ETV Bharat / entertainment

এদিনতে প্ৰায় ৮০০ টা প্ৰদৰ্শনী, সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি

জুবিন গাৰ্গৰ ১৭ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্পই ৰচিলে অভিলেখ ।

Zubeen Garg's last film Roi Roi Binale hits theatres
ৰাজ্যৰ সৰ্বত্ৰে একেই পৰিৱেশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 31, 2025 at 10:28 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৯০ বছৰীয়া অসমীয়া ছবিৰ যুগান্তকাৰী যাত্ৰাৰ সৰ্বকালৰ অভিলেখ ৰচিলে জুবিন গাৰ্গৰ ১৭ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্পই । অসমীয়া ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এদিনতে প্ৰায় ৮০০ টা প্ৰদৰ্শনী হ'ল সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ ।

গুৱাহাটী মহানগৰীৰ ৩৬ খন স্ক্ৰীনত সুকলমে প্ৰদৰ্শিত হ’ল ২৫০ টা দৰ্শনী ৷ শুকুৰবাৰে পুৱা ৪.২৫ বজাত মহানগৰীৰ মেট্ৰিক্স ছবিগৃহত আৰম্ভ হয় প্ৰথমটো দৰ্শনী । সৰ্বকালৰ অভিলেখ ভংগ কৰি পুৱতি নিশা প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শিত হ'ল ছবিখন ।

Zubeen Garg's last film Roi Roi Binale hits theatres
জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ বাবে দীঘলীয়া শাৰী (ETV Bharat Assam)

ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে প্ৰথমবাৰৰ অন্য ছবি প্ৰদৰ্শন নকৰালৈ একমাত্ৰ প্ৰদৰ্শন কৰা হ'ল 'ৰৈ ৰৈ বিনালে'। সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি ১৮৬ টা ছবিগৃহত প্ৰদৰ্শিত হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন । এই ছবিখনে গঢ়িলে আন এক অভিলেখ । ইয়াৰ পূৰ্বে অন্য কোনো অসমীয়া ছবি এনেদৰে ৰাজ্যৰ বাহিৰত প্ৰদৰ্শিত হোৱা নাছিল ।

চলচ্চিত্ৰ বিতৰক সংস্থা UFO ৰ পূব মণ্ডলৰ মূৰব্বী সৌৰভ দত্তই এই সন্দৰ্ভত কয়, "আজি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ টা ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে । ইয়াৰে ৮০ টা ছবিগৃহ অসমৰ । আনহাতে দেশৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত ৯৪ টা ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে । ইফালে, অসমৰ ১০০ খন স্ক্ৰীনত আৰু উত্তৰ-পূৱৰ ১৫ খন স্ক্ৰীনত প্ৰদৰ্শন হৈছে ছবিখন । দেশৰ অন্যান্য ৰাজ্যসমূহত ৯৪ খন স্ক্ৰীনত মুক্তিলাভ কৰিছে ছবিখনে ।"

Zubeen Garg's last film Roi Roi Binale hits theatres
অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্ত (ETV Bharat Assam)

সমগ্ৰ দেশজুৰি আজিৰ দিনটোত প্ৰায় ৮০০ টা প্ৰদৰ্শনী হৈছে ছবিখনৰ । ইয়াৰে প্ৰায় ৬০০ প্ৰদৰ্শনী উত্তৰ-পূৰ্বাঞ্চলত হৈছে । ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত সৰ্বাধিক প্ৰদৰ্শনী হৈছে ছবিখনৰ । মুক্তিৰ দিনটোৰ গুৱাহাটী মহানগৰীৰ ১৪ টা ছবিগৃহত ৩৬ টা স্ক্ৰীনত ছবিখন প্ৰদৰ্শন কৰা হয় । গুৱাহাটীৰ পাছতে তেজপুৰত সৰ্বাধিক প্ৰদৰ্শনী হয় ।

আনহাতে সমগ্ৰ দেশৰ ভিতৰত গুৱাহাটীৰ পাছতে বেংগালুৰুত প্ৰদৰ্শিত হয় ঈশ্বৰপুত্ৰৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে' । বেংগালুৰুৰ প্ৰায় ১১ খন স্ক্ৰীনত প্ৰদৰ্শিত হয় এই ছবিখন । সমান্তৰালভাৱে মুম্বাইৰ প্ৰায় ১৩ খন স্ক্ৰীন, কলকাতাত ১০ খন স্ক্ৰীন, পুণেত ৫, হায়দৰাবাদত ৪ আৰু চেন্নাইৰ ৩ খন স্ক্ৰীনত প্ৰদৰ্শিত হৈছে ছবিখন ।

লগতে পঢ়ক:শব্দ নাই দুখ প্ৰকাশৰ, বিচাৰিছে মাথোঁ ন্যায়

কাউৰীয়ে কা নকৰোতেই আন্ধাৰ ফালি চিনেমাগৃহৰ সন্মুখত অনুৰাগী