মানুহে কি কয়, মই খাতিৰ নকৰোঁ : ৰবি কিষাণ
"ছলমান এজন অতি দয়ালু মানুহ ৷" বন্ধুৰ বিষয়ে মত প্ৰকাশ কৰিলে ৰবি কিষাণে ৷

By ETV Bharat Entertainment Team
Published : April 4, 2026 at 4:02 PM IST
হায়দৰাবাদ : 'তেৰে নাম' ছবিখনৰ প্ৰায় দুটা দশকৰ পিছতো অভিনেতা ৰবি কিষাণে ছলমান খানক এজন 'মৰমীয়াল মানুহ' হিচাপে প্ৰশংসা কৰি তেওঁৰ সৈতে থকা পুৰণি জিমৰ দিনবোৰ স্মৰণ কৰিছে । তেওঁ ছলমানৰ প্ৰতি থকা আদৰ আৰু সন্মান সময়ৰ লগে লগে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি, মানুহে কৰা সমালোচনাৰ প্ৰতি কেয়াৰ নকৰে বুলি প্ৰকাশ কৰিছে ।
ANI-ৰ সৈতে হোৱা এক বাৰ্তালাপত অভিনেতা ৰবি কিষাণে ছলমান খানক এজন অতি সহায়ক আৰু দয়ালু ব্যক্তি হিচাপে অভিহিত কৰে । ছলমানৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ ৰবি কিষাণে কয় যে আনৰ মতামতক লৈ তেওঁৰ মূৰ ঘমাব লগীয়া একো নাই ।
ৰবি কিষাণৰ মতে, "ছলমান খান এজন খুবেই ভাল মানুহ আৰু এজন মৰমীয়াল ব্যক্তি । তেওঁ মোৰ এজন অতি ঘনিষ্ঠ বন্ধু আৰু আমাৰ সম্পৰ্ক বহুত পুৰণি । মই ছলমানক এজন অত্যন্ত উদাৰ ব্যক্তি হিচাপে দেখো আৰু তেওঁৰ বিষয়ে সদায় ইতিবাচক কথাই কওঁ ।”
ৰবি কিষাণে স্পষ্টকৈ কয়, "এয়া মোৰ ব্যক্তিগত মতামত; মানুহে কি কয় বা কি ক’ব, সেই লৈ মই চিন্তা নকৰো । তেওঁ আৰু মই খুব ভাল বন্ধু ।" তেওঁ উল্লেখ কৰে যে ছলমান খান তেওঁতকৈ জ্যেষ্ঠ । ৰবি কিষাণে ১৯৯১ চনত অভিনয় জগতত প্ৰৱেশ কৰাৰ বিপৰীতে ছলমানে তাৰ বহু আগতেই (১৯৮৬-৮৭ চনত) নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।
ৰবি কিষাণে বান্দ্ৰাৰ এটা জিমত একেলগে ব্যায়াম কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি কিছুমান আমোদজনক কথা শ্বেয়াৰ কৰিছে । তেওঁ কয়, "বান্দ্ৰাৰ 'ভাইয়া জিম' নামৰ এখন জিমত আমি একেলগে ৱৰ্কআউট কৰিছিলোঁ । ছলমানে অতি সহজে আৰু শক্তিশালীভাৱে 'পুল-আপছ' (pull-ups) কৰা মই দেখিছিলোঁ ।"
কিষাণে মত প্ৰকাশ কৰে যে, তেওঁলোক দুয়োৰে মাজত কথা-বতৰা হ’লে খুবেই ধেমালি হয় । ৰবি কিষাণৰ মতে, তেওঁলোকৰ মাজত হাস্যৰসৰ এক সুন্দৰ মিল আছে । ৰবি কিষাণে নিজকে ছলমান খানৰ এজন ডাঙৰ অনুৰাগী বুলিও অভিহিত কৰে ।
'তেৰে নাম' (Tere Naam) চিনেমাখনত ৰবি কিষাণে পণ্ডিত ৰামেশ্বৰৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনত তেওঁক ছলমান খান আৰু ভূমিকা চাওলাৰ সৈতে দেখা গৈছিল । সতীশ কৌশিকৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখন আজিও ইয়াৰ সুন্দৰ সংগীত আৰু ছলমান খানৰ বলিষ্ঠ অভিনয়ৰ বাবে জনপ্ৰিয় । বৰ্তমান ৰবি কিষাণক 'মামলা লিগেল হে' (Maamla Legal Hai) ছিৰিজৰ দ্বিতীয়টো ছিজনত দেখা গৈছে । এই ছিৰিজটো ২০২৬ চনৰ ৩ এপ্ৰিলত নেটফ্লিক্সত (Netflix) মুক্তি লাভ কৰিছে ।
লগতে পঢ়ক : দামী কাপোৰ বা জিম নহয়, কেৱল আত্মবিশ্বাসেৰে কেনেকৈ মিছ ইউনিভাৰ্ছ হৈছিল সুস্মিতা সেন ?

