মুগাৰ ধুতি-কুৰ্তা-গামোচা পিন্ধি সম্পূৰ্ণ অসমীয়া সাজেৰে মুম্বাইত ৰবি শৰ্মাই জিনিলে সকলোৰে হৃদয়
গৌৰৱৰ মুহূৰ্ত অসমীয়া ছবিজগতৰ বাবে ৷ কৰণ জোহৰে শ্ৰেষ্ঠ অভিনেতা হিচাপে নাম ল’লে ৰবি শৰ্মাৰ ৷ এইখন মঞ্চতে ধূৰন্ধৰৰ সৈতে ফেৰ মাৰিছিল ৰুদ্ৰই ৷

By ETV Bharat Entertainment Team
Published : April 17, 2026 at 4:43 PM IST
হায়দৰাবাদ : ১৫ আৰু ১৬ এপ্ৰিলত মুম্বাইৰ নীতা-মুকেশ আম্বানী কনভেনশ্বন হলত অনুষ্ঠিত হয় ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী বঁটাৰ বৰ্ণাঢ্য অনুষ্ঠান ৷ ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী (Indian National Cine Academy (INCA) Awards) বঁটাৰ বাবে দুখনকৈ অসমীয়া ছবিয়ে 12 টাকৈ মনোনয়ন লাভ কৰিছিল ৷ এই তালিকাত অসমৰ ছবি আৰু ছবি নিৰ্মাতা, অভিনেতা-অভিনেত্ৰী, তাৰকা, কলা-কুশলী, কাৰিকৰী দিশৰ সৈতে জড়িত ব্যক্তিসকলে ফেৰ মাৰে বলীউড-টলীউডৰ সৈতে ৷
অৱশেষত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলোকে গৌৰাৱান্বিত কৰি ৰবি শৰ্মাই হাতত তুলি ল’লে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ৷ ৰূপক গগৈ পৰিচালিত অসমীয়া চিনেমা ৰুদ্ৰৰ বাবে ৰবি শৰ্মাই এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ এই শাখাত অভিনেতাগৰাকীয়ে বিতুপন শইকীয়া (শ্ৰী কৃষ্ণ লীলা 2), বলীন বৰা (মালামাল বইজ), যতীন্দ্ৰ নাথ খনিকৰ (কুঁহিপাঠ) আৰু কুল কুলদীপ (কলাজ)ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷
সামাজিক মাধ্যমত এই অনুষ্ঠানৰ বহু ফটো, ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ প্ৰতিগৰাকী অসমীয়াই ৰবি শৰ্মাক প্ৰশংসা কৰিছে ৷ জাতীয় সাজ পৰিধান কৰি অভিনেতাগৰাকী উপস্থিত হয় অনুষ্ঠানত ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হৈ পৰিছে ৰবি শৰ্মাই বঁটা লাভ কৰি দিয়া ভাষণটো ৷ এই বঁটা ৰবিয়ে ককাক, দেউতাকৰ লগতে ঘনিষ্ঠ বন্ধু জুবিন গাৰ্গৰ নামত উছৰ্গা কৰে ৷
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰা ৰুদ্ৰৰ পৰিচালক ৰূপক গগৈয়ে মনৰ ভাৱ প্ৰকাশ কৰে সামাজিক মাধ্যমত ৷ তেওঁ লিখে, "মুম্বাইৰ নীতা মুকেশ আম্বানী চেণ্টাৰ ফৰ কালচাৰ, প্ৰেক্ষাগৃহত কালি এক চিনেমাৰ বঁটা বিতৰণী অনুষ্ঠানত অসমৰ দুখন ছবিয়ে ৰাজ্যিক শিতানত পুৰস্কাৰ গ্ৰহণ কৰে । তাৰে এখন আমাৰ Rudra ৰুদ্ৰ - Assamese Movie আছিল ।
ভাৰতীয় ছবি জগতৰ সন্মানীয় ৰমেশ চিপ্পী, এ আৰ ৰহমান, কমল হাছান, ববী দেওল, জাভেদ আখটাৰ, শ্বাবানা আজমী, ৰেখা, ইমটিয়াজ আলীকে আদি কৰি দক্ষিণ ভাৰতৰ ঋতেশ শ্বেট্টী (কান্তাৰা), শ্ৰুতি হাছান আৰু বহুত লেখত ল’বলগীয়া শিল্পীৰ উপস্থিতিত আমাৰ ৰুদ্ৰৰ নায়ক ৰবি শৰ্মাই ৰাজ্যিক শাখাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ।

ক’বলগীয়া কথাটো হ’ল, মঞ্চত এই সন্মান গ্ৰহণ কৰি ৰবিয়ে অতি কম শব্দৰে সুন্দৰভাৱে অসমৰ চলচ্চিত্ৰ সমাজক প্ৰতিস্থাপন কৰে । জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায় । আৰু তাৰ লগতে তেওঁৰ এই সফলতাৰ বাবে পৰিচালক ৰূপক গগৈক ধন্যবাদ জনায় ।
শুনাত সাধাৰণ লাগে । নহয় জানো ?


প্ৰেক্ষাগৃহত বহি ৰবিৰ কথাখিনি শুনি মই ভাবিছোঁ, ৰুদ্ৰৰ বাবে মোৰ কৰণীয়খিনি হিচাবে মই ৰবিক পৰিচালনা কৰিছোঁ ।
কিন্তু যিজন অভিনেতাই জীৱনৰ ২৮ বছৰ অসমৰ ছবিজগতৰ বাবে যিখিনি অৰিহণা যোগালে, সেয়াই যথেষ্ট ৷ তথাপিও ৰবিয়ে বিনয়ীভাৱে এই মঞ্চত পৰিচালকৰ নাম লৈ ভাৰতৰ ছবিজগতৰ শিল্পী সমাজৰ আগত মোক যি সন্মান যাচিলে, সেইখিনি তেওঁৰ মহানুভৱতা বুলি মই কম । ইয়াৰ বাবে মই ৰবিক ধন্যবাদ জনালোঁ ।

লগতে ভগৱানক ধন্যবাদ যে ভাৰতৰ ১০ খন চিনেমাৰ ভিতৰত আমাৰ Rudra ক বাচনি কৰি, 7 টা nomination ৰে গৰ্বিত কৰি national platform এখনত অসমীয়া চিনেমাইও যে ফেৰ মাৰিব পাৰে, সেই অনুভৱ কৰিবলৈ সুবিধা দিয়াৰ বাবে l
অসমৰ জনসাধাৰণে চিত্ৰগৃহলৈ আহি Team Rudra লৈ যি মৰম দেখুৱালে আৰু বাণিজ্যিকভাৱে সফল বনালে, তাৰ বাবে পুনৰবাৰ মই অসমবাসীক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ l
শেষত এজন স্বাভিমানী অসমীয়া হিচাপে অসমীয়া চলচ্চিত্ৰ উদ্যোগক আগুৱাই, বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মোৰ যি অহৰহ চেষ্টা তাৰ বাবে আপোনালোক সকলোৰে সহায়, সহযোগিতাৰ লগতে আশীৰ্বাদ কামনা কৰিলোঁ l"
লগতে পঢ়ক : 'ধূৰন্ধৰ'ৰ সৈতে ফেৰ মাৰিছে 'ৰুদ্ৰ'ই : অক্ষয় খান্নাৰ সমানে সমানে আদিল হুছেইন

