ETV Bharat / entertainment

এতিয়াই যদি জুবিনক ন্যায় দিব নোৱাৰোঁ, তেনেহ’লে নিৰ্বাচনৰ পিছত একো নাথাকিব: পাৰ্থ গোস্বামী

জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায়িক যুঁজখন বিষয় হিচাপে লৈ জ‍্যোতি চিত্ৰবনত সংবাদমেল । প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সন্দৰ্ভত বিশেষ আদালতৰ দাবী ।

Press conference in Jyoti Chitrabon on the legal battle of the Zubeen Garg murder case
চলচিত্ৰ সমাজ অসম, গুৱাহাটী চিনে মিউজিচিয়ানচ এচ’ছিয়েশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাবে সম্বোধন কৰে এই সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 10:01 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক যুঁজখনৰ সন্দৰ্ভত সংবাদমেল । মহানগৰীৰ জ্যোতি চিত্ৰবনত চলচিত্ৰ সমাজ অসম, গুৱাহাটী চিনে মিউজিচিয়ানচ এচ’ছিয়েশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাবে সম্বোধন কৰে এই সংবাদমেল ।

প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়িক যুঁজখনৰ সন্দৰ্ভত সংগীত পৰিচালক জয়ন্ত কাকতিয়ে কয়, "জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এখন বিশেষ আদালতৰ ব্যৱস্থা আমি বিচাৰিছোঁ । মুখ্যমন্ত্ৰীয়ে যোৱা ১ জানুৱাৰী তাৰিখে ঘোষণা কৰিছিল । সেইটোৰ ভিত্তিতে আমি এখন বিশেষ আদালত বিচাৰিছোঁ যাতে প্ৰতিদিনে শুনানি হয় । আমাক এটা শক্তিশালী টীম লাগে যাতে ন্যায় ব্যৱস্থাটো ভালদৰে হয় । অভিযুক্ত কেইগৰাকীয়ে যিহেতু নিজৰ নিজৰ অধিবক্তাৰ লৈছে । ন্যায়িক যুঁজখন যুঁজিবলৈ হ'লে আমাক এটা শক্তিশালী টীম লাগিব ।"

জ‍্যোতি চিত্ৰবনত সংবাদমেল (ETV Bharat Assam)

ইফালে পৰিচালক মানস বৰুৱাই কয়, "মুখ্যমন্ত্ৰীলৈ অনুৰোধ যাতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এটা ভাল ন্যায়িক যুঁজ দিব পৰা টীম দিয়ক । মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শক্তিশালী টীমটোৱে অতি সোনকালে যাতে কাম আৰম্ভ কৰিব পাৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ ।"

জুবিন গাৰ্গৰ অন্যতম সহযোগী পাৰ্থ গোস্বামীয়ে এই সন্দৰ্ভত কয়, "আমাৰ বহুত দেৰি হৈছে ইতিমধ্যে । জুবিন গাৰ্গৰ ন্যায়ৰ টীমটো ইমান দিনলৈ কিয় সাজু কৰিব পৰা নাই ? অভিযুক্তই ইতিমধ্যে সাজু কৰিছে নিজৰ টীম । আমাক special court ৰ ব্যৱস্থা কৰি দিব লাগে । জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ বেংগলৰ পৰা অধিবক্তা আহিছে । যি বেংগলক জুবিনে ভাল পাইছিল । বাহিৰা মানুহে হত্যাকাৰীক বচাবলৈ আহোঁতে আমি কিয় মনে মনে আছোঁ ?"

গোস্বামীয়ে লগতে কয়, "হত্যাকাৰীৰ টীম সাজু, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আহিছে । কিন্তু আমাৰ জুবিনৰ বাবে কিয় এতিয়ালৈকে ন্যায়িক টীম বনোৱা নাই ? এতিয়া সকলো ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দল একগোট হওক । মাত মাতক, কিয় আকৌ আপোনালোকে পিছ হুঁহুকি দিছে । নিৰ্বাচনৰ পিছত কিন্তু এইটো গোচৰ একো নাথাকিব । এতিয়াই যদি জুবিনক ন্যায় দিব নোৱাৰোঁ তেনেহলে নিৰ্বাচনৰ পিছত একো নাথাকিব ।"

ইফালে পৰিচালক ৰাজেশ ভূঞাই সমগ্র প্ৰসংগৰ সন্দৰ্ভত কয়, "ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে । কিন্তু ন্যায়পালিকাৰ ন্যায়ত আমি ইচ ইচ আছ আছ কৰিলে নহ'ব । এই সময় বহুত কঠিন । মুখ্যমন্ত্ৰীয়ে কৈছিল হত্যাকাণ্ড বুলি । ১৯ ছেপ্টেম্বৰৰ কেইটা বজাত মৃত্যু হৈছিল কোনোবাই জানে নেকি ? আমি ইমান অন্ধকাৰত সোমাই আছো । তথাপি ন্যায় পাম বুলি বিশ্বাস আছে । যদি ন্যায় ব্যৱস্থাটো দুৰ্বল হৈ আছে তেনেহ’লে সেয়া সবল কৰিব লাগিব । দোষীয়ে শাস্তি পাব লাগিব । ন্যায় নোপোৱালৈকে Justice For Zubeen চলি থাকিব ।"

লগতে পঢ়ক: অখিল গগৈৰ অভিযোগৰ নয়া পইচাৰো দাম নাই: দিলীপ শইকীয়া

জুবিন গাৰ্গৰ তিনিটা চৰিত্ৰক মাপকাঠি হিচাপে লৈ মূৰ্তি নিৰ্মাণ এজন চিত্ৰ তথা ভাস্কৰ্য শিল্পীৰ