ETV Bharat / entertainment

মঞ্চত অনুৰাগীৰ ছেলফিৰ আমেজ নে বিড়ম্বনা ? প্ৰিয়ংকা ভৰালীৰ খঙক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

ভাইৰেল হৈ আছে এটা ভিডিঅ’, য’ত দেখিবলৈ পোৱা গৈছে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে মঞ্চৰ পৰা গতিয়াই দিছে এগৰাকী অনুৰাগীক ৷ সামাজিক মাধ্যমত চলিছে আলোচনা ৷

Priyanka bharali bihu event Controversy: Fan Incident and Public Reaction singer reacts to criticism
প্ৰিয়ংকা ভৰালীৰ খঙক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক (Photo : Priyanka Bharali Instagram)
author img

By ETV Bharat Entertainment Team

Published : May 5, 2026 at 2:31 PM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এখন ফটোৰ বাবেই অনুৰাগীক ডিঙিত ধৰি গতিয়াই দিলে নেকি গায়িকাই ? ফটো তুলিবলৈ এগৰাকী অনুৰাগী মঞ্চলৈ উঠি যাওঁতেই খং উঠিল নেকি কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ ? এনেকুৱা কি হৈছিল যে, ডিঙিত ধৰি দিলে গতিয়াই ! কমিটীৰ মানুহো উঠি আহিল মঞ্চলৈ ৷ ঘটনাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ভিডিঅ’টো ৷ এতিয়া এই ঘটনাক লৈ বহুতে প্ৰকাশ কৰিছে মনৰ কথা ৷

প্ৰিয়ংকা ভৰালীৰ হকে মাত দিয়াৰ লগতে অসংখ্যই অৱশ্যে কণ্ঠশিল্পীগৰাকীৰ ব্যৱহাৰক সমালোচনা কৰিছে ৷ দৰাচলতে মঞ্চলৈ এগৰাকী অনুৰাগী হঠাতে আগবাঢ়ি আহি প্ৰিয়ংকাৰ অতি ওচৰত ছেলফি ল’বলৈ চেষ্টা কৰিছিল । অনুৰাগীজনৰ এনে অনাকাংক্ষিত আৰু হঠাত্‍ কৰা ব্যৱহাৰত কণ্ঠশিল্পীগৰাকী আচৰিত হৈ পৰে ।

এই ঘটনাক লৈ একাংশই প্ৰশ্ন কৰিছে— "তেওঁনো কিয় তেনেকৈ মঞ্চলৈ উঠি কণ্ঠশিল্পীগৰাকীৰ ইমান ওচৰলৈ গৈছিল ?" ঘটনাটোৰ পাছত প্ৰিয়ংকাই অতি খঙাল প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । তেওঁৰ এই তীব্ৰ খঙক লৈ নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কিছুমান মন্তব্যকাৰীয়ে অনুভৱ কৰিছে যে প্ৰিয়ংকাই বেছিকৈ খং কৰিলে । এজন অনুৰাগীৰ তেনে আচৰণৰ বাবে ইমান চৰম ক্ৰোধৰ প্ৰয়োজন নাছিল । এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে— "যদিহে কোনো ধৰণৰ বেয়া স্পৰ্শ বা হাৰাশাস্তি কৰা নাছিল, তেন্তে এজন অনুৰাগীৰ ওপৰত ইমান খং কৰাটো উচিত হোৱা নাই । যদি মই ভুল কৈছোঁ, তেন্তে মোক শুধৰাই দিব ।"

