প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ প্ৰেম, মনত পৰিছে ফোন নম্বৰ দিয়াৰ সেই গ্ৰীষ্ম সময়ছোৱা
নিক জোনাছ আৰু তেওঁৰ ভাতৃদ্বয় জো’ আৰু কেভিনে তেওঁলোকৰ নতুন একক গান ‘লিছেন হোৱেন ছেড’ মুকলি কৰাৰ সময়তে প্ৰিয়ংকা চোপ্ৰা উভতি গৈছে অতীতৰ দিনলৈ ৷

By ETV Bharat Entertainment Team
Published : September 3, 2026 at 10:45 AM IST
|Updated : September 3, 2026 at 5:52 PM IST
হায়দৰাবাদ : গ্লোবেল তাৰকা প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টো দেখি অনুমান কৰিব পৰা গৈছে যে, অভিনেত্ৰীগৰাকী কিছু নষ্টালজিক হৈ পৰিছে ৷ নিক জোনাছৰ সৈতে তেওঁৰ প্ৰেম কাহিনী এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে ৷ তেওঁলোক দুয়োৰে প্ৰেমৰ যাত্ৰাৰ বহু পুৰণি ফটো সামৰি এই ভিডিঅ’টো বনাইছে অভিনেত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ মনত পেলাইছে, 2017 চনৰ সেই গ্ৰীষ্মৰ সময়ছোৱা, যেতিয়া তেওঁ নিক জোনাছক নিজৰ মোবাইল নম্বৰটো দিছিল ৷
প্ৰিয়ংকা চোপ্ৰাই নিকৰ সৈতে তেওঁ কটোৱা সুখী মুহূৰ্তসমূহ একেলগ কৰি এই ভিডিঅ’টো বনাইছে, য’ত তেওঁলোকৰ একদম আৰম্ভণিৰ দিনৰ পৰা দেশ-বিদেশ ভ্ৰমণৰ লগতে পৰিয়ালৰ সৈতে মধুৰ সময়ো অন্তৰ্ভুক্ত হৈ আছে ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে শিৰোনামত লিখিছে, "অ’ হয়! মনত আছে, গ্ৰীষ্মকাল, মই তোমাক দিছিলো, মোৰ নম্বৰ...প্ৰায়: ২০১৭ চনৰ গ্ৰীষ্মকাল, শব্দ অন, নতুন গান এতিয়া ওলাইছে | #লিছেনহোৱেনছেড @jonasbrothers"
জোনাছ ব্রাদাৰ্ছৰ নতুন একক গান ‘লিছেন হোৱেন ছেড’ ২৮ আগষ্টত মুক্তি লাভ কৰে ৷ সেই গানটোৰ কথা উল্লেখ কৰিয়েই প্ৰিয়ংকাই এই প’ষ্টটো শ্বেয়াৰ কৰিছে ৷
প্ৰিয়ংকা-নিকৰ প্ৰেম কাহিনীৰ দৰেই এই গানটোৱে নষ্টালজিকভাৱে যুৱ প্ৰেমৰ স্মৃতি কঢ়িয়াই আনিছে ৷ গানটোত গ্ৰীষ্মকালতে এগৰাকী ছোৱালীয়ে কাৰোবাক নিজৰ ফোন নম্বৰ দিয়াৰ কথাও উল্লেখ আছে ।
প্ৰিয়ংকাৰ ভিডিঅ’ সংকলনত গোৱাত পাৰিবাৰিক ছুটীৰ এখন ফটোও সন্নিবিষ্ট কৰা হৈছে, য’ত তেওঁৰ সম্বন্ধীয় ভগ্নী আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰা, ভাতৃ সিদ্ধাৰ্থ চোপ্ৰাকে ধৰি পৰিয়ালৰ আন আন সদস্যসকলে একেলগে পোজ দিয়া দেখিবলৈ পোৱা গৈছে । পৰিণীতিয়ে কমেণ্ট শাখাত ভ্ৰমণৰ কথা মনত পেলাই লিখিছে, “সেই গোৱা ভ্ৰমণটোৱেই আছিল-দ্য ওৱান”।
প্ৰিয়ংকা আৰু নিকৰ প্ৰেম কাহিনীৰ কথা ক’বলৈ গ’লে, ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ভেনিটী ফেয়াৰ অস্কাৰৰ আফটাৰ পাৰ্টীত তেওঁলোক প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল ৷ কিন্তু জানিব পৰা মতে, নিকে ইতিমধ্যে কেইমাহমান আগতেই প্ৰথম পদক্ষেপ লৈছিল ।
২০১৬ চনৰ ৮ ছেপ্টেম্বৰত তেওঁ প্ৰিয়ংকাক তেতিয়াক টুইটাৰ এতিয়াৰ এক্সত পোনপটীয়া বাৰ্তা পঠিয়াইছিল, “মই দুই এজন উমৈহতীয়া বন্ধুৰ পৰা শুনিছো যে আমি লগ পোৱা উচিত ।” প্ৰিয়ংকাই উত্তৰ দিলে যে, নিকে তেওঁক ব্যক্তিগতভাৱে বাৰ্তা প্ৰেৰণ কৰা উচিত, কিয়নো তেওঁৰ দলটোৱে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত চম্ভালে ৷ সেই তেতিয়াই প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছক তেওঁৰ নম্বৰ দিছিল।
পিছত দুয়ো তাৰকাই এজনে আনজনক নিউয়ৰ্কত লগ কৰে ৷ তাৰ পিছত ৰালফ লৰেনে ২০১৭ চনৰ মেট গালাত তেওঁলোক দুয়োকে একেলগে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ।
অৱশেষত ২০১৮ চনত তেওঁলোকে নিজৰ সম্পৰ্কক ভৱিষ্যতৰ বাবে আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয় । নিকে প্ৰিয়ংকাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু ২০১৮ চনৰ ডিচেম্বৰ মাহত যোধপুৰত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত দুয়ো বিবাহপাশত আবদ্ধ হয় । বৰ্তমান তেওঁলোকৰ মালতী মেৰী জোনাছ নামেৰে এগৰাকী কন্যা সন্তান আছে ৷
লগতে পঢ়ক : পত্নী প্ৰিয়ংকা নহয়, বলীউডৰ ‘গুপুত খবৰে’হে ভুলাই ৰাখিছে নিক জোনাছক ! জানক আচল কথাটো কি ?

