মিচিং ডেকাটিয়ে মিচিং ভাষাতেই গাই গৈছে ভূপেন হাজৰিকাৰ গীত
সুধাকণ্ঠৰ সৃষ্টিৰাজিক লৈ নীৰৱ সাধনা এগৰাকী শিল্পীৰ । মিচিং ভাষালৈ অনুবাদ কৰি গাই গৈছে ভূপেন দাৰ গীত । এক বিশেষ প্ৰতিবেদন ।

Published : November 12, 2025 at 5:05 PM IST
জোনাই: চৌদিশে এতিয়া ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বন্দনা । বিশ্ব বন্দিত মহানায়কগৰাকীৰ গীতৰ অনুৰাগী নাই ক'ত ? তেওঁৰ অনুৰাগীয়ে তেওঁৰ সৃষ্টিৰাজিক বিভিন্ন ভাষালৈ অনুবাদ কৰি মহীয়ান কৰি ৰাখিছে । এনে এগৰাকী অনুৰাগীয়ে ভূপেন দাৰ সৃষ্টিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে এক জনগোষ্ঠীয় ভাষাৰ মাধ্যমৰে । মন গ'লেই গুণগুণাই ভূপেন দাৰ গীত ।
কোনোধৰণৰ প্ৰচাৰৰ সহায় নোলোৱাকৈ নিৰৱচ্ছিন্নভাৱে ভূপেন্দ্ৰ সংগীত মিচিং ভাষালৈ অনুবাদ কৰি নীৰৱে অনুশীলন কৰা ব্যক্তিগৰাকী জোনাই সমজিলাৰ তেলাম অঞ্চলৰ ৰাম কুমাৰ পেগু । পেগুৱে নীৰৱে চৰ্চা কৰি ব্যক্তিগতভাৱে ভক্তি আৰু নিষ্ঠাৰে মিচিং ভাষালৈ অনুবাদ কৰি ভাৰতৰত্ন সুধাকণ্ঠৰ গীতসমূহত জীৱনবোধ, বিপ্লৱ আৰু প্ৰেম বিচাৰি নীৰৱে সাধনা কৰি গৈছে । তদুপৰি পেগুৱে সংগীতক কেৱল বিনোদনৰ মাধ্যম হিচাপে নহয়, আধ্যাত্মিক আৰু ব্যক্তিগত সন্তুষ্টিৰ এক উপায় হিচাপেও লৈ সংগীত চৰ্চা কৰিছে বুলি প্ৰকাশ কৰে।
ভূপেন হাজৰিকাৰ কালজয়ী গীত মিচিং ভাষালৈ অনুবাদ মূল উদ্দেশ্য:
যাযাবৰী শিল্পীগৰাকীৰ গীতসমূহ মিচিং ভাষালৈ অনুবাদ কৰাৰ লক্ষ্যৰ আঁৰৰ কাহিনী ই টিভি ভাৰতৰ আগত ক'লে ৰাম কুমাৰ পেগুৱে । তেওঁ কয়, "ভূপেন হাজৰিকাৰ যি শব্দশৈলী, শব্দৰ যি শ্ৰুতিমাধুৰ্য এইখিনি আমাৰ মিচিং ভাষাত নাই যদিও তেওঁৰ যি গানৰ গূঢ়াৰ্থ সেয়া সকলোৰে দুখে-সুখে ৰজিতা খোৱা । সামাজিক, ৰাজনৈতিক জীৱনকে ধৰি সকলোতে তেওঁৰ গীতসমূহ প্ৰযোজ্য হয় । সেয়ে এইখিনি কাম মিচিং ভাষালৈ অনুবাদ কৰি যদি গোৱা হয় তেনেহ'লে কেনেকুৱা হ'ব বুলি ভাবি চেষ্টা আৰম্ভ কৰোঁ ।"
পেগুৱে কয়, "তদুপৰি উল্লেখ কৰিব লাগিব যে বহুদিনৰ আগতে 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে' গীতটো বৃদ্ধ এগৰাকীৰ আগত মিচিং ভাষাত 'তানিয়ে তানিকৌ লৃগাপৌ আজৌকৌ আয়াঙেম মৌমিমৌল' বুলি গুণগুণাই দিয়াত বৃদ্ধগৰাকীয়ে উৎসাহ দি ক'লে আপুনি বৰ সুন্দৰ এটা গীত গালে । কিন্তু তেওঁ নাজানে যে এয়া ভূপেন হাজৰিকাৰ এটা লিখা এটা কালজয়ী গীত ।"
সেই প্ৰেৰণাকে লৈ এটাৰ পিছত এটাকৈ ভূপেন দাৰ গীত মিচিং ভাষালৈ অনুবাদ কৰা পেগুৱে আৰু কয়, "এনেধৰণে বৃদ্ধগৰাকীৰ পৰা উৎসাহ পাই মিচিং ভাষাত ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ অনুবাদ কৰি গোৱা আৰম্ভ কৰোঁ । হয়তো এই গীতৰ জৰিয়তে আমাৰ মানুহবিলাকে ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ বুজাত সহজ হ'ব আৰু ভাল পাব এই প্ৰচেষ্টাৰে মই ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ মিচিং ভাষালৈ অনুবাদ কৰি সংগীত চৰ্চা কৰি বৰ্তমানো অব্যাহত ৰাখিছোঁ ।"
