"বিয়াৰ আগতে মোৰ ইমান প্ৰেমিকা আছিল যে গণিব নোৱাৰোঁ"; ৰাম কাপুৰৰ অতীতে আচৰিত কৰিলে সতীৰ্থক
বিয়াৰ পূৰ্বে 'প্লে’ বয়' আছিল ৰাম কাপুৰ ! 'লক আপ' শ্ব’ত অভিনেতাগৰাকীৰ বিস্ফোৰক স্বীকাৰোক্তি-

By ETV Bharat Entertainment Team
Published : July 7, 2026 at 10:33 AM IST
হায়দৰাবাদ : বিয়াৰ পূৰ্বে 'প্লে’ বয়' আছিল ৰাম কাপুৰ; খোদ অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিলে এই কথা । 'লক আপ ২'ৰ শেহতীয়া খণ্ডটোত জনপ্ৰিয় অভিনেতা ৰাম কাপুৰে নিজৰ ডেটিং লাইফ সম্পৰ্কে মুকলিকৈ কথা পাতে । অনুষ্ঠানটোত তেওঁ নিজৰ অতীতৰ বিষয়ে কৰা এই বিস্ফোৰক মন্তব্যই তাত উপস্থিত থকা বাকী সহ-প্ৰতিযোগীসকলক সম্পূৰ্ণৰূপে আচৰিত কৰি তোলে ।
'লক আপ ২'ৰ এটা শেহতীয়া খণ্ডত অভিনেতা ৰাম কাপুৰে নিজৰ অতীতৰ প্ৰেমৰ জীৱনৰ বিষয়ে মুকলিকৈ কথা পাতি সহ-প্ৰতিযোগীসকলক আচৰিত কৰি তোলে । প্ৰতিযোগী শ্ৰেয়া কালৰাৰ সৈতে হোৱা এক ধেমেলীয়া বাৰ্তালাপত তেওঁ নিজৰ পুৰণি সম্পৰ্কবোৰৰ কথা উল্লেখ কৰে । ইয়াৰ লগতে অভিনেত্ৰী গৌতমী কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে প্ৰযোজক একতা কাপুৰৰ সৈতে ঘটা এটা আমোদজনক ঘটনাও তেওঁ শ্বেয়াৰ কৰে ।
শ্ৰেয়া কালৰাই যেতিয়া ৰাম কাপুৰক সোধে, "আপোনাৰ কিমান প্ৰেমৰ সম্পৰ্ক আছিল ?", তেতিয়াই এই বাৰ্তালাপ আৰম্ভ হৈছিল । অভিনেতাজনে লগে লগে উত্তৰ দিলে, "বিয়াৰ পিছত এটাও নাই ।" শ্ৰেয়াই ধেমালি কৰি ক’লে, "ইয়াত অহংকাৰ কৰিবলগীয়া কি কথা আছে ?" আৰু এই কথাত সকলোৱে হাঁহি দিলে ৷
বিয়াৰ আগতে ৰাম কাপুৰ আছিল 'প্লে’ বয়'
ইয়াৰ পিছত ৰামে স্বীকাৰ কৰে, "মই বিয়াৰ আগতে প্লে’ বয় আছিলোঁ ।" শ্ৰেয়াই যেতিয়া তেওঁক সুধিছিল যে, বিয়াৰ আগতে তেওঁৰ কিমানটা সম্পৰ্ক আছিল, তেতিয়া কোনো দ্বিধাবোধ নকৰাকৈ ৰামে স্বীকাৰ কৰিলে, "মই গণিব নোৱাৰোঁ ।"
বিয়াৰ পূৰ্বৰ দিনবোৰ মনত পেলাই ৰাম কাপুৰে তেওঁৰ অন্তৰংগ বন্ধু একতা কাপুৰৰ সৈতে হোৱা এটা আমোদজনক কথা-বতৰা উল্লেখ কৰে । তেওঁ কয়, "মোৰ খুব ভাল বন্ধু একতা কাপুৰে গৌতমীক সুধিছিল, 'তুমি তাক কিয় বিয়া পাতিবলৈ আগবাঢ়িছা ? তাৰ আগতে বহুতো প্ৰেমৰ সম্পৰ্ক আছিল ।'" তেওঁ লগতে স্বীকাৰ কৰে, "মই গণিবই নোৱাৰোঁ যে, বিয়াৰ আগতে মোৰ কিমান প্ৰেমিকা আছিল ?"
ৰাম কাপুৰৰ মতে, একতা কাপুৰে পিছলৈ গৌতমীক এটা পৰামৰ্শ দিছিল যিটো কথা তেওঁ আজিও মনত ৰাখিছে । একতাই কৈছিল, "বিয়াৰ আগতে আপোনাৰ যিমান বেছি প্ৰেমৰ সম্পৰ্ক থাকিব, বিয়াৰ পিছত আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক হোৱাৰ সম্ভাৱনা সিমানেই কম হ’ব ।" কথাটো হাঁহি হাঁহি কোৱাৰ সময়ত ৰামে উল্লেখ কৰে যে, এই কথাটোৰ কোনো বৈজ্ঞানিক ভিত্তি আছে নে নাই তেওঁ নাজানে, কিন্তু ধেমালিতে ক’লে যে, তেওঁৰ ক্ষেত্ৰত এই কথাষাৰ একেবাৰে সঁচা প্ৰমাণিত হৈছে ।
ৰাম কাপুৰ আৰু গৌতমী কাপুৰে ২০০০ চনৰ আৰম্ভণিতে জনপ্ৰিয় টিভি ধাৰাবাহিক 'ঘৰ এক মন্দিৰ'ৰ ছেটত ইজনে সিজনক লগ পাইছিল । তেওঁলোকৰ বন্ধুত্ব লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হয় আৰু ২০০৩ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় । বৰ্তমান সময়ত তেওঁলোক টেলিভিছন জগতৰ আটাইতকৈ প্ৰিয় দম্পতীসমূহৰ ভিতৰত অন্যতম আৰু তেওঁলোকৰ দুটা সন্তান আছে—সিয়া আৰু অক্স । ইমান বছৰে দুয়োগৰাকীয়ে প্ৰায়ে জীৱনৰ উত্থান-পতনৰ সময়ত ইজনে সিজনক সহায় কৰা আৰু অভিনয় জীৱনৰ ব্যস্ততাৰ মাজতো পাৰিবাৰিক দায়িত্বসমূহ সুন্দৰকৈ চম্ভালি অহাৰ বিষয়ে মুকলিকৈ কথা পাতি আহিছে ।
লগতে পঢ়ক : সময় ৰাইনাৰ 'ইণ্ডিয়াজ গট লেটেণ্ট'লৈ মাতিলেও নাযায় অভিজিত দীপকে

