কানাইৰ বাঁহীৰ পঞ্চম সুৰত বিলীন হ'ব মাজুলীবাসী, আৰম্ভ হ'ল ৰাস মহোৎসৱ
উখল-মাখল মাজুলী । আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ।

Published : November 4, 2025 at 3:19 PM IST
মাজুলী: আজিৰে পৰা মাজুলীত আৰম্ভ হ'ল শাৰদীয় ৰাস মহোৎসৱ । ১২ সত্ৰ তথা অৰ্ধশতাধিক ৰংগমঞ্চৰ পৰা আজি নিশাৰে পৰা ভাঁহি আহিব শ্ৰীকৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ । শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত হ'ব বান-বাৰিষাই কোঙা কৰা মাজুলী । প্ৰায়কেইখন সত্ৰতে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাসোৎসৱ । লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা আখৰাৰ অন্তত দেশী-বিদেশী পৰ্যটকৰ সন্মুখত ভিন্ন কলা-কুশলীয়ে প্ৰদৰ্শিত কৰিব শ্ৰীকৃষ্ণৰ ৰাসলীলা ।
পিছে জুবিন গাৰ্গবিহীন মাজুলীত এতিয়া নাই পূৰ্বৰ উচাহ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মান সকলো ৷ জুবিন গাৰ্গে মাজুলীক যথেষ্ট ভাল পাইছিল যাৰ বাবে এইবাৰৰ মাজুলীৰ আটাইকেখন ৰাসেই জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব । ইফালে ৰাস মহোৎসৱক লৈ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে সত্ৰ নগৰী মাজুলীলৈ ।
জিলাখনৰ আনকেইখন সত্ৰৰ সমান্তৰালকৈ উত্তৰ কমলাবাৰী সত্ৰতো তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ । প্ৰথম দিনাই পুৱাৰভাগত ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

এই সন্দৰ্ভত সত্ৰখনৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয়,"আমি তিনিদিনীয়াকৈ উদযাপনৰ কাৰ্যসূচী ৰাখিছোঁ । আজি আমি এক বিশেষ কাৰ্যসূচী ৰাখিছোঁ । জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ ৷"

সোমবাৰে সামৰণি পৰিল ৰাসৰ আখৰা:
মিলিত কৃষ্টি সংঘ, বলিচাপৰিৰ উদ্যোগত ৪,৫, আৰু ৬ তাৰিখে প্ৰদৰ্শন কৰা হ'ব শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা । এইবাৰ মিলিত কৃষ্টি সংঘ, বলিচাপৰিৰ অন্যতম মুখ্য আকৰ্ষণ দৈৱকীৰ চৰিত্ৰত অসমৰ জনপ্ৰিয় অভনেত্ৰী শ্যামন্তিকা শৰ্মাৰ লগতে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট আৰু ৰাজীৱ দুৱৰীয়ে ৰামধনৰ চৰিত্ৰত অভিনয় কৰিব । উদযাপন সমিতিয়ে সমূহ ৰাস দৰ্শনাৰ্থীক সাদৰেৰে নিমন্ত্ৰণ জনাইছে ।