মিচিং ভাষালৈ ভূপেন হাজৰিকাৰ কি কি গীত অনুবাদ কৰিছে:
মানুহে মানুহৰ বাবে, বিস্তৃৰ্ণ পাৰৰে, অ' মোৰ ধৰিত্ৰী আই, বুকু হম হম কৰে, আকাশী গংগা বিচৰা নাই, অ' মোৰ প্ৰিয় জনগণ, মেঘে গিৰ গিৰ কৰে, আহ আহ ওলাই আহ সজাগ জনতা, একা বেকা বাটেৰে, মই আৰু মোৰ ছাঁ, অনামিকা বিদায়কে আদি কৰি প্ৰায় ৫০ টাৰো অধিক ভূপেন হাজৰিকাৰ কালজয়ী গীত মিচিং ভাষালৈ অনুবাদ কৰি গাই এই গীতসমূহ এখন কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাম কুমাৰ পেগুৱে ।
ব্যক্তিগত সাধনা সম্পৰ্কে কি কয়:
নিজৰ নীৰৱ সাধনা সন্দৰ্ভত পেগুৱে কয়, "খাদ্যই যিদৰে মানুহৰ শাৰীৰিক পুষ্টি সাধন কৰে ঠিক সেইদৰে মানসিক পুষ্টিও সাধন কৰে সংগীতে । সংগীত সাধনা মোৰ বাবে সুষম আহাৰৰ দৰে । মই মাথো চেষ্টা কৰোঁ, সংগী মোৰ নিচা । সংগীত যেতিয়া সাধনা হৈ পৰে, তেতিয়া আমাৰ আত্মাক স্পৰ্শ কৰে আৰু সংগীত সংকল্প হৈ পৰিলে সমাজখনক নতুন দিক-দৰ্শন কৰাৰ মাধ্যম হৈ পৰে ।"
তেওঁ লগতে কয়, "ভূপেন হাজৰিকাৰ সংগীতসমূহৰ সাধনা মোৰ সম্পূৰ্ণ ব্যক্তিগত । মই সৰুৰে পৰাই সংগীতচৰ্চা কৰিছিলোঁ ৷ ছাত্ৰ অৱস্থাৰ পৰাই মইনা পাৰিজাতৰ সৈতে জড়িত থাকি লক্ষীমপুৰ, নাৰায়ণপুৰ, ধলপুৰ আদি অঞ্চলত বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছিলোঁ । কিন্ত অসম আন্দোলনৰ সময়ত সকলো শেষ হ'ল । ইয়াৰ পিছৰ পৰা এতিয়া পুনৰ সংগীতচৰ্চাত ব্ৰতী হৈছোঁ ।"
ৰাম কুমাৰ পেগুৱে কয়, "ভৱিষ্যতে গীতসমূহ এখন কিতাপ আকাৰে প্ৰকাশ কৰি নৱ-প্ৰজন্মই যাতে এইধৰণৰ সাধনাৰ জৰিয়তে কলা আৰু সংগীতৰ ঐতিহ্য ধৰি ৰাখিব পাৰে তাৰ বাবে চেষ্টা কৰিছোঁ ৷ "
প্ৰচাৰৰ পৰা নিলগত কিয় তেওঁ:
ৰাম কুমাৰ পেগুৱে কয়, "এই চৰ্চা বাণিজ্যিকতা আৰু প্ৰচাৰৰ বাহিৰত থাকে, যাৰ বাবে বহু ভাল শিল্পীয়েও অনাদৰৰ সন্মুখীন হ'ব লগা হয় । মোৰ ক্ষেত্ৰত মই নিজে অৱহেলা কৰি আছোঁ, বহুতে কয় মোৰ সংগীতবোৰ বাণীবদ্ধ কৰি ৰাখিবলৈ, মইহে কৰিব পৰা নাই । তথাপিও চেষ্টা কৰিম, মিচিং ভাষালৈ অনুবাদ কৰা ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ বাণীবন্ধ কৰি ৰাখিবলৈ ।"
সংগীতচৰ্চাৰ উপৰিও বিভিন্ন সামাজিক কামতো জড়িত পেগু:
অসম আন্দোনৰ লগত জড়িত ৰাম কুমাৰ পেগু একালৰ ট্ৰাইবেল ছাত্ৰ সংগঠনৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, জোনাই মহকুমাৰ সাংগঠনিক সম্পাদক, অসম গণ পৰিষদৰ তেলাম অঞ্চলিৰ সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, তেলাম জাতীয় বিদ্যালয়ৰ সভাপতি, জোনাই ব্লক কংগ্ৰেছৰ সম্পাদক, পশ্চিম জোনাই সমবায় সমিতিৰ সভাপতি, গণশক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক হিচাপে জড়িত আছিল ।

