ETV Bharat / entertainment

কেইবাখনো ছবিৰ মুক্তিৰ দিন বাতিল: 'ৰৈ ৰৈ বিনালে' হ'ব চলিত বৰ্ষৰ শেষৰখন ছবি

'ৰৈ ৰৈ বিনালে'ৰ পাছত চলিত বর্ষত আৰু মুক্তিলাভ নকৰে কোনো অসমীয়া ছবি । পিছুৱাই দিয়া হৈছে নৱেম্বৰ আৰু ডিচেম্বৰত মুক্তিলাভ কৰিবলগীয়া ছবিৰ মুক্তিৰ দিন ।

Zubeen Garg Film Roi Roi Binale
ৰৈ ৰৈ বিনালে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 8:31 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: শুকুৰবাৰে মুক্তিলাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে' । ছবিখনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিগৰাকী অসমীয়াই । পোন প্ৰথমবাৰৰ বাবে পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব ছবিৰ দৰ্শনী । ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তথা ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত মুক্তিলাভ কৰিবলগীয়া ছবিৰ মুক্তিৰ দিন ।

'ৰৈ ৰৈ বিনালে'ৰ পাছত চলিত বর্ষত আৰু মুক্তিলাভ নকৰে কোনো অসমীয়া ছবি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগে অন্যান্য ক্ষেত্ৰতসমূহৰ সমান্তৰালকৈ প্ৰভাৱ পেলাইছে সাংস্কৃতিক জগতত । প্ৰাণৰ শিল্পীগৰাকী মৃত্যুৰ পাছত মুক্তি লাভ কৰা নাই এখনো অসমীয়া ছবি । অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ছেপ্টেম্বৰ মাহত মুক্ত লাভ কৰিবলগীয়া ছবি 'হোমৱৰ্ক' আৰু অক্টোবৰ মাহত মুক্তিলাভ কৰিবলগীয়া ছবি 'যৌৱনে আমনি কৰে ০২'ৰ মুক্তিৰ দিন । ইফালে নৱেম্বৰ মাহত মুক্তিলাভ কৰাৰ কথা আছিল দুখনকৈ প্ৰত্যাশিত ছবি 'অগ্নিবান' আৰু 'ককাদেউতা নাতি আৰু হাতী ০২' । কিন্তু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তথা ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হৈছে এই দুখন ছবিৰ মুক্তিৰ তাৰিখো ।

Zubeen Garg Film Roi Roi Binale
অগ্নিবান (ETV Bharat Assam)

এই সন্দৰ্ভত 'অগ্নিবান' ছবিৰ পৰিচালক মৃণ্ময় শইকীয়াৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, "বৰ্তমান খুব এটা ভাল সময় নহয় । জুবিন গাৰ্গৰ আকস্মিক মৃত্যু খবৰ এতিয়াও আমি কোনেও সহজভাৱে ল'ব পৰা নাই । এনে পৰিস্থিতিত ছবিখন মুক্তি দিয়াৰ সিদ্ধান্তটো আমি বাতিল কৰিছো । জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প তথা তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । এতিয়া আগন্তুক বর্ষত ছবিখন দর্শকে চাবলৈ পাব ।"

Zubeen Garg Film Roi Roi Binale
ককা দেউতা নাতি আৰু হাতী ০২ (ETV Bharat Assam)

এই সন্দৰ্ভত চলচ্চিত্ৰ বিতৰক সংস্থা UFOৰ পূব মণ্ডলৰ মূৰব্বী সৌৰভ দত্তই কয়, "ছেপ্টেম্বৰ পৰা ডিচেম্বৰলৈ মুক্তিলাভ কৰিবলগীয়া বহুকেইখন ছবিয়ে আছিল । প্ৰায় ৪-৫খন মান ভাল ভাল ছবি মুক্তিৰ বাবে সাজু হৈ আছিল, কিন্তু এই ছবিখনৰ বাবে বিশেষকৈ এতিয়া মুক্তিৰ দিন পিছুৱাৰ চিন্তা কৰিবলগীয়া হৈছে । চলিত বৰ্ষৰ আৰু অসমীয়া ছবিৰ মুক্তিৰ সম্ভাৱনা এতিয়ালৈকে দেখা নাই । আনহাতে আগন্তুক বর্ষৰ জানুৱাৰী মাহত হয়তো 'বীৰাংগনা সাধনী', আৰু 'ককাদেউতা নাতি আৰু হাতী ০২' মুক্তি পাব পাৰে, কিন্তু এই গোটেইখিনি কথা নিৰ্ভৰ কৰিব 'ৰৈ ৰৈ বিনালে' ছবিখন কিমান দিন চলি থাকিব সেইটোৰ ওপৰত ।"

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলত ৯১খন, সমগ্ৰ দেশত ৮৫খন স্ক্ৰীনত শুকুৰবাৰৰ পৰা 'ৰৈ ৰৈ বিনালে'

ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...

উৎকণ্ঠা বাঢ়িছে অসমীয়াৰ, ৰূপালী পৰ্দাত সজীৱ ৰূপত আহিব হিয়াৰ আমঠু জুবিন