পৰিস্থিতিটো আৰু ভালদৰে চম্ভালিব পৰা গ’লহেঁতেন

বহুসংখ্যক নেটিজেনে মত পোষণ কৰিছে যে প্ৰিয়ংকাই ইমান খং নকৰি অধিক শান্তিপূৰ্ণভাৱে পৰিস্থিতিটো চম্ভালিব পাৰিলেহেঁতেন । তেওঁলোকৰ মতে, কণ্ঠশিল্পীগৰাকীৰ প্ৰতিক্ৰিয়াটো এৰাই চলিব পৰা বিধৰ আছিল । এজনে মন্তব্য কৰিছে— "তেওঁ পৰিস্থিতিটো আৰু ভালদৰে চম্ভালিব পাৰিলেহেঁতেন, কিন্তু সেই অনুৰাগীজনেই বা কিয় তেনেকৈ মঞ্চলৈ তেওঁৰ ওচৰলৈ উঠি গৈছিল ?" মন্তব্যকাৰীসকলে বিহু কমিটী তথা অনুষ্ঠানটোৰ নিৰাপত্তাৰক্ষীৰ বিফলতাৰ কথাও উল্লেখ কৰিছে । তেওঁলোকে কয় যে, অনুৰাগীজনক মঞ্চলৈ উঠি যোৱাত বাধা দিবলৈ সঠিক নিৰাপত্তাৰ ব্যৱস্থা নাছিল । মানুহে এফালে কণ্ঠশিল্পীগৰাকীৰ খং আৰু আনফালে বিহু কমিটীৰ নিৰাপত্তাৰ দুৰ্বলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

চৰ্চাৰ মাজত সহানুভূতি

কিছুসংখ্যক নেটিজেনে প্ৰিয়ংকাৰ এই তীব্ৰ প্ৰতিক্ৰিয়াৰ আঁৰত থকা মানসিক চাপৰ কথা উল্লেখ কৰিছে । তেওঁলোকৰ মতে, নিৰন্তৰ ৰাইজৰ মাজত আৰু চৰ্চাত থকাৰ ফলত তাৰকা এগৰাকীয়ে যি ভাগৰ আৰু মানসিক চাপ অনুভৱ কৰে, তাৰে ই এক বহিঃপ্ৰকাশ হ’ব পাৰে । এজন ব্যৱহাৰকাৰীয়ে নিজৰ অভিজ্ঞতাৰ পৰা কৈছে— "অত্যাধিক জনপ্ৰিয়তাই লাহে লাহে এজন ব্যক্তিক মানসিকভাৱে ভাগৰুৱা কৰি তোলে ।" ছ’চিয়েল মিডিয়াত বহুতে অৱশ্যে ব্যংগ কৰি যুৱকজনৰ এনে কাৰ্যক সমালোচনাও কৰিছে ।

প্ৰতিক্ৰিয়াক লৈ তৰ্ক

ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল এই বিষয়ত দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশৰ মতে, যদিহে কোনো ধৰণৰ হাৰাশাস্তি বা বেয়া স্পৰ্শৰ দৰে ঘটনা ঘটা নাছিল, তেন্তে প্ৰিয়ংকাই ইমান বেছি খং কৰাৰ প্ৰয়োজন নাছিল । আন একাংশই প্ৰিয়ংকাৰ মানসিক অৱস্থাক বুজিবলৈ চেষ্টা কৰিছে । তেওঁলোকৰ মতে, জনপ্ৰিয়তাৰ ফলত সৃষ্টি হোৱা নিৰন্তৰ চাপ আৰু ভাগৰে মানুহক অসহনশীল কৰি তুলিব পাৰে । সমালোচকসকলৰ মতে, মঞ্চলৈ কোনো অচিনাকি ব্যক্তি উঠি অহাটো ৰোধ কৰিব নোৱাৰাটো নিৰাপত্তাৰ এক ডাঙৰ ত্ৰুটি ।

ঘটনাটো ঘটি যোৱাৰ পিছত যুৱকজনক মাৰ-পিট কৰা কাৰ্যটোকো বহুতে সমালোচনা কৰি কৈছে যে— "সঠিক নিৰাপত্তা দিয়াৰ সলনি পাছত ল’ৰাজনক মাৰ-পিট কৰাটোহে তেওঁলোকৰ বাবে সহজ হ’ল ।"

