ৰজনীকান্তৰ ৭৫ সংখ্যক জন্মদিন : ব্যৱসায়িক বিজ্ঞাপন নাকচ কৰা একমাত্ৰ ভাৰতীয় ছুপাৰষ্টাৰ
৭৫ বছৰ সম্পূৰ্ণ কৰা ছুপাৰষ্টাৰগৰাকীয়ে কিয় তেওঁৰ ৫০ বছৰীয়া কেৰিয়াৰত কেতিয়াও কোনো ব্ৰেণ্ডক সমৰ্থন কৰা নাছিল জানেনে ?

By ETV Bharat Entertainment Team
Published : December 12, 2025 at 12:39 PM IST
হায়দৰাবাদ : আজি ৰজনীকান্তে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে । চিনেমা জগতত ৫০ বছৰ সম্পূৰ্ণ কৰা ৰজনীকান্ত আনতকৈ বহু দিশত পৃথক । তেওঁৰ এটা বিশেষ কথা হ’ল- ব্যৱসায়িক বিজ্ঞাপনত কেতিয়াও অভিনয় নকৰাৰ সিদ্ধান্ত ।
য’ত প্ৰায় প্ৰতিগৰাকী ডাঙৰ অভিনেতাই জোতাৰ পৰা গাড়ীলৈকে কিবা নহয় কিবা এটা সমৰ্থন কৰে, ৰজনীকান্ত কিন্তু বিজ্ঞাপন নকৰাৰ সিদ্ধান্তৰে দৃঢ় হৈ থাকে । পঞ্চাশ বছৰ ধৰি তেওঁ প্ৰতিটো বিজ্ঞাপনৰ প্ৰস্তাৱ নাকচ কৰি আহিছে, কোটি টকাৰ অফাৰ হ’লেও তেওঁ আনকি দুনাই ভাবি চোৱা নাই । ইয়াৰ আঁৰৰ কাৰণটো হ’ল- তেওঁৰ অনুৰাগীসকলে তেওঁক সম্পূৰ্ণৰূপে বিশ্বাস কৰে বুলি তেওঁ ভাৱে । গতিকে যদি কোনো সামগ্ৰী বেয়া হয়, তেন্তে ইয়াৰ বাবে তেওঁ নিজকে দায়ী যেন অনুভৱ কৰিব । তাতকৈ সকলো প্ৰস্তাৱ নাকচ কৰাই শ্ৰেয় বুলি তেওঁ আজিলৈকে বিজ্ঞাপন কৰা নাই ।
ৰজনীকান্তে আনকি তেওঁৰ ফটো ব্যৱহাৰ কৰিবলৈ কৰা অনুৰোধো নাকচ কৰিছিল । কিন্তু জনসেৱাৰ কথা আহিলে তেওঁ কেতিয়াও দ্বিধাবোধ কৰা নাছিল । তামিলনাডু চৰকাৰৰ পলিঅ’ সজাগতা অভিযানত তেওঁ বিনামূলীয়াকৈ অভিনয় কৰিছিল । এই অভিযান ইমানেই জনপ্ৰিয় হৈ পৰিল যে বহু গাঁৱৰ মানুহে টোপালবোৰক "ৰাজিনী পলিঅ'" বুলি ক'বলৈ ধৰিলে । কোনো পইচা নোলোৱাকৈয়ে তেওঁ চকু দান অভিযানো কৰিলে । তেওঁৰ থিৰ আছিল যে যদি মানুহৰ কল্যাণৰ বাবে হয়, তেন্তে তেওঁ কেতিয়াও আঁতৰি নাযায় ।
তেওঁৰ প্ৰকৃত নাম শিৱাজী ৰাও গাইকোৱাড় । ১৯৫০ চনৰ ১২ ডিচেম্বৰত বেংগালুৰুত জন্মগ্ৰহণ কৰা ৰজনীকান্তে বাছ কণ্ডাক্টৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তাৰ পৰাই কঠোৰ পৰিশ্ৰম আৰু আৱেগেৰে ভাৰতীয় চিনেমাৰ অন্যতম ডাঙৰ আইকন হিচাপে নিজকে প্ৰতিষ্ঠা কৰে । বহু উচ্চতাৰ শিখৰত উপনীত হোৱাৰ পিছতো তেওঁ কেতিয়াও নিজৰ শিপা পাহৰা নাছিল । তেওঁ সৰল, নম্ৰ আৰু গভীৰভাৱে আধ্যাত্মিক হৈ থাকিল সদায় । স্বামী বিবেকানন্দৰ "অনাসক্তি" বাৰ্তাত তেওঁ বিশ্বাস কৰে আৰু সকলোকে মৰ্যাদা নিৰ্বিশেষে উষ্মতাৰে সম্ভাষণ জনায় । তেওঁৰ উপাৰ্জনৰ আধাখিনি দান-বৰঙণিলৈ যায় ।
ৰজনীকান্তে বিভিন্ন ভাষাৰ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে । এন.টি.ৰামা ৰাও, ৰাজকুমাৰ, শিৱাজী গণেশন, অমিতাভ বচ্চন, চিৰঞ্জীৱী, কমল হাছান, মোহনলাল, মাম্মুট্টী, শ্ৰীদেৱী, জয়প্ৰদা, ঐশ্বৰ্য ৰায় আদিৰ দৰে বহুতো কিংবদন্তিৰ সৈতে কাম কৰিছে তেওঁ ।
তেওঁৰ ট্ৰেডমাৰ্ক শৈলী: ছানগ্লাছ ওলোটাই দিয়া, চিগাৰেট টছ কৰা, তীক্ষ্ণ ডাইলগ ডেলিভাৰী আদিয়ে ইতিহাসৰ সৃষ্টি কৰিছিল । অৱশ্যে পৰ্দাৰ বাহিৰত তেওঁৰ সৰলতাই মানুহক তেওঁক আৰু বেছি ভাল পাবলৈ বাধ্য কৰাইছিল ।
ৰজনীকান্তে এবাৰ ৰাজনীতিত সোমাবলৈ চেষ্টা কৰিছিল যদিও স্বাস্থ্যজনিত কাৰণত আঁতৰি আহে । অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰি তেওঁ কামৰ হেঁচাতকৈ শান্তি বাছি লৈছিল । তেওঁৰ এটা দীৰ্ঘদিনীয়া সপোন যে অৱসৰ গ্ৰহণ কৰি বাকী থকা সময়খিনি তেওঁ হিমালয়ত কটাব ।
লগতে পঢ়ক : ব্যক্তিত্বৰ অধিকাৰ সন্দৰ্ভত ছলমান খানৰ আবেদন: আদালতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈ জাৰি কৰিলে জাননী

