ৰণবীৰ সিঙৰ ভাবুকি গোচৰত লৰেন্স বিষ্ণৈ দলৰ সদস্যৰ বিৰুদ্ধে মুম্বাই ক্ৰাইম ব্ৰান্সৰ এল অ’ চি জাৰি
এটা ভাবুকিপূৰ্ণ অডিঅ’ ক্লিপ ৰণবীৰ সিঙলৈ ! পঞ্জাৱ আৰু হাৰিয়ানালৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে অডিঅ’ ক্লিপটো ।

By ETV Bharat Entertainment Team
Published : February 21, 2026 at 10:50 AM IST
মুম্বাই (মহাৰাষ্ট্ৰ) : বলীউডৰ তাৰকাসকলক লক্ষ্য কৰি দি থকা হৈছে ভাবুকি ৷ এই ভাবুকি সন্দৰ্ভত চলি থকা অনুসন্ধানত এক গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ অভিনেতা ৰণবীৰ সিঙক ভাবুকিপূৰ্ণ ভইচ নোট পঠিয়াই বিপদত পৰিছে এজন ৷ মুম্বাই ক্ৰাইম ব্ৰান্সে হৰিচন্দ্ৰ ওৰফে হেৰী বক্সাৰ, যাক ল’ৰেন্স বিষ্ণৈ গেঙৰ সন্দেহযুক্ত সদস্য বুলি ধৰা হৈছে, তেওঁৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ (LOC) জাৰি কৰিছে ।
বিষয়াসকলৰ মতে, ৰণবীৰ সিঙে তেওঁৰ মেনেজাৰৰ ফোন নম্বৰত এটা হোৱাটছএপ ভইচ নোট লাভ কৰে, যিটো ভাবুকিপূৰ্ণ আছিল । প্ৰেৰকজনে নিজকে হেৰী বক্সাৰ বুলি পৰিচয় দি ২০ কোটি টকা দাবী কৰিছিল ।
আৰক্ষীয়ে নিশ্চিত কৰিছে যে ভইচ নোটটো ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (ভিপিএন) ব্যৱহাৰ কৰি প্ৰেৰণ কৰা হৈছে । প্ৰেৰকৰ নেটৱৰ্ক পৰিচয় আৰু অৱস্থান লুকুৱাবলৈ এই পথ বাছি লয় তেওঁলোকে । এই ভাবুকিমূলক অডিঅ’ ক্লিপটো পৰীক্ষণৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানালৈ প্ৰেৰণ কৰা হৈছে বুলি এজন বিষয়াই নিশ্চিত কৰিছে ।
Mumbai | The Mumbai Crime Branch has issued a Look Out Circular (LOC) against Lawrence Bishnoi gang member Harichandra alias Harry Boxer for threatening Bollywood actor Ranveer Singh. Police had sent the threatening voice note received by Ranveer Singh's manager to Punjab and…
— ANI (@ANI) February 21, 2026
তদন্তৰ অংশ হিচাপে মুম্বাই আৰক্ষীয়ে ৰণবীৰ সিঙৰ মেনেজাৰৰ বক্তব্য লিপিবদ্ধ কৰিছে । ইয়াৰ পূৰ্বে তদন্তকাৰী বিষয়াই অভিনেতা ৰণবীৰ সিং আৰু আয়ুষ শৰ্মাক লক্ষ্য কৰি হাই প্ৰফাইল ভাবুকিৰ কথা নিশ্চিত কৰিছিল, তদন্তকাৰীয়ে লৰেন্স বিষ্ণৈ দলৰ সৈতে সম্পৰ্ক থকাৰ কথা সন্দেহ প্ৰকাশ কৰিছিল ।
আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, প্ৰাৰম্ভিক তথ্য অনুসৰি অডিঅ’ ক্লিপটোৰ কণ্ঠস্বৰ হেৰী বক্সাৰৰ কণ্ঠৰ সৈতে মিল আছে, যাক লৰেন্স বিষ্ণৈ দলৰ ঘনিষ্ঠ সহায়ক বুলি অনুমান কৰা হৈছে । অৱশ্যে বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে তেওঁৰ জড়িততা নিৰ্ণায়কভাৱে প্ৰতিষ্ঠা কৰিবলৈ অধিক প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে ।
ইয়াৰ পূৰ্বে আৰক্ষীৰ সূত্ৰই ইংগিত দিছিল যে অভিনেতাজনে বিষ্ণৈ চক্ৰৰ সৈতে জড়িত ব্যক্তিৰ পৰা ১০ কোটি টকা ধন দাবীৰ লগতে মৃত্যুৰ ভাবুকিও লাভ কৰিছিল । তদন্তকাৰীয়ে পৰীক্ষা কৰি আছে যে পূৰ্বৰ ভাবুকি আৰু শেহতীয়া ভইচ নোটৰ মাজত কিবা সম্পৰ্ক আছে নেকি ?
শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত শ্বেট্টীৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনা ঘটাৰ কিছু সময়ৰ পিছতে ৰণবীৰে এই ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে ।
এই ভাবুকিৰ বাবেই মুম্বাইৰ ৰণবীৰ সিঙৰ ঘৰৰ বাহিৰত নিৰাপত্তা তীব্ৰতৰ কৰি তোলা হৈছে । অভিনেতাগৰাকী আৰু পৰিয়ালৰ নিৰাপত্তা বজাই ৰাখিবলৈ স্থানীয় অঞ্চলটোত আৰক্ষী নিয়োজিত হৈছে ।
অভিনেতাৰ মেনেজাৰৰ বক্তব্য ক্ৰাইম ব্ৰান্সে ৰেকৰ্ড কৰিছে । এই গোচৰৰ সৈতে জড়িত ডিজিটেল আৰু ফৰেনছিক প্ৰমাণৰ তদন্তও কৰি আছে । বিষয়াসকলে জনোৱা মতে, তদন্ত অব্যাহত আছে । তদন্তৰ তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে লগতে জনায় ।
লগতে পঢ়ক : ৰণবীৰ সিঙৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে নেকি ? বিষ্ণৈৰ দলৰ দাবী ১০ কোটি টকা

