ETV Bharat / entertainment

ৰণবীৰ সিঙৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে নেকি ? বিষ্ণৈৰ দলৰ দাবী ১০ কোটি টকা

ৰণবীৰ সিঙলৈ আহিছে এটা ভইচ নোট ৷ প্ৰেৰকে বিচাৰিছে ১০ কোটি টকা । বিষ্ণৈ চক্ৰৰ সৈতে সম্পৰ্কৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Ranveer Singh allegedly faces a Rs 10 crore extortion threat from Lawrence Bishnoi gang
ৰণবীৰ সিং (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : February 20, 2026 at 3:29 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : ছলমান খান, কপিল শৰ্মা, ৰোহিত শ্বেট্টীৰ দৰে চেলেব্ৰিটীৰ পিছত এতিয়া লৰেন্স বিষ্ণৈ দলৰ টাৰ্গেট হৈ পৰিছে ৰণবীৰ সিং ৷ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ সফলতাত উৎসাহিত অভিনেতাজনে শেহতীয়াকৈ লাভ কৰিছে ভাবুকি ৷ ১০ কোটি টকা বিচাৰিছে ভইচ নোট প্ৰেৰকে । মুম্বাইৰ জুহুত ‘সিংঘম এগেইন’ পৰিচালকৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা ঘটাৰ মাত্ৰ কেইদিনমান পিছতে এই কথা প্ৰকাশ পাইছে ।

বলীউডৰ তাৰকা ৰণবীৰ সিঙে বিষ্ণৈ দলৰ পৰা ভাবুকি লাভ কৰিছে । দলটোৱে আমেৰিকান নম্বৰৰ পৰা তেওঁৰ মেনেজাৰলৈ ভইচ নোট প্ৰেৰণ কৰি ১০ কোটি টকা দাবী কৰিছিল । মুম্বাই আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ক্ৰাইম ব্ৰান্সে এই নম্বৰৰ তথ্য লাভৰ বাবে অফিচিয়েল প্ৰট’কলৰ জৰিয়তে আমেৰিকাৰ সংশ্লিষ্ট সংস্থাটোৰ সৈতে যোগাযোগ কৰি আছে ।

আইএনএছৰ মতে, তদন্তৰ সময়ত মুম্বাই ক্ৰাইম ব্ৰান্সে আৱিষ্কাৰ কৰে যে বিষ্ণৈ দলৰ ঘনিষ্ঠ হেৰী বক্সাৰে ৰণবীৰ সিঙক ভাবুকি দি ১০ কোটি টকাৰ দাবী জনাই ভইচ নোট প্ৰেৰণ কৰিছিল । প্ৰাৰম্ভিক তদন্তত ক্ৰাইম ব্ৰান্সে নিশ্চিত কৰে যে ৰণবীৰ সিঙৰ মেনেজাৰৰ হোৱাটছএপত পোৱা ভইচ নোটটো হেৰী বক্সাৰৰ ৷ বৰ্তমান এই গোচৰৰ অধিক প্ৰমাণ সংগ্ৰহ কৰি আছে বিষয়াসকলে । ক্ৰাইম ব্ৰান্সৰ তথ্য অনুসৰি এই ভইচ নোট চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত শ্বেট্টীৰ ঘৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত প্ৰেৰণ কৰা হৈছে ।

ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনাৰ পিছতে ৰণবীৰৰ মেনেজাৰৰ মোবাইল নম্বৰলৈ ভাবুকি প্ৰেৰণ কৰা হয় । এই ভাবুকিৰ পিছতে ৰণবীৰ সিঙৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰা হয় । ক্ৰাইম ব্ৰান্সে তেওঁৰ মেনেজাৰৰ বক্তব্য ৰেকৰ্ড কৰি তদন্ত অব্যাহত ৰাখিছে । এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও এফআইআৰ দাখিল কৰা নাই যদিও প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

কামৰ কথা ক’বলৈ গ’লে আগন্তুক মাহত ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’ৰ ছিকুৱেলত দেখিবলৈ পোৱা যাব ৰণবীৰ সিঙক । ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ শীৰ্ষক ছবিখন ১৯ মাৰ্চত মুক্তি লাভ কৰাৰ কথা । এই ছবিখনে কান্নাড়া ছুপাৰষ্টাৰ যশৰ ছবি ‘টক্সিক’ৰ সৈতে সংঘৰ্ষ কৰিব ।

লগতে পঢ়ক : ৰোহিত শ্বেট্টীৰ ঘৰত গুলীচালনা ! আঁৰত বিষ্ণৈ গেং নেকি ?