এই সমগ্ৰ ঘটনাৰ পাছত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে এতিয়া নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ৷ তেওঁ লিখিছে, "আজি মই এক বিশেষ কথা লিখিবলৈ বাধ্য হৈছোঁ । যিটো বিষয়ৰ বিষয়ে আকৌ পাতিবলৈ মন নাছিল, কিন্তু আজি স্পষ্টীকৰণ দিবলৈ বাধ্য হ’লোঁ । অতি দুখেৰে জনাব লাগিছে যে, যেতিয়ালৈকে সম্পূৰ্ণ কথাখিনি গম পোৱা নাযাই, তেতিয়ালৈকে কিছুমান মানুহে আধৰুৱা ম’বাইল ভিডিঅ’ বা কথাৰে ভুল বুজাই আৰু দেখুৱাই থাকে । যোৱা ৩ মে’ তাৰিখে চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীত অনুষ্ঠানৰ বাবে গৈছিলোঁ । আৰম্ভণিৰ সময়খিনি খুবেই ভাল আছিল । কিন্তু যিমানে সময় আগুৱাই যাব ধৰিলে, সিমানেই পৰিৱেশ বেয়া হ’বলৈ ধৰিলে । এখন মঞ্চ বনোৱা হৈছিল অনুষ্ঠান পৰিৱেশন কৰিবলৈ, কিন্তু তাত পৰিৱেশন কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ একেবাৰে নাছিল ।"

তেওঁ আৰু লিখে, "মঞ্চত পৰিৱেশন কৰি থাকোঁতে বাৰে বাৰে যাৰ যেতিয়া মন গৈছে মঞ্চত উঠি নাচি-বাগি, ছেলফি লৈ অনুষ্ঠানত অসুবিধা সৃষ্টি কৰিছিল । আমি বাৰে বাৰে অনুৰোধ কৰিলেও কোনোৱে কথাৰ গুৰুত্ব নিদিলে । বাদ্যযন্ত্ৰীৰো বহুবাৰ অসুবিধা হোৱাৰ বাবে বাদ্যযন্ত্ৰৰ সংযোগৰ তাৰ ছিঙি বন্ধ হৈ গৈছিল, কিন্তু তথাপিও কোনোৱে অনুৰোধ মানিবলৈ আগ্ৰহ নেদেখুৱালে । কৰ্মকৰ্তা সকলে বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে গুৰুত্ব নিদিলে । তাৰ পিছত কিছুমান মানুহে মঞ্চৰ আগ-পিছ দুয়োফালৰ পৰা জপিয়াই আহি ভিডিঅ’ কৰিছিল বা ফটো লৈছিল আৰু ফটো লোৱাৰ নামত গাত হাত দি অপমান কৰিছিল । কিছুমান মদ্যপান কৰা ব্যক্তিয়ে ফটো তুলিবলৈ আহি বেয়াকৈ হাত দি মোক অপমান কৰে । তাৰ পিছত এখন কাজিয়াৰ সৃষ্টি হয়, যেতিয়া আমি মানুহ আঁতৰাবলৈ বাধ্য হৈছিলোঁ ।"

আগলৈ তেওঁ লিখে, "তাৰ পিছতো গীত পৰিৱেশন কৰাৰ সময়ত আকৌ কিছুমান মানুহে কথা নামানি মঞ্চত উঠি অসুবিধা সৃষ্টি কৰে । এইবাৰ জুবিন দা বিহীন মঞ্চত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি সকলোৱে তেওঁৰ গীতেৰে তেওঁক স্মৰণ কৰিছোঁ । মঞ্চসমূহত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিশেষ এখন ঠাই ৰখা হৈছে । কিন্তু সেই ঠাইৰ কাষত তেনেদৰে আচৰণ কৰা দেখি খুব দুখ লাগে । মন ডাঠ কৰি কৰ্ম কৰিবলৈ যাওঁ, ভয় লাগে, দুখ লাগে । তাৰ পিছত যেতিয়া এনে হয়, খুব দুখ লাগে । তেতিয়া ভাবো—কিয় গাই আছোঁ ? এজনী নাৰী, ছোৱালী হৈ যেতিয়া গীত গাবলৈ যাওঁ, তেতিয়া মোৰ নিৰাপত্তা ক’ত ?"

লগতে পঢ়ক : পৌৰাণিক আখ্যানৰ পৰা সামাজিক ব্যংগলৈ: দৰঙী খুলীয়া ভাউৰীয়াৰ এক আলোকপাত