগৃহটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনায় ।

সাপে বাহ লৈছে জোনাকীত

ই টিভি ভাৰতৰ আগত দেবাঞ্জন বিকাশ পাঠকে কয়, "অসমৰ প্ৰথমটো ছবিগৃহ জোনাকী পৰ্যবেক্ষণ কৰিব আহিলোঁ । ভিতৰত জৰাজীৰ্ণ অৱস্থা । পাৰ চৰাই, সাপে বাহ লৈছে । বিভগীয় কৰ্তৃপক্ষই হওক বা চৰকাৰ, কাৰো এই ক্ষেত্ৰত গুৰুত্ব যে নাই সেই কথা প্ৰমাণ কৰিছে । সাংস্কৃতিক নগৰী বুলি তেজপুৰ চহৰক কোৱা হয় । এই নগৰীৰ বৰ্তমান বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা তেখেতেও কোনো ধৰণৰ উদ্যোগ লোৱা নেদেখিলোঁ । সেইবাবেই আমাৰ দুখ লাগিছে আৰু আমি গৰিহণা দিছোঁ ।"

তেওঁ লগতে কয়, "জনপ্রতিনিধিসকলে কথা দি কথা ৰাখিব নোৱৰাটো দুৰ্ভাগ্যজনক । যিটো সময়ত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ যতীন বৰা আছিল আৰু তেওঁ নিজে আহি ইয়াত পৰিদৰ্শন কৰিছিল, তাৰ পিছত ৬৫ লাখ টকা ধার্য কৰিছিল । পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হৈছে ২০১৯ চনৰ ৯ ডিচেম্বৰত, কিন্তু সেয়া হৈ নুঠিল ।"

অসমীয়া ছবিয়ে ইতিহাস সৃষ্টিৰ দিনটোত নীৰৱে উচুপিছে 'জোনাকী'য়ে

ৰৈ ৰৈ বিনালেৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "কাইলৈ যিহেতু জুবিন গাৰ্গৰ অন্তিমখন ছবি অসমৰ ৰাইজে চাবলৈ পাব, সেই সময়ত জোনাকী ছবিগৃহত দৰ্শকে চাবলৈ নাপাব । গতিকে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই উদ্যোগ লওক আৰু পুনৰ মুকলি কৰক ।"

আনহাতে, পৰিয়ালৰ লোকলৈ তেওঁৰ আহ্বান, "যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাই দূৰদৰ্শী চিন্তাৰে সেই সময়তে অসমৰ সাংস্কৃতিক জগতলৈ এই অৱদান আগবঢ়াই গৈছে, সেইসমূহ শেষ হৈ যাবলৈ নিদিওঁ । এইক্ষেত্ৰত পৰিয়ালেও যোগাযোগ কৰক আৰু আমি তেওঁলোকৰ লগত থাকিম ।"

জুবিন গাৰ্গে জোনাকী নিৰ্মাণত সহায়ৰ আশ্বাস দিছিল

আনহাতে, সম্পাদক গীতাৰ্থ হৰি কাশ্যপে কয়, "দুবাৰকৈ ধন আৱণ্টন দিছিল । জুবিনদাই ইয়াত নিজে আহিছিল আৰু কৈ গৈছিল এই ছবিগৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আৰু প্ৰয়োজন হ'লে তেওঁ নিজেই সহযোগ কৰিব । জুবিনদাই কৈ গৈছিল, অসমীয়া ছবিয়ে এক নতুন ৰূপ পাব আৰু সেয়ে হ'ল । কাৰণ কাইলৈ সমগ্ৰ ৰাজ্যতে 'ৰৈ ৰৈ বিনালে' দৰ্শকে উপভোগ কৰিব আৰু সমগ্ৰ বিশ্বতে ই এক নতুন ধাৰাৰ সূচনা কৰিব ।"

লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চলত ৯১খন, সমগ্ৰ দেশত ৮৫খন স্ক্ৰীনত শুকুৰবাৰৰ পৰা 'ৰৈ ৰৈ বিনালে'
লগতে পঢ়ক :উৎকণ্ঠা বাঢ়িছে অসমীয়াৰ, ৰূপালী পৰ্দাত সজীৱ ৰূপত আহিব হিয়াৰ আমঠু জুবিন