তেওঁ কেৱল খেল খেলা নাছিল, খেলৰ গতি সলনি কৰিছিল ! মুকলি হ’ল গাংগুলীৰ বায়’পিকৰ ফাৰ্ষ্ট লুক
লৰ্ডছৰ বেলকনিত চোলা নোহোৱাকৈ ৰাজকুমাৰ ৰাও ! সৌৰভ গাংগুলীৰ জন্মদিনত ‘দাদা: দ্য সৌৰভ গাংগুলী ষ্ট’ৰী’ৰ ফাৰ্ষ্ট লুক মুকলি ৷

By ETV Bharat Entertainment Team
Published : July 8, 2026 at 1:03 PM IST
হায়দৰাবাদ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ৫৪ সংখ্যক জন্মদিন উপলক্ষে ৰাজকুমাৰ ৰাওৱে তেওঁৰ বায়’পিকৰ প্ৰথম পোষ্টাৰ মুকলি কৰিছে । এই চলচ্চিত্ৰখন অহা বৰ্ষৰ ১৪ মে’ত চিত্ৰগৃহত মুক্তি লাভ কৰিব ।
সৌৰভ গাংগুলীক জন্মদিনৰ শুভেচ্ছা জনাই অভিনেতা ৰাজকুমাৰ ৰাওৱে ছবিখনৰ এখন পোষ্টাৰ মুকলি কৰিছে, য’ত তেওঁক প্ৰাক্তন ভাৰতীয় ক্ৰিকেট অধিনায়কগৰাকীৰ ৰূপত দেখা গৈছে । তেওঁ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডৰ বেলকনিত চোলা পৰিধান নকৰাকৈ থিয় হৈ থকা দেখা গৈছে । এই দৃশ্যটোৱে ২০০২ চনৰ নাটৱেষ্ট ট্ৰফীৰ ফাইনেল জিকি গাংগুলীয়ে কৰা সেই ঐতিহাসিক আৰু বিখ্যাত উদযাপনৰ মুহূৰ্তটোক পুনৰ জীৱন্ত কৰি তুলিছে । তেওঁৰ ঠিক পিছফালে এখন ডাঙৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰি থকা দেখা গৈছে ।
চলচ্চিত্ৰখনৰ নাম 'দাদা' বুলি নীলা আখৰেৰে পোষ্টাৰখনত লিখা হৈছে আৰু তাৰ লগতে দ্য সৌৰভ গাংগুলী ষ্ট’ৰী নামৰ উপ-শীৰ্ষকটো উল্লেখ কৰা হৈছে । এই পোষ্টাৰখনত এটা টেগলাইনো যোগ কৰা হৈছে, য’ত লিখা আছে: “তেওঁ কেৱল খেল খেলা নাছিল, তেওঁ ইয়াক সলনি কৰি পেলাইছিল ।”
অভিনেতাজনে লিখিছে, “আমাৰ আটাইতকৈ প্ৰিয় দাদাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা । @souravganguly #Dada #DadaTheSouravGangulyStory ।”
২০০২ চনত লৰ্ডছ ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা নাটৱেষ্ট ত্ৰি-দেশীয় শৃংখলাৰ ফাইনেল খেলখনত সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় দলে ইংলেণ্ডৰ বিৰুদ্ধে ৩২৫ ৰাণৰ লক্ষ্য সফলতাৰে পাৰ কৰি জয়লাভ কৰিছিল । খেলখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ভাৰতৰ সন্মুখত ৩২৫ ৰানৰ এটা বৃহৎ আৰু প্ৰত্যাহ্বানমূলক লক্ষ্য ধাৰ্য কৰি দিছিল । ভাৰতে খেলখনত ৩ টা বল বাকী থকা অৱস্থাত ২ উইকেটত জয়ী হৈছিল ।
সেই ঐতিহাসিক জয়ৰ পাছত গাংগুলীয়ে কৈছিল, “মই কেতিয়াও ভবা নাছিলোঁ যে, আমি জিকিব পাৰিম ।”
‘দাদা-দ্য সৌৰভ গাংগুলী ষ্ট'ৰী’ শীৰ্ষক সৌৰভ গাংগুলীৰ জীৱনীভিত্তিক চলচ্চিত্ৰখন পৰিচালনা কৰিছে বিক্ৰমাদিত্য মোতৱানেই । 'লভ ফিল্মছ'ৰ বেনাৰত লভ ৰঞ্জন আৰু অংকুৰ গাৰ্গে প্ৰযোজনা কৰা এই ছবিখনত তান্যা মনিকতালাই ডোনা গাংগুলীৰ চৰিত্ৰত অভিনয় কৰিছে ।
গাংগুলীক জনপ্ৰিয়ভাৱে ‘ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ’ বুলি কোৱা হয় । অধিনায়ক হিচাপে তেওঁ ভাৰতীয় জাতীয় দলক ২০০২ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী জয় কৰোৱাৰ লগতে ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপ, ২০০০ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ২০০৪ চনৰ এছিয়া কাপৰ ফাইনেললৈ লৈ গৈছিল ।
নিজৰ এদিনীয়া কেৰিয়াৰত সৌৰভ গাংগুলীয়ে ১১,৩৬৩ ৰাণ সংগ্ৰহ কৰিছিল, যিটো সমগ্ৰ বিশ্বৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাৰ নৱম স্থানত আছে । তেওঁ ২০০৮ চনত আন্তৰ্জাতিক ক্ৰিকেট আৰু ২০১২ চনত ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা অৱসৰ ঘোষণা কৰে । ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে গাংগুলীক ২০০৪ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটাৰে বিভূষিত কৰা হৈছিল ।
লগতে পঢ়ক : চিকিৎসকে কৈছিল 'তুমি অভিনেতা হ’ব নোৱাৰা', আজি সেই হৃত্বিক ৰোশনেই লৈছে নতুন ৰূপ !

